সত্ৰাধিকাৰৰ তৎপৰতাত জব্দ চোৰাং গৰুসহ বিলাসী বাহন - Cow smuggling in Dibrugarh

By ETV Bharat Assamese Team

Published : May 29, 2024, 12:47 PM IST

thumbnail
সত্ৰাধিকাৰৰ তৎপৰতাত জব্দ চোৰাং গৰুসহ বিলাসী বাহন (ETV Bharat Assam)

ডিব্ৰুগড়,২৯ মে': ডিব্ৰুগড় জিলাৰ লাহোৱালৰ ঐতিহাসিক মায়ামৰা মদাৰখাত সত্ৰৰ সমীপত বিলাসী বাহনত চোৰাং গৰু উদ্ধাৰক লৈ নিশা তীব্ৰ চাঞ্চল্য । AS-06-F-6518 চেভেলটত উইভা বাহনৰ পৰা উদ্ধাৰ কৰা হয় দুটাকৈ চোৰাং গৰু । জানিব পৰা অনুসৰি সত্ৰাধিকাৰ শ্ৰীশ্ৰী বৈষ্ণৱানন্দ গোস্বামীয়ে নিশা তিনিচুকীয়াৰ পৰা বিশেষ কামত আহোতে গাড়ীৰ পোহৰ দেখি চোৰে গৰু এৰি পলায়ন কৰে । লগে লগে গাঁৱৰ ৰাইজক খবৰ দিয়াত গাঁৱৰ ৰাইজ উপস্থিত হৈ দুটাকৈ গৰু বিলাসী বাহনৰ পৰা উদ্ধাৰ কৰে ।  

ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ লগ লগে লাহোৱাল আৰক্ষী আৰু ঘোঁৰামৰা আৰক্ষী থানাৰ আৰক্ষী উপস্থিত হৈ গৰুসহ বিলাসী বাহন জব্দ কৰে । জানিব পৰা মতে গৰু চোৰে উক্ত স্থানৰ পৰাই নিশা আন্ধাৰ সু্যোগ লৈ দুটাকৈ গৰু চুৰ কৰি বাহনত ভৰাই লৈ যোৱাৰ ব্যৱস্থা কৰা সময়ত গাড়ীৰ পোহৰ দেখি চোৰে গৰু এৰি পলায়ন কৰে । ইতিমধ্যে আৰক্ষীয়ে গৰু চোৰৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে । 

লগতে পঢ়ক: কলিয়াবৰত ৩ গৰু চোৰসহ জব্দ বিলাসী বাহন

বিলাসী বাহনত চুৰি গৰুসহ দুটা গৰু চোৰ আটক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.