ETV Bharat / bharat

কৰ্কট ৰাশিৰ ধন লাভ...মীন ৰাশিৰ পদোন্নতি...চাওক কেনে যাব আপোনাৰ আজিৰ দিনটো - Daily Horoscope For 27th May

author img

By ETV Bharat Features Team

Published : May 27, 2024, 12:29 AM IST

Daily Horoscope For 27th May: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 27th May 2024
কৰ্কট ৰাশিৰ ধন লাভ...মীন ৰাশিৰ পদোন্নতি...চাওক কেনে যাব আপোনাৰ আজিৰ দিনটো (SOURCE: ETV BHARAT ASSAM)

মেষ ৰাশি: এটা সাধাৰণ দিন ৷ অদৰকাৰী বিবাদ, অৰ্থহীন যুক্তিতৰ্ক, নেতিবাচক চিন্তাধাৰ আদিৰ পৰা আঁতৰত থকা উচিত ৷ আজি, কাম সম্পূৰ্ণ কৰা আৰু সময়সীমা পূৰণ কৰিবলৈ কঠিন নহ’ব ৷ দিনটো ফলপ্ৰসূ হ’ব ৷ দুপৰীয়াৰ পিছত, অধিক উন্নত অনুভৱ কৰিব ৷ আপোনাৰ আৰ্থিক আৰু বিনিয়োগ পৰিকল্পনাসমূহ কাৰ্যকৰী কৰিব পাৰিব ৷

বৃষ ৰাশি: আজি, গ্ৰহসমূহ আপোনাৰ পক্ষত নাই ৷ কোনো নতুন কাম আৰম্ভ কৰাৰ আগতে বা নিজকে কোনো কামত জড়িত কৰাৰ আগতে, নিশ্চিত কৰক যে আপুনি কোনো অনৈতিক বা অবৈধ ক্ষেত্ৰত প্ৰবেশ কৰা নাই ৷ নতুন কাম বা প্ৰকল্প আৰম্ভ কৰাৰ পৰা বিৰত থাকক, ফলদায়ক পৰিণাম লাভ নকৰিবও পাৰে ৷ পেচাদাৰী দিশটো, কিছুমান সমস্যাৰ সন্মূখীন হ’ব পাৰে, যি আপোনাক ধীৰ কৰি তুলিব পাৰে ৷

মিথুন ৰাশি: অনুকূল আৰু প্ৰতিকূল দুয়োটাই থাকিব ৷ প্ৰথমভাগটোৱে আমোদ, সুখ আৰু সুস্বাস্থ্য কঢ়িয়াই আনিব ৷ মধ্যাহ্নৰ পিছত, উদ্বেগ, ক্ৰোধ, চিকিৎসাগত সমস্যা, আৰু চিন্তাই আপোনাৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যত প্ৰভাৱ পেলাব পাৰে ৷

কৰ্কট ৰাশি: অতি উত্তম! ব্যক্তিগত, পেচাদাৰী বা সামাজিক সকলো দিশতে আপোনাৰ দখল থাকিব ৷ বৃহৎ পৰিমাণৰ আৰ্থিক লাভ ৷ কোনো ভুল নকৰিলে, পেচাদৰীসকলৰ বাবে পদোন্নতি আৰু বেতন বৃদ্ধিৰ সম্ভাৱনা আছে ৷ বিয়লি বন্ধুবৰ্গ আৰু পৰিয়ালৰ লগত আনন্দ কৰিব পাৰে ৷

সিংহ ৰাশি: সাম্ভাব্য পেটৰ অসুখক বাদ দিলে, দিনটো ‘পৰিপূৰ্ণ’ হ’ব ৷ আজি গ্ৰহসমূহ আপোনাৰ পক্ষত আছে ৷ ঘৰৰ পৰিবেশ বন্ধুত্বপূৰ্ণ আৰু শান্তিপূৰ্ণ হ’ব ৷ জাংক ফুড আৰু হোটেলত আহাৰ গ্ৰহণ কৰাৰ পৰা বিৰত থাকিলে, স্বাস্থ্যও ঠিকে থাকিব ৷ ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটোৱে লাভ আৰু সৌভাগ্য কঢ়িয়াই আনিছে ৷ আৰ্থিক লাভ৷ সাহিত্যকৰ্মই আপোনাক আকৃষ্ট কৰিব ৷

কন্যা ৰাশি: শুভ দিন ৷ নিজৰ মন, শৰীৰ আৰু আত্মাক উৎসাহিত কৰি ৰখাত সফল হ’লে দিনটোৰ আক্ৰমণত প্ৰতিহত কৰিব পাৰিব ৷ ব্যক্তিগত দিশটো অলপ কঠিন হ’ব পাৰে, মাতৃৰ শৰীৰৰ অৱনতি ঘটিব পাৰে, পৰিয়ালৰ সদস্যৰ বদনাম হ’ব পাৰে আৰু আপোনাৰ জেপ খালী হ’ব পাৰে ৷ পৰিপক্কতাৰে পৰিস্থিতিৰ পৰিচালনা কৰক আৰু প্ৰতি ক্ষেত্ৰতে সাৱধানতা অৱলম্বন কৰক ৷ যাত্ৰা পিছুৱাই দিয়ক আৰু পানীৰ পৰা আঁতৰি থাকক ৷ পৰিয়ালৰ লোকসকলৰ লগত বিবাদ আৰু কাজিয়াৰ পৰা বাচিবৰ বাবে আপুনি আপোনাৰ ক্ৰোধক নিয়ন্ত্ৰণ কৰিব লাগিব ৷

তুলা ৰাশি: শুভ দিন ৷ নতুন প্ৰকল্প বা কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে যদি পুৱাৰ সময়খিনিৰ ব্যৱহাৰ কৰক; ফলদায়ক হ’ব ৷ আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে ক্লান্ত অনুভৱ কৰিব পাৰে, যাৰ বাবে অধিক কঠোৰ পৰিশ্ৰম বা মগজ খটুৱাবলৈ মন নকৰিবও পাৰে ৷ বিয়লি বেলাত ঘৰৰ পৰিবেশ প্ৰতিকূল থাকিব; সৰু সৰু কথাত তৰ্ক কৰাৰ পৰা বিৰত থাকক আৰু শান্তিপূৰ্ণভাৱে সমস্যাৰ সমাধান কৰক ৷

বৃশ্চিক ৰাশি: দিনটোৰ আৰম্ভণি শুভ নহ’বও পাৰে৷ নিজকে কাজিয়া আৰু অৰ্থহীন তৰ্কৰ পৰা বিৰত ৰাখক, শান্ত হৈ থাকক আৰু নিজৰ বক্তব্যৰ প্ৰতি লক্ষ্য ৰাখক ৷ ঘৰুৱা পৰিবেশৰ প্ৰতিকূলতা নোহোৱা হ’ব আৰু ভাল ইচ্ছা শক্তি আৰু সদ্ভাৱনা থাকিব ৷ সন্ধ্যাবেলা আপুনি বন্ধু আৰু পৰিয়ালবৰ্গৰ লগত বাহিৰলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে ৷

ধনু ৰাশি: এটা অতি সাধাৰণ দিন ৷ দিনটোৰ প্ৰথমাৰ্ধত সুখ আৰু সন্তুষ্টি লাভ কৰিব য’ত পিছবেলা অলপ সমস্যাৰ সন্মূখীন হ’ব পাৰে ৷ আৰ্থিক লাভ, সামাজিক যাত্ৰা আৰু মন্দিৰ দৰ্শন আদিৰ সম্ভাৱনা আছে ৷ আপোনাৰ সংগীয়ে আপোনাক সমৰ্থন আৰু সহায় কৰিব ৷ অফিচত, ফলাফল নিৰাশাজনক হ’ব পাৰে ৷ আজ কোনো সিদ্ধান্ত গ্ৰহণ কৰাটোও আপোনাৰ বাবে সহজ নহ’ব ৷ চিন্তাত পৰিব পাৰে ৷

মকৰ ৰাশি: পুৱাৰ ভাগত কিছুমান সমস্যাৰ বাহিৰে চিন্তা কৰিবলগীয়া বিশেষ একো নাই ৷ দিনটোৰ প্ৰথমভাগত, আপুনি সতৰ্ক আৰু সাৱধান হৈ থকা উচিত ৷ দ্ৰুতবেগত গাড়ী নচলাব, দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে ৷ আপোনাৰ স্বাস্থ্য লাহে লাহে উন্নত হৈ আহিব ৷ ঘৰৰ পৰিবেশ অনুকূল আৰু বন্ধুত্বপূৰ্ণ হ’ব ৷ দান বা সামাজিক কৰ্ম কৰিব পাৰে ৷

কুম্ভ ৰাশি: এটা উৎপাদনৰ দিনৰ আভাস পোৱা যায় ৷ পিছবেলা, ঘৰৰ শান্ত পৰিবেশ শত্ৰুতাপূৰ্ণ লৈ পৰিৱৰ্তিত হোৱাৰ বাবে অলপ বিৰক্ত হ’ব পাৰে ৷ নিজকে শান্ত কৰি ৰাখক আৰু সমস্যাসমূহ শান্তিপূৰ্ণৰূপে সমাধান কৰক ৷ ব্যয়ৰ প্ৰতি লক্ষ্য দিব; আবেলি ব্যয় অলপ বেছি হ’ব পাৰে ৷ আইনী সমস্যাৰ লেনদেন কৰোঁতে সাৱধান হওক ৷

মীন ৰাশি: অতি শুভ! সকলো দিশতে লাভান্বিত হ’ব ৷ সামাজিক দিশত, সন্মান বৃদ্ধি পাব ৷ আৰ্থিক আৰু পেচাদাৰী দিশত, পদোন্নতি আৰু আৰ্থিক লাভৰ সম্ভাৱনা আছে ৷ আৰু ব্যক্তিগত দিশত, সকলো অতি মধুৰ হ’ব ৷ আজিৰ দিনটো সুখ, শান্তি আৰু সন্তুষ্টিৰে পাৰ হ’ব ৷ ঘৰৰ সুসজ্জিত পৰিবেশে আজিৰ দিনটো শান্তিপূৰ্ণৰূপে অন্ত পেলাব ৷ চমুকৈ এটা অতি ভাল দিন ৷

লগতে পঢ়ক: জানি লওক আপোনাৰ সপ্তাহটোৰ ৰাশিফল - Weekly Horoscope

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.