ETV Bharat / bharat

দুৰ্ঘটনাত পতিত বৰযাত্ৰীৰ বাহন, ২৪ গৰাকী যাত্ৰী আহত - Lalitpur Bus accident

Lalitpur Bus accident: উত্তৰ প্ৰদেশৰ ললিতপুৰৰ পৰা মধ্যপ্ৰদেশ অভিমুখে গৈ আছিল বাছখন । বিবাহ অনুষ্ঠানৰ পৰা বাছখন গৈ থকা অৱস্থাতে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় । বাছখনত থকা ২৪ গৰাকী যাত্ৰী আহত ।

Lalitpur Bus accident
দুৰ্ঘটনাত পতিত বৰযাত্ৰীৰ বাহন
author img

By ETV Bharat Assamese Team

Published : Apr 25, 2024, 1:51 PM IST

নেশ্যনেল ডেস্ক,২৫ এপ্ৰিল : উত্তৰ প্ৰদেশৰ ললিতপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা । পুৱতি নিশা দুৰ্ঘটনাত পতিত হয় এখন বৰযাত্ৰীৰ বাহন । বিবাহ অনুষ্ঠানৰ পৰা উভতি গৈ থকাৰ সময়তে পুৱতি নিশা ৰাজঘাট-ললিতপুৰ পথত এই দুৰ্ঘটনাটো সংঘটিত হয় । নিয়ন্ত্ৰণহীন বাছখন ৰাস্তাৰ কাষতে বাগৰি পৰে । দুৰ্ঘটনাটোত ২৪ গৰাকী যাত্ৰী আহত হয় । তেওঁলোকৰ ৩ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । তেওঁলোকক ঝান্সি চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে । আটাইকেইজন আহত মধ্য প্ৰদেশৰ বাসিন্দা ।

প্ৰশাসনৰ এগৰাকী বিষয়াৰ মতে কইনাৰ ফালৰ পৰা কিছু লোক মধ্য প্ৰদেশৰ অশোক নগৰ জিলাৰ মুংৱালী চহৰৰ পৰা বিবাহ অনুষ্ঠানৰ বাবে ব্যক্তিগত বাছখনেৰে ললিতপুৰলৈ গৈছিল । বিবাহৰ ৰীতি-নীতি বুধবাৰে অনুষ্ঠিত হৈছিল । তাৰ পিচত বৃহস্পতিবাৰে পুৱা প্ৰায় ৩ বজাত, ২৫ জনৰো অধিক লোক বাছখনেৰে অশোকনগৰলৈ উভতি গৈছিল ।

বাছখন ৰাজঘাট-ললিতপুৰ পথত অৱস্থিত মাদৱাৰী গাঁৱৰ সমীপত উপস্থিত হৈছিল । সেই সময়ছোৱাত হঠাতে নিয়ন্ত্ৰণহীনভাৱে বাছখনে ৰাস্তাৰ কালভাৰ্টত খুন্দা মাৰে । দুৰ্ঘটনাটোৰ পিচত ঘটনাস্থলীত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় । লগে লগে স্থানীয় লোকসকল ঘটনাস্থলীত উপস্থিত হয় । ঘটনা সন্দৰ্ভত খবৰ লাভ কৰাৰ পিচতে আৰক্ষীও সেই স্থানত উপস্থিত হয় ।

বাছখনত থকা প্ৰায় ২৪ গৰাকী লোক আহত হয় । আহতসকলক এম্বুলেন্সেৰে জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । তেওঁলোকৰ ৩ গৰাকীক ঝান্সি চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় । ইতিমধ্যে আৰক্ষীয়ে এই দুৰ্ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰিছে আৰু তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে ।

লগতে পঢ়ক :ৰাজস্থানত দুৰ্ঘটনাগ্ৰস্ত চোৰাংচোৱা বিমান - Plane Crash In Jaisalmer

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.