ETV Bharat / politics

খিলঞ্জীয়া মানুহে ভোট নিদিলে সোণোৱালক: লুৰীণজ্যোতি গগৈ - Lurinjyoti Gogoi slams BJP

AJP president Lurinjyoti Gogoi: পঞ্চায়ত নিৰ্বাচন একেলগে খেলাৰ পোষকতা বিৰোধীৰ । বিজেপিয়ে কিয় চিহ্নবিহীন নিৰ্বাচন বিচাৰিছে ? ডিব্ৰুগড়ত কেনেকৈ জিকিল সৰ্বানন্দ সোণোৱাল ? উপ-নিৰ্বাচনত কেনেদৰে যুঁজ দিব বিৰোধীয়ে ? সংবাদমেলত ব্যাখ্যা আগবঢ়ালে লুৰীণজ্যোতি গগৈয়ে ৷

Lurinjyoti Gogoi slams BJP
AJP president Lurinjyoti Gogoi (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jun 20, 2024, 11:00 PM IST

গুৱাহাটী, ২০ জুন: পঞ্চায়ত নিৰ্বাচনৰ পৰা সৰ্বানন্দ সোণোৱালৰ জয়লৈ- পুনৰ সৰৱ হৈছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ । লোকসভা নিৰ্বাচনত পৰাজয়ৰ পিচত এইবাৰ লুৰীণজ্যোতি গগৈ সাজু হৈছে পঞ্চায়ত আৰু ২০২৬ ৰ বিধানসভা নিৰ্বাচনলৈ ৷

লুৰীণজ্যোতি গগৈৰ সংবাদমেল (ETV Bharat Assam)

“এইবাৰ আগন্তুক পঞ্চায়ত নিৰ্বাচন বিৰোধীয়ে একেলগে খেলাৰ পোষকতা কৰোঁ আমি ৷ বিৰোধীয়ে সুকীয়াকৈ খেলিলে শাসক পক্ষ লাভবান হ’ব । এইক্ষেত্ৰত হ’ব পৰা সমস্যাসমূহ আমি আলোচনা কৰি নিষ্পত্তি কৰিব লাগিব ৷” সাংবাদিকৰ সন্মুখত এই মন্তব্য অসম জাতীয় পৰিষদৰ নেতা লুৰীণজ্যোতি গগৈৰ ।

লুৰীণজ্যোতি গগৈয়ে লগতে মন্তব্য কৰে যে জাতীয় ৰাজনৈতিক দল সমূহ একেখন মঞ্চত একত্ৰিত কৰাৰ চিন্তা চৰ্চা কৰা হৈছে ৷ তেওঁ কয়, ‘‘বহু দল আমাৰ সৈতে চামিল হোৱাৰ কথা চলি আছে ৷’’

লগতে পঢ়ক: ভাৰতৰ শক্তিশালী বিৰোধী দলেই হৈছে তৃণমূল কংগ্ৰেছ : ৰিপুণ বৰা - Ripun Bora on Assam BJP

“আমি বিৰোধী ঐক্য ২০২৬ লৈ ঐক্যবদ্ধ হৈ থাকিম ৷ ঐক্যবদ্ধ হৈ আগবাঢ়িলেহে লক্ষ্যত উপনীত হ'ব পাৰিম” বুলি উল্লেখ কৰি অসমৰ ৫ টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন প্ৰসংগতো লুৰীণে কয় ‘‘উপ-নিৰ্বাচনো আমি একেলগে খেলাটো বিচাৰো ৷’’

এইবাৰ হ’বলগীয়া উপ-নিৰ্বাচনত বিহালী সমষ্টিৰ পৰা বিৰোধীৰ প্ৰাৰ্থী কোন হ’ব ? তাৰো উমান দিলে লুৰীণজ্যোতি গগৈয়ে ৷ অজাপৰ সভাপতিগৰাকীয়ে জনায় যে বিহালীৰ উপ-নিৰ্বাচনৰ বাবে ভূপেন বৰাৰ কথা চৰ্চা হৈ আছে, চি পি আই এম এলৰ বিবেক দাসৰ নামো চৰ্চা হৈছে ৷

লগতে পঢ়ক: বিজেপিৰ মানুহেই এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ প্ৰাইভেট কোম্পানীটোক সমৰ্থন নকৰে : অখিল গগৈ - Akhil Gogoi

আনহাতে বিৰোধীৰ তিনি গগৈ বুলি লোকসভা নিৰ্বাচনত চলা প্ৰচাৰ প্ৰসংগতো আকৌ এবাৰ স্থিতি স্পষ্ট কৰি লুৰীণজ্যোতি গগৈয়ে কয়, “গগৈকেন্দ্ৰিক ৰাজনীতিত মই বিশ্বাস নকৰো, কোনো গগৈ বুলি কথা নাই ৷ আমি সকলো একেলগে আগুৱাই যাব লাগিব ৷ একাংশই এটা নেৰেটিভ সৃষ্টি কৰিব বিচাৰিছিল, 3G/4G এয়া এক ষড়যন্ত্ৰ ৷”

লোকসভা নিৰ্বাচনত ডিব্ৰুগড়ত নিজৰ পৰাজয় প্ৰসংগত লুৰীণজ্যোতিয়ে ব্যাখ্যা আগবঢ়ালে এইদৰে, “ডিব্ৰুগড়ত বিজেপিৰ ধনবলৰ প্ৰয়োগে আমাক পৰাজিত কৰিলে ৷ খিলঞ্জীয়া মানুহে সৰ্বানন্দ সোণোৱালক ভোট নিদিলে ৷ তথাকথিত ভোট বেংকে জিকালে সোণোৱালক ৷ ৰামেশ্বৰ তেলীক সলনি কৰাৰ লগে লগেই বিজেপিৰ নৈতিক পৰাজয় হ’ল ডিব্ৰুগড়ত ৷ পঞ্চায়ত নিৰ্বাচনক লৈ ভয় খাইছে বিজেপিয়ে সেয়ে চিহ্নবিহীন নিৰ্বাচন বিচাৰিছে ৷”

লগতে পঢ়ক: একনায়কত্ববাদী শাসন সদায় চলি নাথাকে : অজিত কুমাৰ ভূঞা - Opposition unity forum Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.