ETV Bharat / entertainment

ধন, ক্ষমতা আৰু যশৰ কাৰণে বলীউডত বহু লোকে বিবাহপাশত আৱদ্ধ হয়- নোৰা ফাতেহী - NORA FATEHI ON Bollywood

author img

By ETV Bharat Assamese Team

Published : Apr 13, 2024, 5:18 PM IST

NORA FATEHI ON Bollywood : বলীউডৰ বিবাহ বুলি ক’লে সকলোৰে দৃষ্টি আকৰ্ষণ হোৱাটো স্বাভাৱিক ৷ এইবাৰ বলীউডৰ বিবাহৰ আঁৰৰ ক’লা অধ্যায় ফাদিল কৰিলে মোহময়ী অভিনেত্ৰী নোৰা ফাতেহীয়ে ৷ কিমান সত্য বলীউডৰ বিবাহ ?

NORA FATEHI ON Bollywood
ধন, ক্ষমতা আৰু যশৰ কাৰণে বলীউডত বহু লোকে বিবাহপাশত আৱদ্ধ হয়- নোৰা ফাতেহী

চিটাৰা ডেস্ক, 13 এপ্ৰিল : শেহতীয়াকৈ বলীউডৰ জনপ্ৰিয় তাৰকা নোৰা ফাতেহীয়ে এটা পডকাষ্টত বলীউডৰ কিছু ক’লা অধ্যায়ৰ বিষয়ে বিস্ফোৰক মন্তব্য প্ৰকাশ কৰে ৷ অভিনেত্ৰীগৰাকীয়ে চলচ্চিত্ৰ উদ্যোগৰ বিবাহৰ সন্দৰ্ভত কয় যে, এই উদ্যোগত মানুহে প্ৰেমৰ বাবে নহয়, কিন্তু ধন, ক্ষমতা আৰু যশৰ বাবেহে বিবাহপাশত আৱদ্ধ হয় ।

"মই মোৰ সন্মুখতেই এনে ঘটনা সংঘটিত হৈ থকা দেখি আহিছো ৷ এইসমূহ দেখি মই কৈছো যে, এই উদ্যোগটোত, মানুহে কেৱল নিজৰ "ফেম" আৰু "পাৱাৰ"ৰ বাবেহে বিবাহপাশত আৱদ্ধ হয় ৷ " সেইবাবে নোৰাই এতিয়ালৈ প্ৰেম তথা সম্পৰ্কত নহাৰ কথা ব্যক্ত কৰি এই মন্তব্য প্ৰকাশ কৰে ৷

"ধন আৰু যশৰ বাবেই বহুতো যুৱক-যুৱতীয়ে তেওঁলোকৰ ব্যক্তিগত জীৱন ধ্বংস কৰে ৷ তেওঁলোকে কাৰো লগত প্ৰেম নোহোৱাকৈয়ে বিবাহপাশত আৱদ্ধ হয় আৰু নিজৰ নাম,যশ আৰু ক্ষমতা লাভৰ বাবেই বছৰ বছৰ ধৰি এটা ফোপোলা সম্পৰ্ক অব্যাহত ৰাখে ৷ আমাৰ উদ্যোগৰ বেছিভাগ মানুহে এইবোৰ কাম কৰি আহিছে । তেওঁলোকে প্ৰাসংগিক হ'ব বিচাৰে,তেওঁলোকে নাজানে যে তেওঁলোকৰ কেৰিয়াৰ ক'লৈ যাব । সেয়েহে, তেওঁলোকক কিছু বেকআপ পৰিকল্পনাৰ প্ৰয়োজন, যেনে- প্লেন এ, প্লেন বি আৰু প্লেন চি ৷" অভিনেত্ৰীগৰাকীয়ে কয় ৷

নোৰাই লগতে উল্লেখ কৰে যে, এই সম্পৰ্কবোৰে ব্যক্তিগত সুখ আৰু মানসিক সুস্থতাৰ ওপৰত প্ৰভাৱ পেলায় ৷ কেৰিয়াৰৰ উচ্চাকাংক্ষাৰ বাবে নিজৰ জীৱন আৰু সুখ ত্যাগ নকৰিবলৈ আহ্বান জনায় অভিনেত্ৰীগৰাকীয়ে ৷ জীৱনত প্ৰকৃততে সুখী হৈ থাকিবলৈ আৰু অপ্ৰয়োজনীয় মানসিক চাপ পৰিহাৰ কৰিবলৈ কৰ্ম জীৱনক ব্যক্তিগত জীৱনৰ পৰা পৃথক কৰি ৰখাটো অত্যন্ত প্ৰয়োজনীয় বুলি ব্যক্ত কৰে নোৰাই ৷

লগতে পঢ়ক: কন্যাৰ সৈতে নৱবৰ্ষ উদযাপন কৰি মুম্বাইলৈ উভতিল ৰণবীৰ-আলিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.