মটক যুৱ-ছাত্ৰ সন্মিলনৰ উদ্যোগত তিনিচুকীয়াত মটক বিহু উদযাপন - Matak Bihu
Matak Bihu celebration : তিনিচুকীয়াত পৰম্পৰাগত মটক বিহু উদযাপন ৷ তিনিচুকীয়াৰ ঐতিহাসিক মৰুৎ নন্দন কাননত আয়োজন কৰা হয় এই মটক জনগোষ্ঠীৰ পৰম্পৰাগত গছ তলৰ বিহু ৷

Published : May 6, 2024 at 8:49 AM IST
তিনিচুকীয়া, 6 মে’ : অসমৰ অন্যতম ভূমিপুত্ৰ জনগোষ্ঠী মটক জনগোষ্ঠী ৷ মটক জনগোষ্ঠীৰ আছে সুকীয়া কলা-সংস্কৃতি ৷ দেওবাৰে মটক জনগোষ্ঠীৰ ছাত্ৰ সংগঠন সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে আয়োজন কৰা হয় নৱম বাৰ্ষিক মটক বিহু ৷
তিনিচুকীয়াৰ ঐতিহাসিক মৰুৎ নন্দন কানন অৰ্থাৎ ন-পুখুৰী পাৰ্কত আয়োজন কৰা হয় এই মটক জনগোষ্ঠীৰ পৰম্পৰাগত গছ তলৰ বিহু ৷ এই বিশেষ দিনটোৰ উপলক্ষে মটক জনগোষ্ঠীৰ হুঁচৰি, গাভৰুসকলৰ গছ তলৰ বিহুকে আদি কৰি মটক জনগোষ্ঠীৰ পৰম্পৰাসমূহ সাংস্কৃতিক দিশসমূহ প্ৰদৰ্শন কৰা হয় ৷
সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনে প্ৰতিবছৰে আয়োজন কৰি আহিছে এই মটক বিহুখন ৷ এই মটক বিহুত তিনিচুকীয়া জিলাখনৰ লগতে কাষৰীয়া জিলাসমূহৰ মটক জনগোষ্ঠীৰ ডেকা-গাভৰুসকলে থলুৱা বিহুনাম জুৰি নাচে ৷
এই মটক বিহুত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই, সদৌ তাই আহোম ছাত্ৰ সন্থাৰ সভাপতি বসন্ত গগৈ, সাংস্কৃতিক কৰ্মী শ্যামকানু মহন্ত, বিশিষ্ট লেখক ইজমাইল হুছেইন, জ্যেষ্ঠ অভিনেত্ৰী চেতনা দাস, শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণ, মটক স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সৰোজ গোঁহাই, মুখ্য কায্যবাহী পাৰিষদ ডেভিদ চেতিয়া, সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ সভাপতি ৰঞ্জিত গোঁহাই, সাধাৰণ সম্পাদক স্বৰূপ গোঁহাইকে আদি কৰি বিভিন্ন দল-সংগঠনৰ নেতৃত্ব আৰু বহুকেইগৰাকী সাংস্কৃতিক কৰ্মী উপস্থিত থাকে ৷
ইফালে মটক বিহুত অংশগ্ৰহণ কৰি প্ৰশংসাত পঞ্চমুখ হৈ পৰে অভিনেত্ৰী চেতনা দাস ৷ তেওঁ সকলো অসমবাসীক এই মটক বিহু চাবলৈ আহিবলৈ আহ্বান জনায় ৷
লগতে পঢ়ক: সদৌ মৰাণ ছাত্ৰ সন্থাৰ ৫৬ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন - All Moran Students Union

