ETV Bharat / entertainment

ছলমান খানৰ বাসগৃহলৈ চাৰি জাঁই গুলী - Fired Outside Salman Khan house

author img

By ETV Bharat Assamese Team

Published : Apr 14, 2024, 10:52 AM IST

Shots Fired Outside Salman Khan's Mumbai Residence, Police Launch Investigation
ছলমান খানৰ বাসগৃহলৈ চাৰি জাইঁ গুলী

Shots Fired Outside Salman Khan house : বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানৰ মুম্বাইস্থিত বাসগৃহ হাউছ গ্যালাক্সী এপাৰ্টমেণ্টৰ বাহিৰত দুই আততায়ীয়ে চাৰি জাঁইকৈ গুলীচালনা কৰে ৷ অভিনেতাজনে যোৱা ভালেকেইবছৰ ধৰি আণ্ডাৰৱৰ্ল্ডৰ পৰা ভাবুকি লাভ কৰি আহিছে ।

চিটাৰা ডেস্ক, 14 এপ্ৰিল : দেওবাৰে পুৱা ভাইজান খ্যাত অভিনেতা ছলমান খানৰ বাসগৃহৰ বাহিৰত গুলীচালনাৰ ঘটনা সংঘটিত হয় । খবৰ অনুসৰি, আজি (দেওবাৰ) পুৱা প্ৰায় 5.30বজাত দুই অচিনাক্ত ব্যক্তিয়ে অভিনেতাগৰাকীৰ মুম্বাইস্থিত গ্যালাক্সী এপাৰ্টমেণ্টৰ বাহিৰত গুলীচালনা কৰে ।

কৰ্তৃপক্ষই নিশ্চিত কৰা অনুসৰি মটৰচাইকেলত অহা দুজন অচিনাক্ত লোকে বলীউড অভিনেতাগৰাকী বান্দ্ৰাৰ ঘৰৰ বাহিৰত গুলীচালনা কৰিছিল । স্থানীয় লোকসকলৰ মতে, হেলমেট পিন্ধা লোক দুজন তীব্ৰ গতিত মটৰচাইকেলেৰে উপস্থিত হৈছিল আৰু নিৰ্জন, অন্ধকাৰৰ সুযোগ লৈ পথৰ পৰাই গ্যালাক্সী এপাৰ্টমেণ্টলৈ লক্ষ্য কৰি কমেও চাৰি ৰাউণ্ড গুলী চলায় ।

এই তথ্য লাভ কৰাৰ পিচত মুম্বাই আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হয় ৷ মুম্বাই আৰক্ষীৰ অপৰাধ শাখা ঘটনাথলীত উপস্থিত হৈ আৰু বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে ৷ প্ৰথম অৱস্থাত ছলমান খানৰ অৱস্থান অজ্ঞাত আছিল ৷ এই সপ্তাহত ঈদৰ বন্ধৰ বাবে তেওঁ ক’ত আছিল, সেই বিষয়ে কোনো গম পোৱা নাছিল ৷

বান্দ্ৰা আৰক্ষীৰ এটা দলে সম্প্ৰতি ঘটনাটোৰ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে ৷ সম্প্ৰতি অঞ্চলটোত নিৰাপত্তা বৃদ্ধি কৰা হৈছে । আৰক্ষীয়ে শ্বুটাৰকেইটাক চিনাক্ত কৰিবলৈ, লগতে তেওঁলোকৰ লক্ষ্য আৰু অনুপ্ৰেৰণা নিৰ্ধাৰণ কৰিবলৈ অঞ্চলটোৰ চিচিটিভি ফুটেজ বিচাৰি আছে ।

অৱশ্যে, ছলমান খানে মৃত্যুৰ ভাবুকি পোৱা এয়া প্ৰথম ঘটনা নহয় ৷ অভিনেতাগৰাকী আৰু তেওঁৰ পিতৃ চেলিম খানে যোৱা কেইবছৰমানত বহুবাৰ মৃত্যুৰ ভাবুকি পাইছে । লৰেন্স বিষ্ণোয়ে ছলমান খানক কৃষ্ণমৃগৰ চোৰাং চিকাৰৰ গোচৰত তেওঁৰ নাম প্ৰকাশ হোৱাৰ পিচৰে পৰা ভাবুকি দি আহিছে । লৰেন্সৰ মতে, চলমানৰ কাৰ্যই বিষ্ণোইসকলৰ অনুভূতিক আঘাত কৰিছে, তেওঁলোকে মৃগকৃষ্ণক বহুতো পবিত্ৰ বুলি বিবেচনা কৰে ।

লগতে পঢ়ক: ধন, ক্ষমতা আৰু যশৰ কাৰণে বলীউডত বহু লোকে বিবাহপাশত আৱদ্ধ হয়- নোৰা ফাতেহী - NORA FATEHI ON Bollywood

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.