ETV Bharat / sports

এছিয়ান ছিনিয়ৰ চেম্পিয়নশ্বিপত স্বৰ্ণ জয়েৰে ইতিহাস ৰচিলে ভাৰতীয় জিমনাষ্ট দীপা কৰ্মকাৰে - Dipa Karmakar Wins Gold

author img

By ETV Bharat Assamese Team

Published : May 26, 2024, 11:00 PM IST

Asian Senior Championships: ভাৰতীয় জিমনাষ্ট দীপা কৰ্মকাৰে মহিলাৰ ভল্ট ইভেণ্টত সোণৰ পদক অৰ্জন কৰাৰ লগে লগে এছিয়ান ছিনিয়ৰ চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হয় । তেওঁ প্ৰতিযোগিতাৰ অন্তিম দিনা ভল্ট ফাইনেলত গড় ১৩.৫৬৬ পইন্ট লাভ কৰিছিল ।

Asian Senior Championships
Dipa Karmakar Wins Gold (Getty Images)

নিউজ ডেস্ক, ২৬ মে’: দেওবাৰে তাছকেণ্ডত মহিলা ভল্ট ইভেণ্টত সোণৰ পদক লাভ কৰি এছিয়ান ছিনিয়ৰ চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হয় শীৰ্ষ জিমনাষ্ট দীপা কৰ্মকাৰ ।

উজবেকিস্তানৰ ৰাজধানী চহৰত অনুষ্ঠিত প্ৰতিযোগিতাৰ অন্তিম দিনা ভল্ট ফাইনেলত গড়ে ১৩.৫৬৬ পইন্ট সংগ্ৰহ কৰে ৩০ বছৰীয়া দীপাই । উত্তৰ কোৰিয়াৰ কিম ছন হিয়াং (১৩.৪৬৬) আৰু জো কিয়ং বায়লে (১২.৯৬৬) ক্ৰমে ৰূপ আৰু ব্ৰঞ্জৰ পদক দখল কৰে ।

২০১৬ চনৰ ৰিঅ’ অলিম্পিকৰ ভল্ট ফাইনেলত চতুৰ্থ স্থান দখল কৰা দীপাই ২০১৫ চনৰ সংস্কৰণত একেটা ইভেণ্টতে ব্ৰঞ্জৰ পদক লাভ কৰিছিল । ২০১৫ চনৰ এছিয়ান চেম্পিয়নশ্বিপত ব্যক্তিগত ফ্ল’ৰ এক্সাৰচাইজত ব্ৰঞ্জৰ পদক লাভ কৰিছিল আশীষ কুমাৰে । ২০১৯ আৰু ২০২২ সংস্কৰণতো ভল্ট ইভেণ্টত এটাকৈ ব্ৰঞ্জৰ পদক লাভ কৰিছিল প্ৰণতি নায়কে ।

লগতে পঢ়ক: বিশ্বকাপৰ পৰা খালী হাতেৰে উভতিল আৰ্চাৰ দীপিকা কুমাৰী - ARCHERY WORLD CUP STAGE 2

ভাৰতীয় ক্ৰীড়া কৰ্তৃপক্ষই এক্সত এক পোষ্টত কয় যে, "দ্য এছিয়ান জিমনাষ্টিকছ চেম্পিয়নশ্বিপত সৃষ্টি ইতিহাস । প্ৰেৰণাদায়ক, দীপা! #সোণৰ বাবে অভিনন্দন ।"

ত্ৰিপুৰাৰ জিমনাষ্টগৰাকীয়ে আন এক বিৰল কৃতিত্বও অৰ্জন কৰিছে, ২০১৮ চনৰ তুৰ্কিয়েৰ মেৰচিনত অনুষ্ঠিত হোৱা এফ আই জি বিশ্বকাপত ভল্টত স্বৰ্ণ পদক লাভ কৰি বিশ্বব্যাপী জিমনাষ্টিক ইভেণ্টত সোণৰ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হৈছে ।

অৱশ্যে ড’পিং অপৰাধৰ বাবে ২১ মাহৰ নিলম্বনৰ পাচত যোৱা বছৰ খেলপথাৰলৈ ঘূৰি অহা দীপা আগন্তুক পেৰিছ অলিম্পিকৰ বাবে প্ৰতিদ্বন্দ্বিতাৰ বাহিৰত আছে । শুকুৰবাৰে ৪৬.১৬৬ স্ক’ৰেৰে অল ৰাউণ্ড শাখাত ১৬ নম্বৰ স্থান দখল কৰে তেওঁ ।

এছিয়ান চেম্পিয়নশ্বিপ হৈছে চূড়ান্ত অলিম্পিক কোৱালিফায়াৰ । এপ্ৰিল মাহত ডোহাত অনুষ্ঠিত হোৱা এফ আই জি এপাৰেটাছ বিশ্বকাপত ভল্ট ফাইনেলত চতুৰ্থ স্থান দখল কৰিছিল দীপাই । ইয়াৰ পূৰ্বে কায়ৰো (১৫-১৮ ফেব্ৰুৱাৰী) বিশ্বকাপত পঞ্চম স্থান দখল কৰাৰ পিছত জাৰ্মানীৰ কটবাছত অনুষ্ঠিত বিশ্বকাপ (২২-২৫ ফেব্ৰুৱাৰী) বাদ দিব লগা হৈছিল ৷

লগতে পঢ়ক: বক্সিং বিশ্ব কোৱালিফায়াৰত অবিনাশ জামৱাল আৰু নিশান্ত দেৱৰ সহজ জয় - Boxing World Qualifiers

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.