ETV Bharat / state

মটক ৰজা সৰ্বানন্দ সিংহৰ তিৰোভাৱ তিথিত উদ্দাম নৃত্যক লৈ প্ৰতিক্ৰিয়া - MOTOK KING SARBANANDA SINGHA

author img

By ETV Bharat Assamese Team

Published : May 25, 2024, 8:56 PM IST

Sarbananda Singha statue: মটক ৰজা সৰ্বানন্দ সিংহৰ তিৰোভাৱ তিথিৰ সাংস্কৃতিক অনুষ্ঠানক লৈ প্ৰতিক্ৰিয়া ৷ দিনত ভকতবৃন্দৰ গুণানুকীৰ্তন, নিশা ভোজপুৰী গীত ৷ নতুনকৈ উন্মোচিত ৰজাগৰাকীৰ প্ৰতিমূৰ্ত্তিৰ সন্মুখত ভোজপুৰী গীতৰ তালে তালে কৰা উদ্দাম নৃত্যক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷

Reaction to Obscene Dance on death anniversary of Motak King Sarvananda Singha
মটক ৰজা সৰ্বানন্দ সিংহৰ তিৰোভাৱ তিথিত উদ্দাম নৃত্যক লৈ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

তিনিচুকীয়া,২৫ মে’: তিনিচুকীয়াত এতিয়া সকলোৰে মুখত, সামাজিক মাধ্যমত এটা জনপ্ৰিয় ভোজপুৰী গীতৰ চৰ্চা চলিছে ৷ তিনিচুকীয়াৰ ঐতিহাসিক তিনিকোণীয়া পুখুৰীৰ পাৰত শুকুৰবাৰে মটক ৰজা সৰ্বানন্দ সিংহৰ ২২২ সংখ্যক তিৰোভাৱ তিথি ভকতবৃন্দৰ উপস্থিতিত মাংগলিক কাৰ্যসূচীৰে পালন কৰাৰ লগতে এটা সুবিশাল প্ৰতিমূৰ্ত্তি উন্মোচন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

মটক ৰজা সৰ্বানন্দ সিংহৰ তিৰোভাৱ তিথিত উদ্দাম নৃত্যক লৈ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

মটক ৰাজবংশ উন্নয়ন সমিতিৰ নেতৃত্বত আয়োজন কৰা তিৰোভাৱ তিথিত সহযোগিতা আগবঢ়াইছিল মটক স্বায়ত্তশাসিত পৰিষদৰ লগতে জনগোষ্ঠীটোৰ কেউটা সংগঠনে ৷ দিনৰ ভাগত সকলো কাৰ্যসূচী সুকলমে সমাপন হোৱাৰ পাচত নিশা আয়োজন কৰে এক সাংস্কৃতিক অনুষ্ঠানৰ । সাংস্কৃতিক অনুষ্ঠানত নিমন্ত্ৰণমৰ্মে উপস্থিত হয় কণ্ঠশিল্পী কাজল দেৱ, কাবেৰী বৰপাত্ৰগোঁহাই ৷ সমান্তৰালভাৱে সংগীত পৰিবেশন কৰে তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ প্ৰাক্তন সভাপতি তথা ন-বিজেপি প্ৰণৱ বৰুৱাই ৷

ৰজা সৰ্বানন্দ সিংহৰ প্ৰতিমূৰ্ত্তিৰ কাষতেই আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানত কাজল দেৱে গালে এটি জনপ্ৰিয় ভোজপুৰী গীত ৷ জনপ্ৰিয় ভোজপুৰী গীতৰ তালে তালে নতুনকৈ উন্মোচন কৰা প্ৰতিমূৰ্ত্তিৰ কাষত একাংশ সুৰাত মাতাল হৈ থকা লোকৰ উদ্দাম নৃত্যৰ ভিডিঅ' সামাজিক মাধ্যমত বিয়পি পৰাৰ লগতে ক্ষোভ প্ৰকাশ কৰিছে সকলো শ্ৰেণীৰ ৰাইজে ৷ উদ্যোক্তাৰ শাৰীত প্ৰথমেই নাম থকা মটক ৰাজবংশ উন্নয়ন সমিতিৰ ওপৰত সকলোৱে ক্ষোভ প্ৰকাশ কৰি ক্ষমা খুজিবৰ বাবে আহ্বান জনায় ।

ৰজাগৰাকীৰ প্ৰতিমূৰ্ত্তি উন্মোচনৰ দিনটোতেই ৰজাগৰাকীক অপমান কৰা কাৰ্যক লৈ মটক যুৱ-ছাত্ৰ সন্মিলনে এই পৰ্যন্ত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই যদিও মটক যুৱ-ছাত্ৰ পৰিষদে মুকলিকৈ এনে কাৰ্যক দুখ প্ৰকাশ কৰিছে আৰু শীঘ্ৰে যদি ক্ষমা নিবিচাৰে তেন্তে আইনী ব্যৱস্থা লোৱাৰো হুংকাৰ প্ৰদান কৰে ৷

এতিয়া প্ৰশ্ন উঠিছে যিগৰাকী মটক ৰজাৰ নাম লৈ জনগোষ্ঠীটোৰ কেউটা সংগঠনে ৩৬৫ দিনেই ঢাক-ঢোল বজাই থাকে সেইগৰাকী ৰজাৰ তিৰোভাৱ তিথিৰ লগতে প্ৰতিমূৰ্ত্তি উন্মোচনৰ দিনটোত গঢ়ি তোলা এনে বহিৰাগতৰ সাংস্কৃতিক অনুষ্ঠানৰ বাবে কেৱল মটক ৰাজবংশ উন্নয়ন সমিতিয়েই জগৰীয়ানে ? সহযোগিতাত নাম থকা মটক স্বায়ত্তশাসিত পৰিষদ, মটক সন্মিলন, মটক যুৱ-ছাত্ৰ সন্মিলন, মটক মহিলা পৰিষদ, মটক যুৱ-ছাত্ৰ পৰিষদ, মটক ছাত্ৰ সন্থা ক’ত গ’ল ? যদিহে বাকী সংগঠনসমূহৰ কোনো দায়িত্বই নাছিল তেন্তে মৌন কিয় ? লক্ষ্যণীয়ভাৱে মটক যুৱ-ছাত্ৰ পৰিষদৰ বাহিৰে মৌন সকলো সংগঠন ৷

লগতে পঢ়ক: তিনিকোণীয়া পুখুৰীৰ পাৰত মটক ৰজা সৰ্বানন্দ সিংহৰ ২১ ফুট উচ্চ প্ৰতিমূৰ্তি উন্মোচন - MATAK KING SARBANANDA SINGHA
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.