ETV Bharat / state

তিনিচুকীয়াত উন্মোচনৰ বাবে সাজু স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ বিশালকায় প্ৰতিমূৰ্তি - Sarbananda Singha Statue Installed

author img

By ETV Bharat Assamese Team

Published : May 22, 2024, 6:56 PM IST

Sarbananda Singha Statue Installed : তিনিচুকীয়াত মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ ২১ ফুট উচ্চতাৰ সুবিশাল প্ৰতিমূৰ্তি স্থাপন ৷ তিনি মাহতেই ফাইবাৰ গ্লাছ সামগ্ৰীৰে নিৰ্মাণ কৰি উলিয়ালে ডিব্ৰুগড়ৰ যদুমণি গগৈয়ে ৷

Sarbananda Singha Statue Installed
উন্মোচনৰ বাবে সাজু স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ বিশালকায় প্ৰতিমূৰ্তি (ETV Bharat Assam)

স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ প্ৰতিমূৰ্তি স্থাপন (ETV Bharat Assam)

তিনিচুকীয়া, ২২ মে’ : ঐতিহাসিক বেংমৰা ৰাজ্য অৰ্থাৎ বৰ্তমানৰ তিনিচুকীয়াৰ প্ৰৱেশ পথতেই থকা তিনিকোণীয়া পুখুৰীৰ পাৰত বুধবাৰে স্থাপন কৰা হয় মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ এটা সুবিশাল প্ৰতিমূৰ্তি । উল্লেখ্য যে ঐতিহাসিক তিনিকোণীয়া পুখুৰীৰ চাৰিওফালৰ বেৰৰ লগতে সৌন্দৰ্যবৰ্ধনৰ বাবে মটক স্বায়ত্ত্বশাসিত পৰিষদে ১ কোটি ২৫ লাখ টকা পুঁজি ব্যয় কৰিছে ৷ উক্ত পুঁজিৰেই পুখুৰীটোৰ মাজভাগত থকা ৰজা সৰ্বানন্দ সিংহৰ প্ৰতিমূৰ্তিৰ সলনি পুখুৰীটোৰ পাৰত প্ৰায় ২৩ লাখ টকাৰ ব্যয়সাপেক্ষে ২১ ফুট উচ্চতাৰে স্থাপন কৰা হৈছে বিশাল প্ৰতিমূৰ্তিটো ৷ সম্পূৰ্ণ মাংগলিক কাৰ্যসূচীৰে ৰজা সৰ্বানন্দ সিংহৰ প্ৰতিমূৰ্তিটো স্থাপন কাৰ্যৰ শুভাৰম্ভ কৰে ঐতিহাসিক দিচাম দেৱ সত্ৰৰ দেৱ ভকত দৌতাই আৰু তেখেতক সহযোগ কৰে ৰাজবংশ উন্নয়ন সমিতিৰ সভাপতি হেমন্ত গোঁহায়ে ৷ উক্ত সুবিশাল প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰি উলিয়াইছে ডিব্ৰুগড়ৰ বাণীপুৰৰ শিল্পী যদুমণি গগৈয়ে ৷ সাধাৰণতে এনে এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰিবলৈ প্ৰায় ছয় মাহৰ সময় লাগে যদিও মাত্ৰ তিনি মাহতেই ১০ গৰাকী সহযোগী শিল্পীৰ সহযোগত এই প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰি উলিওৱা হয় । উল্লেখ্য যে এই বিশাল প্ৰতিমূৰ্তিটো অহা ২৪ মে'ত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ'ব । ২৪ মে’ত ৰজা সৰ্বানন্দ সিংহৰ ২২২ সংখ্যক তিৰোভাৱ তিথি উপলক্ষে উক্ত বিশেষ দিনটোতেই প্ৰতিমূৰ্তিটোৰ শুভ উন্মোচন কৰিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ প্ৰতিমূৰ্তিটো ফাইবাৰ গ্লাছ নামৰ এবিধ বিশেষ সামগ্ৰীৰে নিৰ্মাণ কৰি উলিওৱা হৈছে বুলি শিল্পী যদুমণি গগৈয়ে জানিবলৈ দিয়ে ৷ উল্লেখ্য, যদুমণি গগৈয়ে বিগত ১০ বছৰ ধৰি এই কলাৰ স’তে জড়িত হৈ আছে আৰু অসমৰ বহু ৰজাৰ লগতে বিশেষ বিশেষ মহান লোকৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছে বুলি উল্লেখ কৰে ৷

লগতে পঢ়ক :২ লাখৰো অধিক মূল্যত ক্ৰয় এখন ফুলাম গামোচা ! বিশেষত্ব কি এই ফুলাম গামোচাখনৰ - Expensive Gamosa
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.