ETV Bharat / entertainment

ড্ৰাগছৰ ভয়াৱহতাক লৈ আমিও চিন্তিত, আলফা (স্বা)ও চিন্তিত: কিশোৰ তহবিলদাৰ - New Assamese Film

author img

By ETV Bharat Assamese Team

Published : May 23, 2024, 7:56 PM IST

Upcoming Assamese Movie Pratisruti: শুকুৰবাৰে ছবিগৃহলৈ আহি আছে নতুন অসমীয়া ছবি 'প্ৰতিশ্ৰুতি' । ছবিখনৰ পৰিচালনা কিশোৰ তাহবিলদাৰৰ আৰু প্ৰযোজনা ৰাতুল বৰুৱাৰ । ছবিখনৰ প্ৰসংগত পৰিচালক তহবিলদাৰৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰ ।

ETV Bharat Exclusive Interview
কিশোৰ তহবিলদাৰৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ (ETV Bharat Assam)

গুৱাহাটী,২৩ মে': ২৪ মে'ত ছবিগৃহলৈ আহিব এখন বহু প্ৰত্যাশিত ছবি 'প্ৰতিশ্ৰুতি' । ড্ৰাগছৰ প্ৰভাৱৰ ফলত সমাজত পৰা কু-প্ৰভাৱৰ কিছু কাহিনীক লৈ নিৰ্মাণ কৰা হৈছে ছবিখন । 'A Madhur Cine Art' ৰ বেনাৰত নিৰ্মাণ কৰা এই নতুন অসমীয়া ছবিখন পৰিচালনা কৰিছে কিশোৰ তাহবিলদাৰে আৰু প্ৰযোজনা কৰিছে ৰাতুল বৰুৱাই । ৰাতুল বৰুৱাৰ কাহিনীৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা ছবিখনৰ চিত্ৰনাট্য তথা সংলাপৰ দায়িত্বত আছে কিশোৰ তাহবিলদাৰৰ লগতে ৰাতুল বৰুৱা ।

কিশোৰ তহবিলদাৰৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ (ETV Bharat Assam)

ছবিখনৰ সন্দৰ্ভত কিছু কথা ব্যক্ত কৰিলে পৰিচালক তহবিলদাৰে । তেওঁ কয়, "বৰ্তমান সময়ত সমগ্ৰ সমাজ ব্যৱস্থাপনাটো ড্ৰাগছে ফোঁপোলা কৰিছে । চৰকাৰে এইক্ষেত্ৰত বহু ব্যৱস্থা হাতত লৈছে । এখন ড্ৰাগছমুক্ত অসম গঢ়াৰ বাবে আমিও ছবিৰ মাধ্যমেৰে এক সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস কৰিছো । ছবিখনৰ দৃশগ্ৰহন যোৰহাট, মাজুলী, চানডুবিৰ লগতে কিছু অৰুণাচলতো কৰা হৈছে ।"

'প্ৰতিশ্ৰুতি' উপভোগ কৰিবলৈ আলফা স্বাধীনে দিয়া প্ৰেছ বিবৃতি সন্দৰ্ভতো মন্তব্য আগবঢ়াই তহবিলদাৰে । তেওঁ কয়,"মোক এই কথাটো আমাৰ প্ৰযোজকে প্ৰথমে ফোনযোগে জনাইছিল । সেইদিনা প্ৰথমে আমি আচৰিত হৈছিলো । কাৰণ আলফা স্বাধীনে পূৰ্বে এনেধৰণৰ প্ৰচাৰ বা ছবি উপভোগ কৰিবলৈ আহ্বান জনোৱা দেখা নাছিলো । হয়তো তেওঁলোকে ছবিখনৰ প্ৰচাৰ দেখি কিছু কাহিনীৰ সন্দৰ্ভত আভাস পাইছে । আমি যিদৰে ড্ৰাগছৰ ভয়াবহতাক লৈ চিন্তিত তেওঁলোকো নিশ্চয় এই বিষয়ক লৈ চিন্তিত । আমি তেওঁলোকক ধন্যবাদ জনাইছো ।"

ইফালে 'কৃষ্ণচূড়া ডট কম'ৰ সফলতাৰ পাছত নৱপ্ৰজন্মৰ পৰিচালক প্ৰণৱ ভৰালীৰ পৰিচালনাৰে আহিবলগীয়া তেওঁৰ দ্বিতীয়খন ৱেব চিৰিজ 'চুপা-চুপি'ত অভিনয় কৰিছে কিশোৰ তাহবিলদাৰে । এই সন্দৰ্ভত তহবিলদাৰে কয়,"আচলতে মই প্ৰথমে এগৰাকী অভিনেতাহে আছিলো। অভিনেতাৰ পৰা গৈ নাটক লিখিবলৈ ললো । পৰৱৰ্তী সময়ত মই পৰিচালনাও কৰিবলৈ ল'লো । মই যে এগৰাকী অভিনেতা আছিলো পাহৰিয়ে গৈছিলোঁ । প্ৰণৱে মোক ক'লে অভিনয় কৰাৰ কথা । 'চুপা-চুপি'ত অভিনয় কৰি ভাল লাগিল । অসমৰ গ্রাম্যজীৱনৰ পটভূমিত নিৰ্মাণ কৰা হৈছে নতুন ৱেব চিৰিজখন ।"

উল্লেখযোগ্য যে , ২৪ মে'ত ৰাজ্যৰ লগতে বহিঃৰাজ্যতো মুক্তি লাভ কৰিব ছবিখনে । ছবিখনক লৈ আশাবাদী এতিয়া পৰিচালক তথা কলা-কুশলীসকল । সমূহ ৰাইজক ছবিখন উপভোগ কৰি গঠনমূলক সমালোচনাৰে উপকৃত কৰাৰ লগতে আন দহজনকো ছবিখন উপভোগ কৰাত উদগনি দিবলৈ আহ্বান জনালে পৰিচালক কিশোৰ তহবিলদাৰে ।

লগতে পঢ়ক: প্ৰেছ বিবৃতিযোগে অসমীয়া ছবি "প্ৰতিশ্ৰুতি" উপভোগ কৰিবলৈ আহ্বান আলফা(স্বা) ৰ - Pratishruti

বলীউডৰ জনপ্ৰিয় গায়ক শ্বানৰ কণ্ঠত প্ৰাণ পাব সুন্দৰপুৰ কেঅ'ছ'ই - New Assamese Film Sundarpur Chaos

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.