ETV Bharat / state

আনন্দ উল্লাসৰ মাজেৰে অনুষ্ঠিত সাংবাদিকৰ মুকলি বিহু - Journalist celebrate Bihu

author img

By ETV Bharat Assamese Team

Published : May 12, 2024, 8:14 PM IST

Journalists celebrate Bihu: সাংবাদিক ঢুলীয়াৰ ঢোলৰ চাপৰত, সাংবাদিক নাচনীৰ দুভৰিৰ গিৰিপনিত দেওবাৰে কঁপি উঠিল দীঘলীপুখুৰীৰ পাৰ । গুৱাহাটীত কৰ্মৰত সাংবাদিক আৰু সংবাদকৰ্মীসকলৰ একত্ৰ সংগঠন সমন্বয়ৰ উদ্যোগত অনুষ্ঠিত সাংবাদিকৰ মুকলি বিহুত আনন্দ-উল্লাসেৰে এটা দিন উদযাপন কৰিলে গুৱাহাটীত কৰ্মৰত সাংবাদিক-সংবাদ কৰ্মীসকলে ।

Journalists in Guwahati celebrate Rongali Bihu
আনন্দ উল্লাসৰ মাজেৰে অনুষ্ঠিত সাংবাদিকৰ মুকলি বিহু (ETV Bharat Assam)

আনন্দ উল্লাসৰ মাজেৰে অনুষ্ঠিত সাংবাদিকৰ মুকলি বিহু (ETV Bharat Assam)

গুৱাহাটী,১২ মে': উৎসৱৰ আনন্দই চুব নোৱাৰা এজাক মানুহ । তেওঁলোকৰো মন থাকে, তেওঁলোকৰো কৃষ্টি-সংস্কৃতি জীয়াই ৰখাৰ হাবিয়াস থাকে । বিহুৰ বতৰতো ঘৰখনলৈ যাবলৈ নোপোৱাৰ দুখ বুকুত বান্ধি নিয়াৰিকৈ কৰি যায় কৰ্ম সম্পাদন । সকলোৱে উৎসৱৰ আনন্দত মচগুল হৈ থকাৰ সময়তো ডাঁৰৰ বাতৰি ডাঁৰে দি যাবলৈ দায়ৱদ্ধ লোকসকলেই হ'ল সাংবাদিক । প্ৰতিভা থাকিলেও, কৰ'বাত বুকুখন মোচৰ খাই উঠিলেও ৰৈ নোযোৱা লোকসকলেই হ'ল সাংবাদিক ।

সদাব্যস্ত সাংবাদিকসকলৰ আনন্দৰ বহিঃপ্ৰকাশ কৰিবলৈকে, গোট খাই থকা প্ৰতিভাবোৰ প্ৰকাশ কৰিবলৈকে আজিৰে পৰা ১১ টা বছৰ পূৰ্বে গঠিত হৈছিল গুৱাহাটীত কৰ্মৰত সাংবাদিক আৰু সংবাদকৰ্মীসকলৰ একত্ৰ সংগঠন 'সমন্বয়' । যাৰ জৰিয়তে প্ৰতিটো ব'হাগৰ এটা দিন সাংবাদিকে উদযাপন কৰে । বিগত বৰ্ষবোৰৰ দৰে এইবেলিও ১২ মে'ত গুৱাহাটী মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰত অনুষ্ঠিত হয় 'সাংবাদিকৰ মুকলি বিহু' ।

সমন্বয়ৰ উদ্যোগত আৰু গুৱাহাটী প্ৰেছ ক্লাৱৰ সহযোগত অনুষ্ঠিত হোৱা একাদশ সংখ্যক সাংবাদিকৰ মুকলি বিহুত উখল-মাখল হৈ পৰে দীঘলীপুখুৰীৰ পাৰ । সাংবাদিকৰ ঢোলৰ চাপৰত কঁকাল ভাঙিলে সাংবাদিক নাচনীয়ে । অনুষ্ঠিত হয় পৰম্পৰাগত খেল-ধেমালি । লগতে সাংবাদিক তথা তেওঁলোকৰ সন্তান-পৰিয়ালে পৰিৱেশন কৰিলে গীত-নৃত্য, কবিতা আবৃত্তি ।

সমন্বয়ৰ সভাপতি দিগন্ত দাসে পতাকা উত্তোলনেৰে আৰম্ভ কৰা দিনজোৰা কাৰ্যসূচীত থলুৱা জা-জলপানৰো সোৱাদ ল'লে সাংবাদিকসকলে । এই সন্দৰ্ভত সভাপতি দাসে কয় যে, প্ৰতিটো দিনেই ব্যস্ত হৈ থকা সাংবাদিকসকলে বছৰৰ এটা দিন বিহু উদযাপনৰ বাবে ধাৰ্য কৰিছিলে । সেই দিনটোতেই জ্যেষ্ঠৰ পৰা কনিষ্ঠলৈ সকলো সংবাদমাধ্যমৰ সাংবাদিকসকল জড়িত হৈ পৰে এই বিহুখনৰ সৈতে । ইফালে সাংবাদিকসকলক উৎসাহ যোগাবলৈ আহিল কেইবাগৰাকী ৰাজনৈতিক নেতাৰ লগতে অভিনেতা-অভিনেত্ৰীও । মুঠতে দেওবাৰৰ দিনটোত নাচি-বাগি আনন্দ-উল্লাস কৰিলে গুৱাহাটীত কৰ্মৰত সাংবাদিকসকলে ।

লগতে পঢ়ক: আজিৰে পৰা আৰম্ভ ঐতিহাসিক ফাটবিহু : জাত জাত বিহুনামৰ ধ্বনিৰে মুখৰিত ম’হঘূলি চাপৰি - Phata Bihu In Assam

মটক যুৱ-ছাত্ৰ সন্মিলনৰ উদ্যোগত তিনিচুকীয়াত মটক বিহু উদযাপন - Matak Bihu

বৰ্ণাঢ্য কাৰ্যসূচীৰে মাকুম আৰু জোনাইত আয়োজন ৰঙালী বিহু - Rongali Bihu 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.