ETV Bharat / bharat

ছবছৰীয়া শিশুৱে আৰোহন কৰিলে এভাৰেষ্ট : বেছ কেম্পত উৰুৱালে ৰাষ্ট্ৰীয় পতাকা - Mount Everest Base Camp Trekking

হিমাচল প্ৰদেশৰ ৬ বছৰীয়া যুভানে এভাৰেষ্টৰ আধাৰ শিবিৰলৈ আৰোহণ সম্পূৰ্ণ কৰিছে। প্ৰথম শ্ৰেণীৰ ছাত্ৰ যুৱানৰ এই কৃতিত্ব শুনি সকলোৱে তেওঁক অভিবাদন জনাইছে।

MOUNT EVEREST BASE CAMP TREKKING
ছবছৰীয়া শিশুৱে আৰোহন কৰিলে এভাৰেষ্ট
author img

By ETV Bharat Assamese Team

Published : April 26, 2024 at 9:50 PM IST

3 Min Read
Choose ETV Bharat
ছবছৰীয়া শিশুৱে আৰোহন কৰিলে এভাৰেষ্ট

বিলাসপুৰ(হিমাচল প্ৰদেশ), 26 এপ্ৰিল: ‘বয়স কেৱল এটা সংখ্যা’- বৃদ্ধ লোকসকলৰ প্ৰতি প্ৰায়েই এই কথা কোৱা হয় যেতিয়া তেওঁলোকে তেওঁলোকতকৈ সৰু বয়সৰ লোকৰ সন্মুখত আশ্চৰ্যজনক কিবা এটা কৰি দেখুৱায় ৷ কিন্তু কেতিয়াবা অতি সৰু ল’ৰা-ছোৱালীয়েও এনে কাম কৰে । তেওঁলোকে এনে কাৰ্য সম্পাদন কৰে, যিয়ে সকলোকে আচৰিত কৰি তোলে ।

  • " class="align-text-top noRightClick twitterSection" data="">

যদিহে এটি শিশুৱে সঠিক সময়ত সঠিক নিৰ্দেশনা লাভ কৰে, তেতিয়া তেওঁলোকে সফলতাৰ শিখৰ চুবলৈ সক্ষম হয় ৷ হিমাচল প্ৰদেশৰ ছয় বছৰীয়া য়ুভানৰ বিষয়ে জানিলেও আপুনি ক’ব যে বয়স মাত্ৰ এটা সংখ্যাহে । যুভানে মাত্ৰ ছয় বছৰ বয়সতে যি কৰিলে, সেয়া প্ৰাপ্তবয়স্কসকলৰ বাবেও সহজ নহয় ৷

দৰাচলতে, হিমাচল প্ৰদেশৰ বিলাসপুৰ জিলাৰ ছয় বছৰীয়া য়ুভানে বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্টৰ বেছ কেম্পত উপস্থিত হৈ দেশৰ পতাকা উত্তোলন কৰিবলৈ সক্ষম হয় । উল্লেখযোগ্য যে পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্টৰ উচ্চতা প্ৰায় ৮,৮৪৮ মিটাৰ । আনহাতে এভাৰেষ্ট বেছ শিবিৰৰ উচ্চতা 5,364 মিটাৰ । এইক্ষেত্ৰত, এইটো বিশ্বৰ সৰ্বোচ্চ বেছ শিবিৰ ৷ -15 ডিগ্ৰী উষ্ণতাত অক্সিজেনৰ অভাৱৰ ফলত যিকোনো লোকৰে সমস্যা হয় । ইমান উচ্চতাত ট্ৰেকিং কৰাটো শ্ৰেষ্ঠ ট্ৰেকাৰসকলৰ বাবেও এটা কঠিন কাম ৷ কিন্তু, ছয় বছৰীয়া য়ুভান এভাৰেষ্টৰ বেছ শিবিৰত উপস্থিত হোৱাৰ পিচত ত্ৰিৰংগা উত্তোলন কৰিবলৈ সক্ষম হ’ল ৷ ফটো, ভিডিঅ’সমূহ প্ৰত্যক্ষ কৰি সকলোৱে তেওঁৰ কৃতিত্বক অভিবাদন জনাইছে ।

মাউণ্ট এভাৰেষ্ট বেছ কেম্পত উপস্থিত হোৱাৰ পূৰ্বে য়ুভানে ছয় মাহৰ কঠোৰ প্ৰশিক্ষণ ল’বলগীয়া হৈছিল । ইয়াৰ পিচতে ছয় বছৰীয়া য়ুভানে পৃথিৱীৰ সৰ্বোচ্চ বেছ কেম্পটোলৈ যাত্ৰা আৰম্ভ কৰিছিল ।

ছয় বছৰীয়া য়ুভানে তেওঁৰ পিতৃ-মাতৃৰ সৈতে এই অত্যন্ত কঠিন ট্ৰেকিং সম্পূৰ্ণ কৰে আৰু মাউণ্ট এভাৰেষ্ট বেছ কেম্প জয় কৰে । য়ুভানে তেওঁৰ দেউতাক সুভাষ চন্দ্ৰ আৰু তেওঁৰ মাতৃ দিব্যা ভাৰতীৰ সৈতে এই যাত্ৰা সম্পূৰ্ণ কৰে । উল্লেখ্য যে হিমাচল প্ৰদেশৰ য়ুভান বৰ্তমান পিতৃ-মাতৃৰ সৈতে ডুবাইত বাস কৰে ।

য়ুভানৰ পিতৃ সুভাষ চন্দ্ৰই কয়, ‘‘আমাৰ যাত্ৰা ডুবাইৰ পৰা আৰম্ভ হৈছিল আৰু আমি প্ৰথমে কাঠমাণ্ডুত উপস্থিত হৈছিলো । একাংশ বন্ধুৰ সৈতে আমি কাঠমাণ্ডুৰ লুকলা বিমানবন্দৰলৈ বিমানত উঠিছিলো । ইয়াৰ পিচত আমি 8 এপ্ৰিলত গাইডৰ সৈতে ভ্ৰমণ কৰিছিলো । ইয়াৰ 11 দিনৰ ভিতৰত আমি এভাৰেষ্টৰ বেছ কেম্পলৈ যাত্ৰা আৰম্ভ কৰিছিলো আৰু গাইডৰ নিৰ্দেশনা অনুসৰি মুঠ আঠদিন যাত্ৰা কৰিছিলো আৰু জিৰণি লৈছিলো । সমগ্ৰ যাত্ৰাকাল আমি উপভোগ কৰিছিলো ৷ আমি আশা কৰো যে য়ুভানৰ এই পদক্ষেপে শিশুসকলক প্ৰকৃতিৰ প্ৰতি আকৰ্ষিত কৰিব ।’’

উল্লেখ্য যে য়ুভানৰ পিতৃ সুভাষ চন্দ্ৰই ডুবাইৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰে ৷ তেওঁৰ পুত্ৰ য়ুভানৰ বয়স বৰ্তমান ছয় বছৰ আৰু তেওঁ প্ৰথম শ্ৰেণীৰ ছাত্ৰ । সুভাষে কয় যে পৰ্বতাৰোহণৰ বাবে তেওঁ কোনো বিশ্ৰাম নোহোৱাকৈ ছয় মাহৰ বাবে য়ুভানক প্ৰশিক্ষণ প্ৰদান কৰিছিল । য়ুভানৰ দেউতাকে লগতে কয় যে তেওঁ য়ুভানক সাঁতোৰ, সমৰ কলা আৰু দৌৰৰ প্ৰশিক্ষণ দিছিল । ফলত য়ুভান এতিয়া কেৱল এজন ভাল ট্ৰেকাৰেই নহয়, বৰঞ্চ এজন ভাল সাঁতোৰবিদ, দৌৰবিদ আৰু সমৰ কলাৰ বিশেষজ্ঞ হৈ পৰা বুলিও পিতৃয়ে উল্লেখ কৰে ।

লগতে পঢ়ক: ওলোমা দলং মেৰামতিত নিজেই হাতে-কামে লাগি গ'ল আৰক্ষী অধীক্ষক

লগতে পঢ়ক: কাশ্মীৰত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ; দুজনকৈ অচিনাক্ত সন্ত্ৰাসবাদী নিহত