ETV Bharat / bharat

কাশ্মীৰত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ; দুজনকৈ অচিনাক্ত সন্ত্ৰাসবাদী নিহত - Enconter in JK

Enconter in J&K:সেনা আৰু সন্ত্ৰাসবাদী সংগঠনৰ সংঘৰ্ষত কাশ্মীৰত নিহত দুজনকৈ অচিনাক্ত সন্ত্ৰাসবাদী ৷ সেনা, চি আৰ পি এফ আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে যুতীয়াভাবে বৃহস্পতিবাৰৰে পৰা চলাইছিল এই অভিযান ৷

two militants were killed in an overnight gunfight in Nowpora area of Sopore
two militants were killed in an overnight gunfight in Nowpora area of Sopore
author img

By ETV Bharat Assamese Team

Published : April 26, 2024 at 2:30 PM IST

2 Min Read
Choose ETV Bharat

নেশ্যনেল ডেস্ক, 26 এপ্ৰিল: কাশ্মীৰত সেনা আৰু সন্ত্ৰাসবাদী সংগঠনৰ মাজত গুলীয়াগুলীৰ ঘটনা ৷ উত্তৰ কাশ্মীৰৰ ছ’প’ৰত বৃহস্পতিবাৰৰ নিশা সন্ত্ৰাসবাদ বিৰোধী এক অভিযান চলায় সেনা, চি আৰ পি এফ আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে ৷ আৰক্ষীৰ এজন শীৰ্ষ বিষয়াই জনোৱা মতে, ছ’প’ৰেৰ চেক মহল্লা ন’পোৰাত এই অভিযানৰ পিচতে চলোৱা হয় আন এক অভিযান ৷ এই অভিযানত শুকুৰবাৰৰ পুৱাই দুজন উগ্ৰপন্থী নিহত হয় ।

সংঘৰ্ষত নিহত হোৱা সন্ত্ৰাসবাদী দুজনৰ পৰিচয় এতিয়াও উদ্ধাৰ হোৱা নাই । আৰক্ষী বিষয়াই জানিবলৈ দিয়া অনুসৰি, "দুটা মৃতদেহ মাটিত পৰি আছে আৰু অভিযান চলি থকাৰ বাবে এতিয়াও উদ্ধাৰ কৰিব পৰা হোৱা নাই মৃতদেহ দুটা ।" অভিযানৰ সময়ত দুজন জোৱান আৰু এজন সাধাৰণ নাগৰিক গুলীৰ দ্বাৰা আঘাতপ্ৰাপ্ত হয় ।

ততাতৈয়াকৈ আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আৰু তাৎক্ষণিক চিকিৎসা গ্ৰহণ কৰি আহতসকলৰ অৱস্থা বৰ্তমান সুস্থ হৈ উঠিছে বুলি জানিব পৰা গৈছে ।

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে বিষয়াসকলে জনায় যে সেনাবাহিনীৰ 22 আৰ আৰ, চি আৰ পি এফ আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ এটা যুটীয়া দলে অঞ্চলটোত একাংশ সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে বিশ্বাসযোগ্য তথ্য লাভ কৰাৰ পিছত ছ’প’ৰেৰ নাৱপোৰা গাঁও ঘেৰাও কৰি তালাচী অভিযান চলোৱা হয় ।

অভিযানকাৰী যুতীয়া দলটো সন্ত্ৰাসবাদী দলৰ ওচৰ চাপি যোৱাৰ লগে লগে গোপন স্থানত লুকাই থকা সন্ত্ৰাসবাদীয়ে অভিযানকাৰী দললৈ লক্ষ্য কৰি গুলীচালনা কৰে । বৰ্তমানেও সন্ত্ৰাসবাদ বিৰোধী এই অভিযান চলি আছে আৰু সংঘৰ্ষ জৰ্জৰিত স্থানলৈ যোৱা পথসমূহ নিৰাপত্তা তথা অভিযানকাৰী দলে নিৰাপত্তাৰ খাতিৰত বন্ধ কৰি দিছে ৷

লগতে পঢ়ক: বিবাহস্থলীত অগ্নিকাণ্ড, একেটা পৰিয়ালৰে ৬ জনৰ মৃত্যু - Darbhanga fire