বাংলাদেশৰ সাংসদক হত্যা কৰিবলৈ ৫ কোটি দিছিল বন্ধুৱে: পশ্চিমবংগৰ চি আই ডি - MP Anwarul Azim Anar case
Bangladesh MP Murder Case : পশ্চিমবংগ আৰক্ষীৰ তথ্য অনুসৰি, বাংলাদেশৰ সাংসদ আনোৱাৰুল আজিম আনাৰৰ হত্যাৰ বাবে চুপাৰি দিয়া বন্ধুজন আমেৰিকাৰ নাগৰিক । অন্তিমবাৰৰ বাবে আনাৰক দেখা পোৱা নিউ টাউনৰ বিলাসী অট্টালিকাটেৰ পৰা সম্ভাৱ্য প্ৰমাণ বিচাৰি আৰক্ষীয়ে পৰীক্ষা কৰি আছে । উল্লেখ্য যে চিকিৎসাৰ বাবে কলকাতাত উপস্থিত হোৱা আনাৰ যোৱা ১৩ মে’ত সন্ধানহীন হৈছিল ।

Published : May 23, 2024 at 7:41 PM IST
নিউজ ডেস্ক, ২৩ মে' : বাংলাদেশৰ সাংসদ আনোৱাৰুল আজিম আনাৰৰ হত্যাকাণ্ডৰ প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পাইছে যে তেওঁৰ এজন বন্ধুৱে চুবুৰীয়া দেশখনৰ সংসদ সদস্যজনক হত্যা কৰিবলৈ প্ৰায় ৫ কোটি টকা দিছিল । বৃহস্পতিবাৰে এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই এই বিষয়ে জনায় । উল্লেখ্য, ১৩ মে’ত কলকাতাৰ পৰা নিৰুদ্দেশ হোৱা আনাৰক হত্যা কৰা হয় আৰু তেওঁৰ মৃতদেহ উদ্ধাৰ হোৱাৰ লগতে তিনিজন লোকক গ্ৰেপ্তাৰ কৰা বুলি বাংলাদেশৰ গৃহমন্ত্ৰী আছাদুজ্জামান খানে বুধবাৰে প্ৰকাশ কৰে ।
আনহাতে, পশ্চিমবংগ আৰক্ষীয়ে এই গোচৰৰ তদন্ত ৰাজ্যৰ চি আই ডিয়ে গ্ৰহণ কৰা বুলি উল্লেখ কৰিছে । লগতে এয়া এক সুপৰিকল্পিত হত্যাকাণ্ড বুলিও প্ৰকাশ কৰিছে । ইয়াৰ উপৰি প্ৰায় ৫ কোটি টকা সাংসদজনৰ এজন পুৰণি বন্ধুৱে তেওঁক হত্যা কৰিবলৈ দিছিল বুলি বিষয়াগৰাকীয়ে পিটিআইক জনায় । আৱামি লীগৰ সাংসদগৰাকীৰ বন্ধুজন আমেৰিকাৰ নাগৰিক আৰু কলকাতাত তেওঁ ফ্লেট থকা বুলিও কয় ।
বুধবাৰে চি আই ডিৰ আই জি অখিলেশ চতুৰ্বেদীয়ে কৈছিল যে আনাৰক হত্যা কৰা হ’ব পাৰে বুলি আৰক্ষীৰ হাতত নিৰ্ভৰযোগ্য তথ্য আছে যদিও তেওঁৰ মৃতদেহ এতিয়াও উদ্ধাৰ হোৱা নাই । আনহাতে, কলকাতাৰ উপকণ্ঠ অঞ্চল নিউ টাউনৰ বিলাসী কনডোমিনিয়ামৰ এপাৰ্টমেণ্টটোত আৰক্ষীয়ে তেজৰ দাগ পাইছিল নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত চতুৰ্বেদীয়ে কয়, "আমাৰ ফৰেনছিক দলে সন্দেহযুক্ত অপৰাধস্থলী পৰীক্ষা কৰি আছে । সেই বিষয়ে এতিয়াই কোৱাটো খৰধৰ কৰা হ'ব ।"
উল্লেখ্য যে ১২ মে’ত চিকিৎসাৰ বাবে কলকাতাত উপস্থিত হোৱাৰ ছয় দিন পিচত ১৮ মে’ত উত্তৰ কলকাতাৰ বৰানগৰৰ বাসিন্দা তথা বাংলাদেশী ৰাজনীতিবিদগৰাকীৰ চিনাকি ব্যক্তি গোপাল বিশ্বাসে স্থানীয় আৰক্ষীক এজাহাৰ দাখিল কৰাৰ পিচতে নিৰুদ্দেশ হোৱা সাংসদগৰাকীৰ সন্ধান আৰম্ভ কৰে ।
বাংলাদেশৰ পৰা অহাৰ পিছত বাংলাদেশৰ সাংসদগৰাকী বিশ্বাসৰ ঘৰতে আছিল । এজাহাৰত বিশ্বাসে উল্লেখ কৰে যে ১৩ মে’ৰ বিয়লি আনাৰে নিজৰ বাৰানগৰৰ বাসগৃহৰ পৰা চিকিৎসকৰ এপইণ্টমেণ্টৰ বাবে ওলাই যায় । লগতে তেওঁ নিশাৰ আহাৰ গ্ৰহণ কৰিবলৈ ঘৰলৈ উভতি আহিব বুলিও উল্লেখ কৰে । বিশ্বাসে দাবী কৰে যে বাংলাদেশৰ সাংসদগৰাকী ১৭ মে’ৰ পৰা যোগাযোগহীন হৈ পৰিছিল, যাৰ বাবে তেওঁ এদিন পিচত নিৰুদ্দেশৰ অভিযোগ দাখিল কৰে ।

