ETV Bharat / international

দুসপ্তাহত তিনিবাৰ মাউণ্ট এভাৰেষ্ট আৰোহণ: নেপালী মহিলাই ৰচিলে ইতিহাস - NEPALI WOMAN CLIMBS MOUNT EVEREST

Nepal Purnima Shrestha Scripts History: নেপালৰ পৰ্বতাৰোহী তথা ফটো সাংবাদিক পূৰ্ণিমা শ্ৰেষ্ঠই বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্টত আৰোহণ কৰি ইতিহাস ৰচনা কৰিবলৈ সক্ষম হয় ৷ একেটা ছিজনত তিনিবাৰকৈ এভাৰেষ্টৰ শিখৰত উপনীত হোৱা প্ৰথমজন ব্যক্তি হিচাপে পৰিগণিত পূৰ্ণিমা ।

Nepal Purnima Shrestha Scripts History
দুসপ্তাহত তিনিবাৰ মাউণ্ট এভাৰেষ্ট আৰোহণ (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : May 26, 2024 at 10:34 PM IST

2 Min Read
Choose ETV Bharat

ইন্টাৰনেশ্যনেল ডেস্ক, ২৬ মে’: শনিবাৰে নেপালী ফটো সাংবাদিক তথা পৰ্বতাৰোহী পূৰ্ণিমা শ্ৰেষ্ঠই মাউণ্ট এভাৰেষ্টত আৰোহন কৰি ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছে ৷ দুসপ্তাহত তিনিবাৰকৈ পৃথিবীৰ সৰ্বোচ্চ মাউন্ট এভাৰেষ্টৰ শিখৰত উপনীত হোৱা প্ৰথমজন ব্যক্তি হিচাপে ইতিহাস ৰচনা কৰে পূৰ্ণিমাই । নেপালৰ কাঠমাণ্ডুৰ স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰে এই তথ্য ।

পূৰ্ণিমাই প্ৰথমে ১২ মে’ত ৮৮৪৮.৮৬ মিটাৰ উচ্চতাৰ শিখৰত উপনীত হয় । ১৯ মে’ত দ্বিতীয়বাৰ আৰু ২৫ মে’ত তৃতীয়বাৰলৈ পূৰ্ণিমাই বিশ্বৰ সৰ্বোচ্চ শৃংগত আৰোহণ কৰে । পূৰ্ণিমাৰ এই ভ্ৰমণৰ সমন্বয় ৮ কে এক্সপেডিচনৰ(8K Expeditions) অভিযান সঞ্চালক পেম্বা শ্বেৰ্পাই জনোৱা মতে, শনিবাৰে পুৱা ৫:৫০ বজাত তেওঁ তৃতীয়টো শিখৰত উপনীত হয় । এয়া আছিল পূৰ্ণিমাৰ এভাৰেষ্টলৈ চতুৰ্থ আৰোহণ ।

২০১৮ চনত পূৰ্ণিমাই প্ৰথমবাৰৰ বাবে এভাৰেষ্ট আৰোহণ কৰিছিল ৷ এভাৰেষ্ট জয় কৰা নিমা ডোমা শ্বেৰ্পাই কয় যে পৰ্বতাৰোহণৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এজন পৰ্বতাৰোহীয়ে একেটা বতৰতে তিনিবাৰকৈ এভাৰেষ্ট জয় কৰিবলৈ সক্ষম হৈছে । দ্য হিমালয়ান টাইমছৰ এক প্ৰতিবেদন অনুসৰি, এই অভিযানৰ অভিযান সঞ্চালিকা লকপা শ্বেৰ্পাই কয় যে পূৰ্ণিমাই বিগত কেইবা বছৰ ধৰি ৮x৮০০০ মিটাৰ শিখৰত আৰোহন কৰা আকৰ্ষণীয় তালিকাখনে পৰ্বতাৰোহণৰ প্ৰতি তেওঁৰ আবেগ আৰু বিশেষজ্ঞতাক প্ৰতিফলিত কৰে ।

লকপা শ্বেৰপাই X ত পোষ্ট কৰি কয়, গোৰ্খা জিলাৰ বাসিন্দা পূৰ্ণিমাই ইয়াৰ পূৰ্বে মাউণ্ট এভাৰেষ্ট, কাঞ্চনজংঘা, লোটছে, ধৌলাগিৰি, মাউণ্ট কে ২, অন্নপূৰ্ণা আৰু মানসলু আৰোহণ কৰিছে ।

লগতে পঢ়ক: ছবছৰীয়া শিশুৱে আৰোহন কৰিলে এভাৰেষ্ট : বেছ কেম্পত উৰুৱালে ৰাষ্ট্ৰীয় পতাকা - Mount Everest Base Camp Trekking