ETV Bharat / state

আজিৰ পৰা ডিব্ৰুগড়ত কেন্দ্ৰীয় ৰঙালী উৎসৱ ২০২৪ আৰম্ভ - Rongali utsav 2024

Rongali utsav 2024 : ৰাজ্যত অব্যাহত আছে ৰঙালীৰ ৰং ৷ ডিব্ৰুগড়ৰ কেন্দ্ৰীয় ৰঙালী উৎসৱ 2024 ত একেখন মঞ্চত বিহু জুৰিলে অসমীয়া ছবি জগতৰ কেইবাগৰাকী জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে ৷

Etv BharatRongali utsav 2024
আজিৰ পৰা ডিব্ৰুগড়ত কেন্দ্ৰীয় ৰঙালী উৎসৱ ২০২৪ উদযাপন
author img

By ETV Bharat Assamese Team

Published : Apr 24, 2024, 9:36 PM IST

Updated : Apr 25, 2024, 7:56 AM IST

আজিৰ পৰা ডিব্ৰুগড়ত কেন্দ্ৰীয় ৰঙালী উৎসৱ ২০২৪ উদযাপন

ডিব্ৰুগড়, 24 এপ্ৰিল : ৰাজ্যত ৰঙালী বিহুৰ উলহ মালহ অব্যাহত আছে ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত বিহু অনুষ্ঠানসমূহ চলি আছে ৷ এইবাৰ ডিব্ৰুগড়ত আৰম্ভ হৈছে ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱ 2024 ।

সদৌ ডিব্ৰুগড় ছাত্র সন্থাৰ উদ্যোগত আৰু ডিব্ৰুগড়ৰ ৰাইজৰ সহযোগত বুধবাৰৰ পৰা চৌকিডিংগী খেলপথাৰত চাৰিদিনীয়াকৈ অনুষ্ঠিত হৈছে "কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন 2024"। চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানত আজি প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা আছু আৰু বিহুৰ পতাকা উত্তোলন কৰা হয় ৷ ইয়াৰ পিচতেই এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়।

এই শোভাযাত্ৰাত যুৰীয়া হাতী আগত লৈ বিহু, সোণোৱাল-কছাৰীৰ নৃত্য, বাগৰুম্বা, মিচিঙকে আদি কৰি সকলো জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক কাৰ্যসূচীৰে ডিব্ৰুগড়ৰ ৰাজপথত বিশাল সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰে । এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে বিশিষ্ট অভিনেতা অৰুণ হাজৰিকা, নয়ন নীলিম, চেতনা দাস আৰু মাধুৰিমা চৌধুৰীয়ে । ইয়াৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ‍্যেতি বৰুৱাসহ আছুৰ নেতৃত্ব উপস্থিত থাকে এই কাৰ্যসূচীত ।

  • " class="align-text-top noRightClick twitterSection" data="">

ইয়াৰ পাচতে একেখন মঞ্চত বিহু জুৰিলে অসমীয়া ছবি জগতৰ চেতনা দাস, মাধুৰিমা চৌধুৰী, অৰুণ হাজৰিকাৰ লগতে নয়ন নীলিম, নৱ প্ৰজন্মৰ জনপ্ৰিয় গায়িকা নিলাভনীতা, যশস্বী ভূঞা, বৈভৱী গোস্বামীকে ধৰি কেইবাগৰাকী শিল্পীয়ে ।

উল্লেখ্য যে, চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চৌকিডিংগী খেলপথাৰত অনুষ্ঠিত কেন্দ্ৰীয় ৰঙালী উৎসৱ 2024 ৰ শেষৰ দুটা দিনত জুবিন গাৰ্গ আৰু অংগৰাগ পাপন মহন্ত‌ই অনুষ্ঠান পৰিৱেশন কৰিব । লগতে এইবাৰ ৰঙালী উৎসৱত চাৰিগৰাকী বিশিষ্ট শিল্পী ক্রমে চৈয়দ ছাদুল্লা, ৰাজেন গোহাঁই, হীৰেন গোহাঁই আৰু প্ৰশান্ত বৰদলৈক প্ৰদান কৰা হ’ব ডিব্ৰু সন্মান বঁটা ।

লগতে পঢ়ক: Scam in Sonowal Kasari Autonomous Council: ভয়ংকৰ কেলেংকাৰীয়ে কঁপাইছে সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদ

Last Updated : Apr 25, 2024, 7:56 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.