বৰ্ণাঢ্য কাৰ্যসূচীৰে মাকুম আৰু জোনাইত আয়োজন ৰঙালী বিহু - Rongali Bihu 2024

By ETV Bharat Assamese Team

Published : May 5, 2024, 9:23 AM IST

thumbnail
বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ ৰঙালী বিহু (ETV Bharat Assam)

তিনিচুকীয়া/ জোনাই, ৫ মে': শনিবাৰৰ পৰা আৰম্ভ হ'ল তিনিচুকীয়া জিলাৰ বৃহত্তৰ মাকুম অঞ্চলবাসী ৰাইজৰ বাবে আৱেগ-অনুভূতি জড়িত হৈ থকা একমাত্ৰ মাকুম কেন্দ্ৰীয় ৰঙালী বিহু । ৬৬ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহুখনি এইবেলি অনুষ্ঠিত কৰা হয় মাকুমৰ ৰজনীকান্ত বৰদলৈ খেলপথাৰত । তিনিদিনিয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বহুতৰ শৈশৱ-যৌৱন জড়িত হৈ থকা ঐতিহাসিক মাকুম কেন্দ্ৰীয় ৰঙালী বিহুখনিক এইবাৰ বিশ্ব দৰবাৰলৈ প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়াস কৰা পৰিলক্ষিত হয় ।

ইফালে চিলাপথাৰৰ ৰাজীৱ গান্ধী ক্ৰীড়া আৰু সাংস্কৃতিক প্ৰকল্পত শনিবাৰৰ পৰাই তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হয় গৌৰৱোজ্জল সোণালী জয়ন্তী বৰ্ষ গৰকা ৫১ সংখ্যক চিলাপথাৰ কেন্দ্ৰীয় ব'হাগী উৎসৱ । গছপুলি ৰোপণেৰে আৰম্ভ হোৱা কাৰ্যসূচীৰ পাছতে চাফাই অভিযান, স্মৃতি তৰ্পণ, পতাকা উত্তোলন কৰা হয় । বিহুতলী উন্মোচন কৰে বিশিষ্ট বিহুৱা প্ৰনৱ দিহিংগীয়াই ।

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.