বিলাসী বাহনত চুৰি গৰুসহ দুটা গৰু চোৰ আটক

By ETV Bharat Assamese Team

Published : Jan 11, 2024, 12:24 PM IST

thumbnail

চামগুৰি, 11 জানুৱাৰী : ৰাজ্যত অব্যাহত আছে গৰু চোৰৰ দৌৰাত্ম্য। প্ৰতিদিনে ন ন কায়দাৰে গৰু চুৰি কৰি আহিছে গৰু চোৰে । ৰহাৰ চাপৰমুখত বৃহস্পতিবাৰে পুৱতি নিশা গৰু চুৰিক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ ঊত্তেজনাৰ । ৰাইজে খেদি খেদি ধৰিলে দুখন বিলাসী বাহনসহ গৰু চুৰি কৰা দুই চোৰক। 

স্থানীয় ৰাইজে AS 02 AM 8775 আৰু AS 01FK 1690 নম্বৰৰ দুখন বিলাসী বাহনত চুৰি কৰা দুটা গৰুসহ দুই গৰু চোৰক আটক কৰে । জানিব পৰা মতে নিশা চোৰ দুটাই ৰহাৰ নকুছিৰ পৰা বিলাসী বাহন দুখনেৰে দুটা গৰু চুৰ কৰি আনিছিল ৷

এই কথা স্থানীয় ৰাইজে গম পোৱাৰ পিচতে স্থানীয় লোকে দুয়োজনক পিচে পিচে খেদি আহে ৷ অৱশেষত চাপৰমুখত গাড়ীসহ দুই চোৰক আটক কৰিবলৈ সক্ষম হয় স্থানীয় লোকে । অৱশ্যে নিশা আন্ধাৰৰ সুযোগ লৈ গাড়ীখনত অহা কেইবাটাও চোৰ চোৰ পলাই যাবলৈ সক্ষম হয় । পিচত ৰাইজে আটক কৰা চোৰ দুটাক চাপৰমুখ আৰক্ষী চকীত গতাই দিয়ে । চোৰ দুটাৰ নাম সমৰ আলী আৰু ৱাহিদুল ইছলাম বুলি জানিব পৰা গৈছে । দুয়োটা চোৰৰে ঘৰ নগাঁৱৰ ৰূপহীৰ হাতী পুখুৰীত বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: কন্দনামুৱা হৈ সাংবাদিকৰ আগত ক’লে পেটৰ সন্তানতকৈয়ো মৰমৰ আছিল সেই গৰু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.