ETV Bharat / state

তিনিকোণীয়া পুখুৰীৰ পাৰত মটক ৰজা সৰ্বানন্দ সিংহৰ ২১ ফুট উচ্চ প্ৰতিমূৰ্তি উন্মোচন - MATAK KING SARBANANDA SINGHA

Sarbananda Singha statue: তিনিচুকীয়াত মটক ৰজা সৰ্বানন্দ সিংহৰ ২২২ সংখ্যক তিৰোভাৱ তিথি পালন ৷ ৰজা সৰ্বানন্দ সিংহৰ ২১ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি উন্মোচন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷

Sarbananda Singha statue
MATAK KING SARBANANDA SINGHA (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 24, 2024 at 5:22 PM IST

2 Min Read
Choose ETV Bharat

তিনিচুকীয়া, ২৪ মে’: ঐতিহাসিক বেংমৰা ৰাজ্য তথা বৰ্তমানৰ তিনিচুকীয়া চহৰত মটক ৰজা সৰ্বানন্দ সিংহৰ ২২২ সংখ্যক তিৰোভাৱ তিথিৰ দিনটোতেই উন্মোচন কৰা হয় ৰজা সৰ্বানন্দ সিংহৰ সু-উচ্চ প্ৰতিমূৰ্তি ৷ ঐতিহাসিক তিনিকোণীয়া পুখুৰীৰ পাৰত প্ৰায় ২১ ফুট উচ্চতাৰ প্ৰতিমূৰ্তিটো উন্মোচন কৰি মাল্যাৰ্পণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে সহযোগিতা আগবঢ়াই দিচাম দেৱ সত্ৰৰ দেৱ ভকত দৌতা, ৰাজবংশ উন্নয়ন সমিতিৰ সভাপতি হেমন্ত গোঁহায়ে ৷

সৰ্বানন্দ সিংহৰ ২১ ফুট উচ্চ প্ৰতিমূৰ্তি উন্মোচন (ETV Bharat Assam)

সৰ্বানন্দ সিংহৰ ২১ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি উন্মোচন: ২৩ লাখ টকাৰ ব্যয় সাপেক্ষে প্ৰায় তিনি মাহ সময়তেই ডিব্ৰুগড়ৰ যদুমণি গগৈয়ে নিৰ্মাণ কৰি উলিয়াই ৰজাগৰাকীৰ বিশাল প্ৰতিমূৰ্তিটো ৷ উন্মোচনৰ প্ৰাকমুহূৰ্তত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নামঘৰত তিৰোভাৱ তিথি উপলক্ষে আয়োজন কৰা মাংগলিক কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে ভকতসকলৰ ওচৰত সেৱা লয় ৷

পৰৱৰ্তী সময়ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰজা সৰ্বানন্দ সিংহক বছৰত এবাৰ হ’লেও স্মৰণ কৰাৰ লগতে তেওঁৰ গুণানুকীৰ্তন কৰাৰ আহ্বান জনায় ৷ প্ৰৱল প্ৰতাপী ৰজাগৰাকীৰ গুণানুকীৰ্তন কৰিবই লাগিব বুলি উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক: তিনিচুকীয়াত উন্মোচনৰ বাবে সাজু স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ বিশালকায় প্ৰতিমূৰ্তি - Sarbananda Singha Statue Installed

কোন আছিল সৰ্বানন্দ সিংহ: মোৱামৰীয়া বিদ্ৰোহৰ সময়তে স্বাধীন মটক ৰাজ্য ঘোষণা কৰিছিল সৰ্বানন্দ সিংহই । তেওঁ আছিল বুৰুক চুতীয়া বংশৰ । ১৭৯১ চনত তাহানিৰ বেংমৰা (বৰ্তমানৰ তিনিচুকীয়া)ত ৰাজধানী পাতি স্বাধীন ৰজা ঘোষণা কৰি তেওঁ সৰ্বানন্দ সিংহ নাম লোৱা এইজন ৰজাৰ পূৰ্বতে নাম আছিল মেজেৰা । তেওঁ ৰংপুৰৰ সমসাময়িক বিদ্ৰোহী ৰজা ভৰত সিংহক সহায় কৰিবলৈ নিজৰ বিষয়া গোধা বৰবৰুৱাক ৰংপুৰলৈ পঠিয়াইছিল ।

বিদ্ৰোহ শামকটাবৰ বাবে সৰ্বানন্দক 'বৰ সেনাপতি' উপাধি দি অতি চতুৰতাৰে আহোম ৰাজ্যৰ বহতীয়া ৰজা পাতে আহোম ৰাজমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোঁহাইয়ে । ১৮২৬ চনত ইয়াণ্ডাবুৰ সন্ধি মতে অসম ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতলৈ যায় যদিও সৰ্বানন্দ সিংহই চুক্তি কৰি নিজৰ স্বতন্ত্ৰতা বজাই ৰাখিছিল । অৱশ্যে তেওঁৰ নিজা পাইকৰ দুই তৃতীয়াংশ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতলৈ যায় ।

এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে চাবুৱা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱা, অসম পৰ্যটন বিভাগৰ অধ্যক্ষ ৰিতুপৰ্ণ বৰুৱা, গৃহ নিৰ্মাণ বিভাগৰ অধ্যক্ষ পুলক গোঁহাই, তিনিচুকীয়া উন্নয়ন বিভাগৰ অধ্যক্ষ কাজল গোঁহাই, মটক ৰাজবংশ উন্নয়ন সমিতিৰ সভাপতি হেমন্ত গোঁহাই আৰু মটক জনগোষ্ঠীৰ প্ৰতিটো দল-সংগঠনৰ নেতৃবৃন্দ উপস্থিত থাকে ৷

লগতে পঢ়ক: মটক যুৱ-ছাত্ৰ সন্মিলনৰ উদ্যোগত তিনিচুকীয়াত মটক বিহু উদযাপন - Matak Bihu