4 জুনৰ পূৰ্বে কংগ্ৰেছক ভোজ-ভাত খাই লোৱাৰ আহ্বান মন্ত্ৰী যোগেন মহনৰ - Lok Sabha ELECTION 2024

By ETV Bharat Assamese Team

Published : May 26, 2024, 10:57 PM IST

thumbnail
কংগ্ৰেছক সমালোচনা মন্ত্ৰী যোগেন মহনৰ (ETV BHARAT ASSAM)

ডিব্ৰুগড়, 26 মে’ : ৰাজ্যত লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ শেষ হোৱাৰ পাচতে এতিয়া সকলো ৰাজনৈতিক দলে নিজৰ নিজৰ দলীয় সমীকৰণ উলিওৱাত ব্যস্ত হৈছে ৷ কোন দলে কিমান আসন পাব, কোন সমষ্টিত কোন দলৰ ভোট বৃদ্ধি পাইছে তেনেবোৰ বিষয়ত আলোচনাত ব্যস্ত সকলো ৰাজনৈতিক দল ৷ ৰাজ্যৰ প্ৰধান বিৰোধী ৰাজনৈতিক দল কংগ্ৰেছে পূৰ্বৰ লোকসভা নিৰ্বাচনতকৈ এইবাৰ ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব বুলি দাবী কৰি আহিছে ৷ তাৰ মাজতে মৰাণত কংগ্ৰেছক সমালোচনা কৰিলে মন্ত্ৰী যোগেন মহনে ৷

মন্ত্ৰীগৰাকীয়ে কয় যে, কংগ্ৰেছে নিৰ্বাচনৰ ফলাফলৰ আগতে ভোজ-ভাত খাই লওক, চৰকাৰ বনাই লওক, কাক প্ৰধানমন্ত্ৰী পাতে পাতি লওক ৷ কিন্তু চাৰি তাৰিখৰ পিচত চৰকাৰ বিজেপিয়েই বনাব ৷ প্ৰতিটো নিৰ্বাচনতে কংগ্ৰেছে অলেখ কল্পনা কৰে কিন্তু চাৰি তাৰিখৰ পিচত কংগ্ৰেছ ক’ৰবাত সোমাই থাকিব লাগিব ৷ চাৰি তাৰিখৰ আগতে কংগ্ৰেছে কি কৰে কৰি লওক বুলি কয় তেওঁ ৷ মন্ত্ৰীজনে কয় যে, ডিব্ৰুগড় আৰু যোৰহাট সমষ্টিত প্ৰায় একৰ পৰা ডেৰ লাখ ভোটত বিজেপিয় জিকিব ৷ বিৰোধীয়ে ভুৱা আৰু অপপ্ৰচাৰ কৰি ৰাজনীতি কৰি আছে বুলি মন্তব্য কৰে মন্ত্ৰী যোগেন মহনে ৷

লগতে পঢ়ক : নতুন আৰু পুৰণিৰ সংঘাত : ৰাজ্যিক বিজেপিত তীব্ৰতৰ বঙহৰ যুঁজ - Assam BJP Conflict

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.