সৰুপথাৰ নগৰত বিশাল সাংস্কৃতিক শোভাযাত্ৰাত অংশ ললে অভিনেত্ৰী প্ৰিয়ম পল্লৱী। - Rongali Bihu 2024

By ETV Bharat Assamese Team

Published : Apr 26, 2024, 8:09 PM IST

thumbnail

সৰুপথাৰ, ২৬ এপ্ৰিল: গোলাঘাট জিলাৰ সৰুপথাৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত সৰুপথাৰ কেন্দ্ৰীয় ৰঙালী বিহুৰ আজি দ্বিতীয় দিনা উলিওৱা হয় এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা । এইবাৰ হীৰক জয়ন্তী বৰ্ষ উদযাপন কৰিছে সৰুপথাৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে । বৃহস্পতিবাৰে সৰু বিহুৱতী, বৰ বিহুৱতী, জেং বিহু, ঢোল বাদন প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ পিচত আজি  বিহুস্থলীৰ পৰা সৰুপথাৰ নগৰৰ মাজমজিয়ালৈকে বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ।

জিলাখনৰ ধনশিৰি মহকুমাত বিভিন্ন সম্প্ৰদায়ৰ লোকে বাস কৰে । প্ৰত্যেকৰে আছে ভিন্ন সংস্কৃতি । ধনশিৰি মহকুমাৰ সদৰ সৰুপথাৰত জাতি-ধৰ্ম, বৰ্ণ-ভাষা নিৰ্বিশেষে এই লোকসকলে শোভযাত্ৰাত অংশগ্ৰহণ কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে । অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ম পল্লৱীয়ে এই  শোভাযাত্ৰাত অংশগ্ৰহণ কৰে । 

লগতে পঢ়ক:আজিৰ পৰা ডিব্ৰুগড়ত কেন্দ্ৰীয় ৰঙালী উৎসৱ ২০২৪ আৰম্ভ - Rongali Utsav 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.