ETV Bharat / entertainment

বলীউডৰ জনপ্ৰিয় গায়ক শ্বানৰ কণ্ঠত প্ৰাণ পাব সুন্দৰপুৰ কেঅ'ছ'ই - new assamese film sundarpur chaos

author img

By ETV Bharat Assamese Team

Published : May 22, 2024, 9:18 AM IST

Updated : May 23, 2024, 9:22 AM IST

new assamese film sundarpur chaos: মুক্তি পাইছে ইখনৰ পিচত সিখনকৈ অসমীয়া বোলছবি ৷ চলিত বছৰতে মুক্তি পাবলগীয়া এখন ছবিত কণ্ঠদান কৰিছে বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী শ্বানে ৷

new assamese film sundarpur chaos
এখন নতুন অসমীয়া ছবি (etv bharat assam)

গুৱাহাটী, 22 মে’ : ক্ৰমাৎ যেন ঠন ধৰি উঠিছে অসমীয়া বোলছবি উদ্যোগটো ৷ পৰিচালক-প্ৰযোজকে নতুন নতুন কাহিনীৰে দৰ্শকক আমোদ দিয়াৰ মানসেৰে লৈ আহিছে বহু নতুন নতুন প্ৰজেক্ট ৷ মুক্তি পাইছে বহুকেইখন অসমীয়া চিনেমা ৷

Jhulan Krishna Mahanta new assamese film sundarpur chaos to be released on 29th  November
এখন নতুন অসমীয়া ছবি (etv bharat assam)

পূৰ্বতে য’ত নেকি বছৰটোত এখন অসমীয়া ছবি মুক্তি দিয়াক লৈ ভাবিবলগীয়া হৈছিল, এতিয়া প্ৰায় গোটেই বছৰজুৰি চিনেমাই মুক্তি লাভ কৰে বুলি ক’লেও ভুল কোৱা নহ’ব ৷ চলিতে বছৰটোতে মুক্তি লাভ কৰে কেইবাখনো অসমীয়া চিনেমাই ৷ লগতে মুক্তিৰ পথত আছে আন বহুকেইখন চিনেমা ৷

Jhulan Krishna Mahanta new assamese film sundarpur chaos to be released on 29th  November
বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী শ্বানে কৰিছে কণ্ঠদান (etv bharat assam)

প্ৰাপ্ত খবৰ অনুসৰি, চলিত বছৰতে ছেপ্টেম্বৰ মাহত মুক্তি পাবলগীয়া এখন ছবিৰ গীতত কণ্ঠদান কৰিছে বলীউডৰ জনপ্ৰিয় গায়ক শ্বানে ৷ ছবিখনৰ নাম সুন্দৰপুৰ কেঅ'ছ ৷ আৰ চি প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ কৰা এই ছবিখনৰ পৰিচালনা ঝুলন কৃষ্ণ মহন্তৰ ।

Jhulan Krishna Mahanta new assamese film sundarpur chaos to be released on 29th  November
কলা-কুশলী (etv bharat assam)

২৯ নৱেম্বৰত ৰাজ্যৰ প্ৰতিটো ছবিগৃহতে মুক্তি লাভ কৰিবলগীয়া এই নতুন অসমীয়া ছবিখনৰ শ্বুটিং ইতিমধ্যে সমাপ্ত হৈছে । এটি হৃদয়স্পৰ্শী বিষয়বস্তুৰে নিৰ্মিত এই ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে নেশ্যনেল স্কুল অৱ ড্ৰামা দিল্লীৰ স্নাতক তথা সু-নৃত্যশিল্পী পাৰ্থপ্ৰতীম হাজৰিকাই । ছবিখনৰ কাহিনী আৰু সম্পাদনা পৰিচালনা ঝুলন কৃষ্ণ মহন্তৰ ।

Jhulan Krishna Mahanta new assamese film sundarpur chaos to be released on 29th  November
এখন নতুন অসমীয়া ছবি (etv bharat assam)

আনহাতে, ছবিখনৰ চিত্ৰগ্ৰহণ কৰিছে কুমাৰ দাসে ৷ ছবিখনৰ সংগীত পৰিচালনা সৌৰভ মহন্তৰ, ডি আই ধনজিত দাসৰ আৰু শব্দ সংমিশ্ৰণ ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক যান্ত্ৰী দেৱজিত গায়নৰ । ছবিখনৰ এটি গীত লিখিছে বিশিষ্ট গীতিকাৰ তথা লেখিকা মঞ্জুলা হাজৰিকাই । ছবিখনত আন এটি গীত লিখাৰ উপৰিও কন্ঠদান কৰিছে জনপ্ৰিয় গায়িকা গায়ত্ৰী হাজৰিকাই ।

উল্লেখ্য যে, ঝুলন কৃষ্ণ মহন্তই পৰিচালনা কৰা প্ৰথমখন ছবি "নদী মাথোঁ বয়" বহুকেইখন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন হোৱাৰ লগতে বঁটা লাভ কৰিবলৈ সক্ষম হৈছে । মহন্তৰ প্ৰথমখন ছবিৰ দৰে এই ছবিখনকো দৰ্শকে আদৰি ল’ব বুলি আশাবাদী পৰিচালক তথা ছবিখনৰ কলা-কুশলীসকল ।

লগতে পঢ়ক : ছাচপেন্স-থ্ৰিলাৰ-একশ্যন সহিতে শ্বাহৰুদ্ধ কৰিব ৰুদ্ৰই - NEW ASSAMESE FILM RUDRA

Last Updated : May 23, 2024, 9:22 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.