ETV Bharat / state

ৰঙালীৰ ৰঙত মতলীয়া ৰাজ্যবাসী - Rongali bihu 2024

author img

By ETV Bharat Assamese Team

Published : Apr 30, 2024, 5:52 PM IST

Rongali bihu 2024
ৰঙালীৰ ৰঙত মতলীয়া ৰাজ্যবাসী

Rongali bihu 2024 : ৰঙালী বিহু বুলিলেই জানো ৰৈ থাকিব পাৰি । ঢোলৰ-পেঁপাৰ শব্দত ৰজনজনাই আছে চৌদিশ । এইবাৰ মঞ্চ বিহুৰ সমান্তৰালকৈ পিচ পৰি ৰোৱা নাই মুকলি বিহু ৷

ৰঙালীৰ ৰঙত মতলীয়া ৰাজ্যবাসী

নিউজ ডেস্ক, 30 এপ্ৰিল : ৰাজ্যজুৰি অব্যাহত আছে ৰঙালী বিহুৰ কাৰ্যসূচী ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰঙালী বিহুৰ বিভিন্ন অনুষ্ঠান অনষ্ঠিত হৈ আছে ৷ এইবাৰ মঞ্চ বিহুৰ সমান্তৰালকে মুকলি বিহুৱেও সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷

গোলাঘাট জিলাৰ সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাকৰিত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে বিহু নাচেৰে মুখৰিত কৰিলে বিদ্যালয়ৰ প্ৰাংগণ । ৰঙালীৰ ৰঙত মতলীয়া সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিয়াল । আধুনিকতাৰ ধামখুমীয়াত বিহু আধুনিক হ'লেও কিছু পুৰণি ৰীতিৰে মুকলি ঠাইত বিহু নচাৰ প্ৰয়াস কৰিছে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী কৰ্মচাৰীসকলে ।

আনহাতে, লখিমপুৰত মঙলবাৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে 66 সংখ্যক লখিমপুৰ কেন্দ্রীয় ৰঙালী বিহু সন্মিলন । এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্রাৰে লখিমপুৰত অনন্য পৰিৱেশ সৃষ্টি হয় ৷

ইয়াৰোপৰি বয়োজ্যেষ্ঠক সম্বৰ্ধনা, মঞ্চ উদ্বোধন, কণী যুঁজ, ৰঙালী হাট উদ্বোধন, মইনা বিহুৱতী প্ৰতিযোগিতা, সাংস্কৃতিক কাৰ্য্যক্ৰম আদিও অনুষ্ঠিত হয় ৷ এই অনুষ্ঠানৰ অন্তিম দিনাৰ অন্তিমটো সাংস্কৃতিক অনুষ্ঠানত কুসুম কৈলাশ, দীপান্বিতা ডেকা, বিনীতা ৰাগিনী আৰু ধৰিত্ৰীনন্দাই অংশগ্রহণ কৰিব ৷

আনহাতে প্ৰায় লুপ্ত হ’বলৈ ধৰা বাটৰ বিহুৰ পৰম্পৰা ৰক্ষা কৰি অহা নগাঁৱৰ অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান "ৰংগমঞ্চ"ই পৰম্পৰাগত বাটৰ বিহু উদযাপন কৰে । নগাঁৱৰ বিভিন্ন প্ৰান্তত বাটৰ বিহু প্ৰদৰ্শন কৰে ৰংগমঞ্চই ।

এইবাৰ নগাঁৱৰ পুৰণিগুদাম , ডিমৰুগুৰি, চামগুৰি আৰু জুৰীয়াত প্ৰতিযোগিতামূলকভাৱে বাটৰ বিহু অনুষ্ঠিত কৰা হয় । এই বাটৰ বিহুত নগাঁৱৰ বিভিন্ন অঞ্চলৰ কণমানিৰ পৰা গাভৰু, বোৱাৰী আদি সকলোৱে অংশ লয় ।

ইয়াৰোপৰি যোৰহাটত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অনুষ্ঠিত কৰে দ্বিতীয় বাৰ্ষিক ৰঙালী বিহু সন্মিলন ৷ এদিনীয়া কাৰ্যসূচীৰে যোৰহাট জিলা ক্ৰীড়া সন্থা খেলপথাৰত অনুষ্ঠিত কৰা হয় এই বিহু সন্মিলন ।

বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি, সংস্কৃতি আৰু পৰম্পৰাগত লোক নৃত্যৰ সমাহাৰেৰে এক বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা যোৰহাট ক্ৰীড়া সন্থাৰ খেলপথাৰ প্ৰাংগনৰ পৰা যোৰহাট নগৰ মাজেৰে বাহিৰ কৰা হয় ৷ এই শোভাযাত্ৰাত অসমৰ গ্ৰাম্যজীৱনৰ পৰা হেৰাই যোৱা পৰম্পৰাৰ প্ৰতিফলন ঘটোৱা হয় ।

এই বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত নেত্ৰ কাই হিচাপে খ্যাত জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতি সভাপতি পলাশ চাংমাই, সংগীত পৰিচালক জয়ন্ত নাথ সহ বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক: সৰুপথাৰ নগৰত বিশাল সাংস্কৃতিক শোভাযাত্ৰাত অংশ ললে অভিনেত্ৰী প্ৰিয়ম পল্লৱী। - Rongali Bihu 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.