ETV Bharat / politics

কাৰোবাৰ উচটনিত কথা কৈছে নেকি অশোক শৰ্মাই ? - Ashok Sarma Controversy

Ashok Sarma Controversy : ৰাজ্যিক বিজেপিৰ মুখপাত্ৰগৰাকীয়ে অশোক শৰ্মা আৰু ৰাজেন গোঁহাইলৈ পৰামৰ্শ প্ৰদান কৰি কয় যে তেওঁলোকে প্ৰথমে তেওঁলোকৰ অভিভাৱকত্বৰ পৰিচয়টো ঠিক কৰি লওক । তেওঁ কয়, "তেওঁলোক আমাৰ অভিভাৱক । তেওঁলোক আমাতকৈ বহু জ্যেষ্ঠ । তেওঁলোকক দেখি আমি শিকো ।"

Ashok Sarma Controversy
বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ শৰ্মাৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 23, 2024 at 7:56 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী, ২৩ মে' : ৰাজ্যিক বিজেপিত অব্যাহত আছে ন-পুৰণিৰ সংঘাত । বিশেষকৈ শেহতীয়াভাৱে বিজেপিৰ জ্যেষ্ঠ নেতা তথা নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা আৰু বৰ্তমানৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মাজৰ সংঘাতে ৰাজ্যিক বিজেপি নেতৃত্বক অস্বস্তিত পেলোৱা পৰিলক্ষিত হৈছে । শেহতীয়াভাৱে অশোক শৰ্মাই পুৰণি বিজেপিৰ নেতা-কৰ্মীসকলক একাংশ ন-বিজেপিয়ে এলাগী কৰিব বিচৰা বুলি সৰৱ হৈ পৰিছে ।

অশোক শৰ্মাৰ মন্তব্য সন্দৰ্ভত বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ শৰ্মাৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

ৰাজ্যৰ ৰাজনীতিত অশোক শৰ্মাৰ এই মন্তব্যৰ ওপৰত চৰ্চা চলি থকাৰ সময়তে এই বিষয়ত মন্তব্য প্ৰদান কৰিছে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ শৰ্মাই । বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেল সম্বোধন কৰি অশোক শৰ্মা আৰু আন এগৰাকী জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোঁহাই সন্দৰ্ভত তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।

সাংবাদিকৰ আগত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰগৰাকীয়ে অশোক শৰ্মা আৰু ৰাজেন গোঁহাইলৈ পৰামৰ্শ প্ৰদান কৰি কয় যে তেওঁলোকে প্ৰথমে তেওঁলোকৰ অভিভাৱকত্বৰ পৰিচয়টো ঠিক কৰি লওক ।

তেওঁ কয়, "তেওঁলোক আমাৰ অভিভাৱক । তেওঁলোক আমাতকৈ বহু জ্যেষ্ঠ । তেওঁলোকক দেখি আমি শিকো ।" আনহাতে, অশোক শৰ্মাক তলৱ কৰি ৰাজেন গোঁহাইক নৰম দৃষ্টিৰে চোৱা প্ৰসংগত মুখপাত্ৰগৰাকীয়ে কয় য়ে ৰাজেন গোঁহাই সন্দৰ্ভত ৰাজ্যিক নেতৃত্বই কেন্দ্ৰীয় নেতৃত্বক জনাইছে । ৰাজেন গোঁহাই যিহেতু কেন্দ্ৰীয় নেতা, গতিকে তেওঁৰ ওপৰত কেন্দ্ৰীয় নেতৃত্বই ব্যৱস্থা গ্ৰহণ কৰিব । কিন্তু অশোক শৰ্মাই যি মন্তব্য কৰিছে সেই মন্তব্য কৰাটো অনুচিত বুলিও ৰঞ্জীৱ শৰ্মাই উল্লেখ কৰে ।

আনহাতে, অশোক শৰ্মাই উল্লেখ কৰা ছিণ্ডিকেট সন্দৰ্ভত মন্তব্য কৰি ৰাজ্যিক বিজেপিৰ নেতাগৰাকীয়ে কয় যে বিজেপিত কোনো ছিণ্ডিকেট নাই, এয়া তেওঁৰ কল্পনা । কাৰোবাৰ উচটনিত এই কথা কৈছে অশোক শৰ্মাই । তেওঁ কয়, "অশোক শৰ্মাই আমাৰ ৰাজ্যিক নেতৃত্বৰ প্ৰশ্নৰ উত্তৰ দিছে । কিন্তু তেওঁ পুনৰ একেটা প্ৰসঙ্গকে টানি আছে । দলৰ শীৰ্ষ নেতৃত্ব বাহিৰত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত আছে । তাৰ পৰা ঘূৰি আহি দুয়োজনৰ লগত কথা পাতি সমস্যাটো সমাধান কৰিব ।"

আনহাতে, অশোক শৰ্মাৰ অসন্তুষ্টি ক'ত বুলিও তেওঁ প্ৰশ্ন কৰে । লগতে চৰকাৰী আঁচনিৰ পৰা বহু লোক বঞ্চিত হোৱা বুলি অশোক শৰ্মাই কৰা মন্তব্য সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ৰঞ্জীৱ শৰ্মাই কয়, "তেওঁৰ ঘৰলৈ গৈ আঁচনিৰ পৰা নাম কৰ্তন হোৱা বুলি কোৱা ১০ জন মানুহৰ নাম কওক । চহী নথকা এখন চিঠি বজাৰত উলিয়াই দিয়া হৈছে । সেয়া অশোক শৰ্মাৰ বুলি প্ৰচাৰ চলোৱা হৈছে । সেয়া উচিত কাম হোৱা নাই ।"

লগতে পঢ়ক :দলৰ হৈ কাম কৰাৰ ইচ্ছা নোহোৱা হৈছে অশোক শৰ্মাৰ - Ashok Sarma Controversy