ETV Bharat / state

সৰ্বানন্দ সিংহৰ তিৰোভাৱ তিথিত ভোজপুৰী গীত: সংবাদ মাধ্যমৰ বিৰুদ্ধেহে সোচ্চাৰ হ’ল উদ্যোক্তা - Sarbananda Singha Death anniversary

author img

By ETV Bharat Assamese Team

Published : May 26, 2024, 10:58 PM IST

Bhojpuri Song on Sarbananda Singha Death anniversary : উদ্যোক্তাৰ আহ্বানমৰ্মেই সৰ্বানন্দ সিংহৰ তিৰোভাৱ তিথিত গাইছিল ভোজপুৰী গীত ৷ ভুল হ’ল যদি ক্ষমা বিচাৰিছে উদ্যোক্তাই ৷ ভোজপুৰী গীত গোৱাৰ বাতৰি প্ৰচাৰ কৰা সংবাদ প্ৰতিষ্ঠানৰ বিৰুদ্ধে সোচ্চাৰ উদ্যোক্তা ৷

Bhojpuri Song on Sarbananda Singha Death anniversary
মটক ৰাজবংশৰ সভাপতি হেমন্ত গোহাঁই (ETV Bharat Assam)

তিনিচুকীয়া, ২৬ মে’ : স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ তিৰোভাৱ তিথিত আয়োজিত ভোজপুৰী গীত পৰিৱেশনে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি আছে তিনিচুকীয়াৰ লগতে সমগ্ৰ ৰাজ্যত ৷ তিনিচুকীয়াৰ ঐতিহাসিক তিনিকোণীয়া পুখুৰীৰ পাৰত শুকুৰবাৰে আয়োজিত সাংস্কৃতিক অনুষ্ঠানত ভোজপুৰী গীত পৰিৱেশন কৰা কাৰ্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে দেওবাৰে মটক ৰাজবংশৰ সভাপতি হেমন্ত গোহাঁয়ে এক সংবাদমেল সম্বোধন কৰে ৷

মটক ৰাজবংশৰ সভাপতি হেমন্ত গোহাঁই (ETV Bharat Assam)

তিনিচুকীয়া প্ৰেছ ক্লাবত আয়োজন কৰা সংবাদমেলখনত হেমন্ত গোহাঁয়ে কয় যে সেয়া যদি ভুল হ’ল, তেন্তে ক্ষমা বিচাৰিছো ৷ হেমন্ত গোহাঁয়ে লগতে কয়, ‘‘ সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰাৰ সিদ্ধান্ত মোৰ ব্যক্তিগত নাছিল ৷ ১৮ মে’ত তিনিকোণীয়া পুখুৰীৰ পাৰত মটক জনগোষ্ঠীৰ কেউটা সংগঠনৰ উপস্থিতিত হোৱা এখন যৌথ সভাৰ সিদ্ধান্তমৰ্মে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল ৷ প্ৰথম পৰ্যায়ত অসমৰ বহু জনপ্ৰিয় সংগীত শিল্পীৰ সৈতে যোগাযোগ কৰা হৈছিল যদিও দিনটো নিমিলাৰ বাবে শেষত কাজল দেৱ আৰু কাবেৰী বৰপাত্ৰগোহাঁইৰ লগত যোগাযোগ কৰা হয় ৷’’

নিশা প্ৰায় ৯.৩০ বজাৰ পৰা ১১ বজালৈ অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানটোত সংগঠনৰ কোনো লোক উপস্থিত নাছিল বুলি উল্লেখ কৰে হেমন্ত গোহাঁয়ে ৷ তেওঁ কয় যে অসমীয়া বুলি ক’বলৈ মাত্ৰ তেওঁৰ লগতে সৰোজ গোহাঁই, প্ৰণৱ বৰুৱাহে উপস্থিত আছিল ৷ বাকী কাম কৰা শ্ৰমিকসকল আৰু কাষৰীয়া লোকসকল আছিল ৷ সেইকাৰণে সেই লোকসকলে এটা ভোজপুৰী গীত গাবলৈ অনুৰোধ জনায় আৰু তাৰ পিছত হেমন্ত গোহাঁয়ে এটা ভোজপুৰী গীত গাবলৈ অনুৰোধ জনাইছিল । প্ৰথমে অসমীয়া গীত, বিহুগীতেই গাইছিল আৰু শেষত যদি এটা ভোজপুৰী গীত গালেই কিবা ভুল হ’ল তেন্তে তাৰ বাবে ক্ষমা বিচাৰে মটক ৰাজবংশৰ সভাপতি হেমন্ত গোহাঁয়ে ।

তেওঁ কয় যে সমগ্ৰ ঘটনাটো একাংশ সমাজত কোনো অৱদান নথকা, তেওঁক হিংসা কৰা মটক জনগোষ্ঠীৰ বা ৰাজবংশৰ মানুহে বিতৰ্ক কৰিছে ৷ একাংশ সংবাদ প্ৰতিষ্ঠানে উক্ত বাতৰি প্ৰচাৰ কৰাৰ বিৰুদ্ধে সৰৱ হৈ আইনী ব্যৱস্থা লোৱাৰ হুংকাৰ প্ৰদান কৰে হেমন্ত গোঁহায়ে ৷

লগতে পঢ়ক: মটক ৰজা সৰ্বানন্দ সিংহৰ তিৰোভাৱ তিথিত উদ্দাম নৃত্যক লৈ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.