বকোত উলহ-মালহৰে ৰাভাসকলৰ বাইখ' পূজা উদযাপন - Baikho Utsav

By ETV Bharat Assamese Team

Published : May 23, 2024, 9:24 PM IST

thumbnail
বকোত উলহ-মালহৰে ৰাভাসকলৰ বাইখ' পূজা উদযাপন (ETV Bharat Assam)

বকো,২৩ মে': ৰাভা জনগোষ্ঠীৰ পৰম্পৰাগত উৎসৱ হ'ল বাইখ' দেৰা বা বাইখ' পূজা । প্ৰতিবছৰৰ দৰে এইবাৰো বৃহস্পতিবাৰে বকোৰ চকাবাহাত অনুষ্ঠিত কৰা হয় ৰাভা জনগোষ্ঠীৰ পৰম্পৰাগত বাইখ' পূজা । প্ৰতি বছৰে জেঠ মাহৰ পূৰ্ণিমা তিথিত বাইখ' পূজা অনুষ্ঠিত কৰা হয় । বকো আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, বকো আঞ্চলিক মহিলা পৰিষদ, বকো আঞ্চলিক বায়খ' পূজা উদযাপন সমিতি আৰু বকো আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এই পূজা ।  

এই পূজাৰ দ্বাৰা ৰাভাসকলৰ পূজনীয় দেৱ-দেৱীক পূজা আগবঢ়োৱা হয় । কৃষি কৰ্ম সূচাৰুৰূপে, ৰাইজৰ উন্নয়নৰ বাবে মূলতঃ এই পূজা অনুষ্ঠিত কৰা হয় । পূজাত উপাসনা কৰা দেৱ-দেৱীক গাহৰি আৰু মূৰ্গী বলি দি উচৰ্গা কৰা হয় । এই বিশেষ দিনটোত বকোৰ ৰাইজে বাইখ' দেৰাত আহি আশীৰ্বাদ লয় বুলি জানিবলৈ দিয়ে উদ্য়োক্তাসকলে ।

লগতে পঢ়ক: আনন্দ উল্লাসৰ মাজেৰে অনুষ্ঠিত সাংবাদিকৰ মুকলি বিহু - Journalist Celebrate Bihu

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.