ETV Bharat / politics

নতুন আৰু পুৰণিৰ সংঘাত : ৰাজ্যিক বিজেপিত তীব্ৰতৰ বঙহৰ যুঁজ - Assam BJP Conflict

author img

By ETV Bharat Assamese Team

Published : May 26, 2024, 8:46 PM IST

Assam BJP : আভ্যন্তৰীণ কন্দলে কঁপাইছে গেৰুৱা দলৰ ভেটি । নিৰ্বাচনৰ ফল ঘোষণাৰ পিছতেই শাস্তিৰ সন্মুখীন হ'ব বিদ্ৰোহী বিজেপি নেতা । ৰাজ্যিক বিজেপিৰ সভাপতিৰ মুখ বন্ধ ৰখাৰ নিৰ্দেশো মনা নাই একাংশ নেতাই ।

ASSAM BJP CONFLICT
অসম ৰাজ্যিক বিজেপিত সংঘাত (ETV Bharat Assam)

গুৱাহাটী, ২৬ মে’ : উমি উমি জ্বলি থকা জুইকুৰা যেন ক্ৰমাৎ প্ৰকট হৈ পৰিছে । নতুনৰ দপদপনি দেখি সৰৱ হৈ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটাইছে একাংশ পুৰণি নেতাই । ফলত সংঘাত তীব্ৰতৰ হৈ পৰাৰ লগে লগে ৰাজহুৱা হৈও পৰিছে ।

কোৱা হৈছে ৰাজ্যিক বিজেপিৰ কথা । বৰ্তমান ৰাজ্যিক বিজেপিত আৰম্ভ হৈছে বঙহৰ যুঁজ । লক্ষ্যণীয় বিষয় যে বহু আগৰে পৰাই ৰাজ্যিক বিজেপিত আভ্যন্তৰীণ কন্দল চলি আহিছিল । নতুন আৰু পুৰণিৰ মাজত চলি থকা সংঘাতৰ বিষয়টো নতুন নহয় । কিন্তু লোকসভা নিৰ্বাচনৰ পূৰ্বৰে পৰাই আৰম্ভ হোৱা কন্দলে এতিয়া চূড়ান্ত পৰ্যায় পাইছেগৈ ৷ আনকি মুখ বন্ধ ৰখাৰ বাবে সতৰ্ক কৰি দিবলগীয়া পৰিস্থিতিৰো সৃষ্টি হৈছে ।

ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই সকলোকে মুখ বন্ধ ৰখাৰ বাবে নিৰ্দেশ দিয়াৰ পিছতো মুখ বন্ধ কৰা নাই একাংশ নেতাই । এনে পৰিস্থিতিত লোকসভা নিৰ্বাচনৰ পিছতেই দলীয় অনুশাসন ভংগ কৰাৰ অপৰাধত কেবাজনো নেতাৰ বিৰুদ্ধে দলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক: অসম বিজেপিত তুংগত গৃহযুদ্ধ; এইবাৰ উপ-সভাপতি জয়ন্ত কুমাৰ দাসৰ বিস্ফোৰক পত্ৰ সভাপতি কলিতালৈ

লক্ষ্যণীয় বিষয় যে লোকসভা নিৰ্বাচনৰ বাবে মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দুয়োগৰাকী দীৰ্ঘদিন ধৰি ৰাজ্যৰ বাহিৰত আছে ৷ যাৰ ফলত বাজপেয়ী ভৱনত এতিয়া গৃহ কন্দলে ভয়ানক ৰূপ ধাৰণ কৰিছে ৷ লোকসভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ চলি থকাৰ মাজতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই, প্ৰক্তন বিধায়ক অশোক শৰ্মা, বিধায়ক মৃণাল শ‍ইকীয়াকে ধৰি কেবাজনো নেতাই বিতৰ্কিত মন্তব্য কৰি আহিছিল ।

আনহাতে এই ক্ষেত্ৰত সাংসদ দিলীপ শ‍ইকীয়া আৰু মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই জ্বলা জুইত ঘিউ ঢলাৰ কাম কৰিছিল । ইতিমধ্যে নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাক দলে কাৰণ দৰ্শোৱাৰ জাননী দিয়াৰ পিছত শৰ্মাই দলৰ একাংশক তুলাধুনা দি উক্ত জাননীৰ উত্তৰো দাখিল কৰিছে । কাৰণ দৰ্শোৱাৰ জাননীৰ উত্তৰ দিয়াৰ পিছতো তেওঁ থমকি ৰোৱা নাই ।

ইফালে ৰাজ্যিক বিজেপিয়ে ভোটৰ দিনা প্ৰাক্তন সাংসদ ৰাজেন গোহাঁয়ে কৰা বিতৰ্কিত মন্তব্যৰ সবিশেষ দলৰ শীৰ্ষ নেতৃত্বক অৱগত কৰোৱাইছে । ৰাজেন গোহাঁইৰ ক্ষেত্ৰত দলৰ শীৰ্ষ নেতৃত্বই চাৰি জুনৰ পিছতে কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া চূড়ান্ত হ'ব ৷ দলীয় এক বিশেষ সূত্ৰই জনোৱা মতে ৰাজেন গোহাঁইৰ মন্তব্যক লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ক্ষুণ্ণ হৈ আছে ৷ কিয়নো কেইমাহমানৰ পূৰ্বে অমিত শ্বাহে দিল্লীলৈ মাতি নি গোহাঁইক দলৰ ক্ষতি হোৱা কোনো কথা নক'বলৈ সকীয়াই দিছিল ৷ কিন্তু ইয়াৰ পিছতো নগাঁও লোকসভা সমষ্টিৰ ভোটৰ দিনাই গোহাঁয়ে দলৰ ক্ষতি হ'ব পৰা মন্তব্য কৰিছিল ৷

লগতে পঢ়ক: বিজেপিত অন্তঃকন্দল ! জয়ন্ত মল্ল বৰুৱাক নিয়ন্ত্ৰণ কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান বিধায়ক মৃণাল শইকীয়াৰ

ইফালে দলটোৰ আভ্যন্তৰীণ সংঘাতৰ মাজতে দলৰ পুৰণি নেতাক কৰা সমালোচনাৰ বাবে সৰৱ হ'ল দলটোৰ ৰাজ্যিক উপ-সভাপতি তথা পুৰণি নেতা জয়ন্ত দাস । নলবাৰীৰ প্ৰাক্তন বিধায়ক তথা প্ৰবীণ বিজেপি নেতা অশোক শৰ্মাৰ সন্দৰ্ভত দলৰ ভূমিকাত অসন্তুষ্ট হৈছে জয়ন্ত দাস । আনকি সাংসদ দিলীপ শইকীয়া আৰু মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অশোক শৰ্মাৰ প্ৰসংগত কৰা মন্তব্যক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি জয়ন্ত কুমাৰ দাসে পত্ৰও প্ৰেৰণ কৰিছিল ৰাজ্যিক সভাপতি ভৱেশ কলিতালৈ । পত্ৰৰ প্ৰতিলিপি প্ৰেৰণ কৰিছিল দলীয় আন বিষয়ববীয়ালৈ ।

অশোক শৰ্মাক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰাক লৈ ক্ষোভ উজাৰি পত্ৰযোগে দলৰ স্বাৰ্থত পদক্ষেপ ল’বলৈ দাবী জনাইছিল জয়ন্ত কুমাৰ দাসে । এক কথাত এতিয়া ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে ৰাজ্যিক বিজেপিৰ আভ্যন্তৰত । দলটো ফলে-ফুলে জাতিষ্কাৰ হৈ পৰাৰ সময়ত দলটোৰ উত্তৰণৰ বাবে অহোপুৰুষাৰ্থ কৰা পুৰণি নেতাসকল যেন এলাগী হৈ পৰিছে । নতুনৰ মাজত যেন হেৰাই গৈছে পুৰণিসকল । যাৰ বাবে এনেদৰে এতিয়া ক্ষোভৰ বিস্ফোৰণ ঘটিছে ।

লগতে পঢ়ক: অসমত কট্টৰ বিজেপি নেতাৰ আলাই-আথানি দেখি দুখ পাইছে গৌৰৱ গগৈয়ে

ইফালে এই ক্ষোভ শান্ত কৰাৰ বিপৰীতে একাংশ নেতাই জ্বলা জুইত ঘিউ ঢলাৰ কাম কৰাত সংঘাত অধিক তীব্ৰতৰ হৈ পৰিছে । উল্লেখ্য যে নতুনকৈ বিজেপিত যোগদান কৰা একাংশৰ আগ্ৰাসনত পুৰণি বিজেপিৰ নেতাসকল এলাগী হৈ পৰা বুলি অভিযোগ উত্থাপন হৈ আহিছে । একাংশ জ্যেষ্ঠ নেতাই শেহতীয়াকৈ নতুন বিজেপিসকলৰ বিৰুদ্ধে মুকলিকৈ ক্ষোভ প্ৰকাশ কৰাৰ পিছত ৰহাত আনকি নতুন বিজেপিৰ আগ্ৰাসন ৰোধৰ বাবে পুৰণি বিজেপিৰ কাৰ্যকর্তা সন্মিলনো অনুষ্ঠিত হৈছিল ।

এনে পৰিস্থিতিত যদিহে বিজেপিয়ে ভবা মতেই নিৰ্বাচনী ফলাফল লাভ কৰে তেনেহ'লে অসমত বিদ্ৰোহ কৰা বিজেপি নেতাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাটো নিশ্চিত । অৱশ্যে যদিহে ভবা মতে ফলাফল নহয়, তেনেহ’লে দুই-এজন নেতাৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰি বাকী নেতাসকলক সতৰ্ক কৰি দিব যাতে ভৱিষ্যতে নেতাসকল কোনো সংঘাতত লিপ্ত নহয় ।

মুঠৰ ওপৰত এতিয়া নিৰ্বাচনী ফলাফলৰ ওপৰতে নিৰ্ভৰ কৰিছে অসমৰ বিদ্ৰোহী বিজেপি নেতাসকলৰ ভৱিষ্যৎ ৷ ইফালে ৰাজ্যিক বিজেপিত দেখা দিয়া নতুন আৰু পুৰণিৰ সংঘাতৰ বিষয়টো বিৰোধীৰ বাবে সমালোচনাৰ হাথিয়াৰ হৈ পৰিছে ৷

লগতে পঢ়ক: কাৰোবাৰ উচটনিত কথা কৈছে নেকি অশোক শৰ্মাই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.