ETV Bharat / bharat

বিবাহস্থলীত অগ্নিকাণ্ড, একেটা পৰিয়ালৰে ৬ জনৰ মৃত্যু - Darbhanga fire

author img

By ETV Bharat Assamese Team

Published : Apr 26, 2024, 10:32 AM IST

Darbhanga fire: বিবাহ অনুষ্ঠানক লৈ আনন্দ উল্লাহে বিৰাজ কৰাৰ সময়তে বিহাৰৰ দৰভাঙ্গাত শোকাৱহ ঘটনা । আতচবাজী জ্বলোৱাৰ পিচতে বিবাহস্থলীত ভয়ংকৰ অগ্নিকাণ্ড । এটা পৰিয়ালৰ ৬ গৰাকী সদস্যৰ মৃত্যু ।

Darbhanga fire
বিবাহস্থলীত অগ্নিকাণ্ড, একেটা পৰিয়ালৰে ৬ জনৰ মৃত্যু

নেশ্যনেল ডেস্ক, ২৬ এপ্ৰিল : বিহাৰৰ দৰভাঙ্গাত ভয়ংকৰ অগ্নিকাণ্ড । বিবাহস্থলীত অগ্নিকাণ্ডৰ ফলত একেটা পৰিয়ালৰে ৬ গৰাকী সদস্যৰ মৃত্যু । ঘটনাটোক লৈ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে ।

জানিব পৰা মতে বিবাহ অনুষ্ঠানত আতচবাজীৰ পৰাই জুইৰ সূত্ৰপাত হৈছিল । জুইৰ শিখা চিলিণ্ডাৰ আৰু ডিজেলষ্টকত পৰিছিল । যাৰ ফলত এক বৃহৎ বিস্ফোৰণ হৈছিল । তথ্য পোৱাৰ লগে লগে আৰক্ষী তথা প্ৰশাসনৰ লোকসকল ঘটনাস্থলীত উপস্থিত হয় আৰু অগ্নি নিৰ্বাপণৰ চেষ্টা কৰে । অগ্নিকাণ্ডত নিহতসকলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । বৃহস্পতিবাৰে নিশা বেহেৰা আৰক্ষী থানাৰ এণ্টোৰ গাঁৱত সংঘটিত হৈছিল এই ঘটনা । ছগন পাছৱানৰ কন্যাৰ বিয়াৰ সময়তে এই ঘটনাটো সংঘটিত হয় ।

স্থানীয় লোকে জনোৱা মতে ৰামচন্দ্ৰ পাছৱানৰ আৱাসিক চৌহদত বিবাহ পাৰ্টিৰ আয়োজন কৰা হৈছিল । তাতেই থকা আৰু খোৱাৰ ব্যৱস্থা কৰা হৈছিল । বৰযাত্ৰীৰ আগমনৰ পিচতে আতচবাজী লগোৱা হৈছিল । কিন্তু এই আনন্দ উল্লাহৰ মাজতে অগ্নিকাণ্ডৰ সূত্ৰপাত হয় । জুইৰ শিখা চিলিণ্ডাৰ আৰু ডিজেলৰ ষ্টকত পৰে । ফলত এই জুইয়ে অতি ভয়ংকৰ ৰূপ লয় ।

লগে লগে স্থানীয় লোকসকলে জুই নিৰ্বাপণৰ চেষ্টা চলায় । কিন্তু ৰামচন্দ্ৰ পাছৱানৰ পৰিয়ালটোৰ ৬ গৰাকী সদস্যক কোনেও ৰক্ষা কৰিব নোৱাৰিলে । ইফালে এই অগ্নিকাণ্ডত তিনিটা পশুধনো নিধন হয় । দৰভাঙ্গাৰ জিলা উপায়ুক্ত ৰাজীৱ ৰোশনও ঘটনাস্থলীত উপস্থিত হয় । পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে তেওঁ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰো ঘোষণা কৰে ।

লগতে পঢ়ক :দুৰ্ঘটনাত পতিত বৰযাত্ৰীৰ বাহন, ২৪ গৰাকী যাত্ৰী আহত - Lalitpur Bus Accident

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.