দলৰ হৈ কাম কৰাৰ ইচ্ছা নোহোৱা হৈছে অশোক শৰ্মাৰ - Ashok Sarma Controversy
Ashok Sarma Controversy : কাৰণ দৰ্শোৱাৰ জাননী পোৱাৰ পিচত সংবাদ মাধ্যমৰ আগত বিস্ফোৰণ নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ । "বাৰে বাৰে অপমানিত হৈ তেওঁলোকৰেই ভৎসনা শুনি দলৰ কাম কৰি থাকিম, তেনেকুৱা ইচ্ছা নাই ।" অশোক শৰ্মাৰ মন্তব্য ।

Published : May 23, 2024 at 12:44 PM IST
নলবাৰী, ২৩ মে' : দলৰ ৰাজ্যিক কাৰ্যালয়লৈ কাৰণ দৰ্শোৱাৰ জাননীৰ উত্তৰ প্ৰেৰণৰ পিচত পুনৰ সৰৱ হৈছে বিজেপিৰ জ্যেষ্ঠ নেতা তথা নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা । উল্লেখ্যে যে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়লৈ তেওঁ শ্ব'কজৰ লিখিত উত্তৰ পঠিওৱাৰ পিচত বুধবাৰে একাংশ সংবাদ মাধ্যমত উক্ত পত্ৰখন সন্দৰ্ভত বাতৰি সম্প্ৰচাৰ হয় । তাৰ পিচত বৃহস্পতিবাৰে পুনৰবাৰ দলটোৰ একাংশ নেতাই অশোক শৰ্মাক কৰা দলীয় শোষণৰ বিৰুদ্ধে তেওঁ মন্তব্য কৰে ।
তেওঁ কয়, "বাৰে বাৰে অপমানিত হৈ দলৰ কাম কৰি থাকিম, তেনে হ'ব নোৱাৰে । মই ৰাজ্যিক বিজেপিৰ কাৰ্যালয়লৈ পত্ৰ প্ৰেৰণ কৰিছোঁ । সভাপতিয়ে কি কৰে, কি সিদ্ধান্ত লয় সেয়া তেখেতৰ কথা ।" উল্লেখযোগ্য যে পত্ৰখনত অশোক শৰ্মাই দৰং-ওদালগুৰি সমষ্টিৰ সাংসদ প্ৰাৰ্থী দিলীপ শইকীয়া আৰু নলবাৰীৰ বৰ্তমানৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ওপৰত বিভিন্ন অভিযোগ তুলি তেওঁলোকৰ ওপৰত দলে কিয় একো ব্যৱস্থা নল'লে তাক লৈও প্ৰশ্ন উত্থাপন কৰিছিল ।
"এসময়ত কষ্টৰে দল চলাইছিলোঁ । দলটোৰ কাৰ্যালয় বুলিবলৈ একোৱেই নাছিল । চহৰৰ মাজত তৰ্জা বেৰৰ চালি তুলি তাত এটা কাৰ্যালয় খুলি দল চলাইছিলোঁ । এতিয়া বিজেপি দল কৰিবলৈ কোনো কষ্ট কৰিব নালাগে । শীত-তাপ নিয়ন্ত্ৰিত কোঠা আছে, গাড়ী আছে, সুবিধা বহুতেই বেছি । সেইকাৰণে দলটোত সোমাবৰ বাবে হেতাওপৰা লাগি পৰিছে ।" নিজৰ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটাই নলবাৰীৰ প্ৰাক্তন বিধায়কগৰাকীয়ে কয় । তেওঁ লগতে কয়, "মই যেতিয়া বিধায়ক হৈছিলোঁ তেতিয়াই চহৰৰ মাজমজিয়াত আঢ়ৈ কঠা মাটি কিনিছিলোঁ আৰু আজি তাত জিলা বিজেপিৰ কাৰ্যালয় স্থাপন হৈছে ।"
আনহাতে, বিজেপিৰ উপ-সভাপতি জয়ন্ত দাসেও যিখিনি কথা পত্ৰযোগে উল্লেখ কৰিছিল তাক লৈ কৃতজ্ঞতা জনায় অশোক শৰ্মাই । এই সন্দৰ্ভত তেওঁ কয়, "জয়ন্ত দাসে কেৱল অশোক শৰ্মাৰ কথাকেই নহয়, দলটোত শোষিত হৈ থকা নেতাসকলৰ দুখবোৰ আৰু শোষণ কৰিব ওলোৱা নেতাসকলৰ কথাও ব্যক্ত কৰিছে । জয়ন্ত দাসে সেইখিনি কথা ক'ব পাৰে কাৰণ তেওঁ দলটোৰ উপ-সভাপতি । আমি হ'লো একো একোজন কৰ্মী । কৰ্মী হিচাপে মোৰ লগত যিখিনি ঘটিছে তাক মই প্ৰকাশ কৰিছোঁ ।"
ইফালে একাংশ নেতাই অশোক শৰ্মাই বিজেপি এৰি অন্য দলত যোগদান দিবৰ বাবে এনেকুৱা আচৰণ কৰি থকা বুলি উঠা অভিযোগ খণ্ডন কৰি তেওঁ কয়, "তোষামোদকাৰীসকলে কি নকয় মোৰ কথা । মই হেনো চাৰিটা তেল ডিপোৰ স্বত্বাধিকাৰী, মোৰ গুৱাহাটী-দিল্লীত মাটি আছে, ফ্লেট আছে । সেইবোৰো ভুৱা প্ৰচাৰ চলাই মোক ৰাইজৰ আগত হেয় প্ৰতিপন্ন কৰিব খোজে । মই সেই তোষামোদকাৰীসকলক সুধি একো নকৰো আৰু সিহঁতৰ এনে অপপ্ৰচাৰত কিবা মন্তব্য দিম বুলিও নাভাবোঁ ।"

