ETV Bharat / entertainment

প্ৰেছ বিবৃতিযোগে অসমীয়া ছবি "প্ৰতিশ্ৰুতি" উপভোগ কৰিবলৈ আহ্বান আলফা(স্বা) ৰ - Pratishruti

author img

By ETV Bharat Assamese Team

Published : May 8, 2024, 2:56 PM IST

the-ulfa-i-has-urged-people-to-watch-the-upcoming-assamese-movie-pratishruti
প্ৰেছ বিবৃতিযোগে অসমীয়া ছবি "প্ৰতিশ্ৰুতি" উপভোগ কৰিবলৈ আহ্বান আলফা স্বাধীনৰ (SOURCE: PRASTUTI PORASOR FB ACCOUNT)

UPCOMING ASSAMESE MOVIE PRATISHRUTI: আগন্তুক ২৪ মে'ত ছবিগৃহলৈ আহি আছে নতুন অসমীয়া ছবি "প্ৰতিশ্ৰুতি"। ইফালে এক প্ৰেছ বিবৃতিযোগে প্ৰতিশ্ৰুতি উপভোগ কৰিবলৈ আহ্বান আলফা(স্বা) ৰ ।

গুৱাহাটী, 8 মে’: ড্ৰাগছমুক্ত অসম গঢ়াৰ পৰিকল্পনাৰে আহি আছে "প্ৰতিশ্ৰুতি" ৷ ২৪ মে'ত মুক্তি পাবলগীয়া এই নতুন ছবিখন উপভোগ কৰিবলৈ অসমবাসীক আহ্বান আলফা(স্বা) ৰ ৷ বুধবাৰে এক প্ৰেছ বিবৃতিযোগে এই আহ্বান জনাইছে আলফা(স্বা)-এ ৷ ড্ৰাগছৰ প্ৰভাৱৰ ফলত সমাজত পৰা কু-প্ৰভাৱৰ সন্দৰ্ভত মন্তব্য কৰাৰ লগতে ছবিখন সমাজৰ প্ৰতিগৰাকী অভিভাৱক, সচেতন ব্যক্তিৰ লগতে যুৱ প্ৰজন্মক উপভোগ কৰাবলৈ আহ্বান জনায় ৷

The ULFA(I) has urged people to watch the Upcoming Assamese movie
প্ৰেছ বিবৃতিযোগে অসমীয়া ছবি "প্ৰতিশ্ৰুতি" উপভোগ কৰিবলৈ আহ্বান আলফা স্বাধীনৰ (SOURCE: PRASTUTI PORASOR FB ACCOUNT)

লগতে ছবিখন মুক্তিৰ দিনৰ পৰা অন্ততঃ তিনি-চাৰি সপ্তাহলৈ অসমৰ প্ৰতিটো ছবিগৃহত "প্ৰতিশ্ৰুতি" ছবিখনৰ প্ৰদৰ্শন বাহাল ৰখাৰ ব্যৱস্থা কৰিবলৈ আৰু "প্ৰতিশ্ৰুতি" প্ৰদৰ্শনৰ সময়সূচীত অন্য হিন্দী ছবিৰ প্ৰদৰ্শন স্থগিত ৰাখিবলৈ ছবিগৃহৰ স্বত্বাধিকাৰীসকলক আহ্বান জনায় আলফা(স্বা)-এ ৷

উল্লেখ্য যে, ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিব জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে ৷ অভিনেত্ৰীগৰাকীয়ে ছবিখনত এগৰাকী আৰক্ষী বিষয়াৰ চৰিত্ৰত অভিনয় কৰিব ৷ উল্লেখযোগ্য যে, "A Madhur Cine Art" ৰ বেনাৰত নিৰ্মাণ কৰা এই ছবিখনৰ পৰিচালনা কিশোৰ তহবিলদাৰৰ আৰু কাহিনী-প্ৰযোজনা ৰাতুল বৰুৱাৰ ৷

The ULFA(I) has urged people to watch the Upcoming Assamese movie
প্ৰেছ বিবৃতিযোগে অসমীয়া ছবি "প্ৰতিশ্ৰুতি" উপভোগ কৰিবলৈ আহ্বান আলফা স্বাধীনৰ (SOURCE: PRASTUTI PORASOR FB ACCOUNT)

ছবিখনৰ চিত্ৰনাট্য তথা সংলাপৰ দায়িত্বত আছে কিশোৰ তহবিলদাৰ আৰু ৰাতুল বৰুৱা ৷ সহকাৰী পৰিচালনা সমৰ জ্যোতিৰ ৷ দৃশ্যগ্ৰহণ সূৰুয ডেকা আৰু সুমন দুৱাৰৰ ৷ আনহাতে চিত্ৰগ্ৰহণ কৰিছে হিমানীল কাশ্যপ আৰু ৰাজ দত্তই ৷

The ULFA(I) has urged people to watch the Upcoming Assamese movie
প্ৰেছ বিবৃতিযোগে অসমীয়া ছবি "প্ৰতিশ্ৰুতি" উপভোগ কৰিবলৈ আহ্বান আলফা স্বাধীনৰ (SOURCE: PRASTUTI PORASOR FB ACCOUNT)

আনহাতে, ছবিখনত অভিনয় কৰিছে সিদ্ধার্থ কাশ্যপ, প্রস্তুতি পৰাশৰ, প্লাবিতা বৰঠাকুৰ, বিভূতি ভূষণ হাজৰিকা, চিন্ময় চক্ৰৱৰ্তী, গীতাৱলী ৰাজকুমাৰী আদিকে ধৰি বহু কেইগৰাকী জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে ৷ ছবিখনত কণ্ঠদান কৰিছে জুবিন গাৰ্গৰ উপৰিও ৰূপম ভূঞা, ত্রিনয়ন বৰুৱা আৰু স্কটলেণ্ডৰ Oriana Setz য়ে ৷ ২৪ মে'ত ৰাজ্যৰ কেইবাটাও ছবিগৃহত মুক্তি লাভ কৰিব ছবিখনে ৷

লগতে পঢ়ক: গোলাঘাট পাপনৰ যাদু! পাপনৰ অনুষ্ঠানেৰে সামৰণি পৰিল গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.