কলিয়াবৰত ৩ গৰু চোৰসহ জব্দ বিলাসী বাহন

By ETV Bharat Assamese Team

Published : Feb 9, 2024, 1:36 PM IST

thumbnail

কলিয়াবৰ, ৯ফেব্ৰুৱাৰী: কলিয়াবৰত অব্যাহত আছে গৰু চুৰিৰ ঘটনা । নিশা কলিয়াবৰ আৰক্ষী থানাৰ অন্তৰ্গত চামধৰা গাঁৱত গৰু চুৰি কৰি থাকোতেই হাতে লোতে ধৰা পৰে গৰু চুৰি চক্ৰৰ তিনিটাকৈ গভাইত চোৰ । চোৰে চামধৰা গাঁৱৰ পুনিৰাম হাজৰিকা আৰু অপূৰ্ব হাজৰিকা নামৰ লোক দুজনৰ গোহালিৰ পৰা দুজনী গাই গৰু বাহনত তুলি পলায়ন কৰাৰ সময়তে মুখা-মুখি হয় নিশাৰ তহলদাৰী আৰক্ষীৰ । আৰক্ষীৰ বাহন দেখা পাই বাহনসহ চোৰৰ দলটো পলায়নৰ চেষ্টা কৰে আৰু আৰক্ষীয়েও খেদি যায় দলটোক। চোৰৰ দলটোৱে শিলঘাট-ত্ৰিশূলধাৰীত বাহন এৰি পলায়ন কৰে ।

আৰক্ষীয়ে গৰু দুটাৰ লগতে AS 01 BW 8791 নম্বৰৰ বাহনখন জব্দ কৰি থানালৈ লৈ আহে । এই ঘটনাৰ কিছু সময়ৰ পাছতে পলায়ন কৰা চোৰৰ দলটোৰ এজনক সন্দেহজনকভাৱে খোজকাঢ়ি আহি থকা অৱস্থাত অসম সমবায় মৰাপাট কলৰ সুৰক্ষা কৰ্মীয়ে কৰায়ত্ত কৰি গতাই দিয়ে শিলঘাট আৰক্ষীক ।  

আনহাতে, ব্ৰহ্মপুত্ৰৰ পাৰে-পাৰে আহি থকা অৱস্থাত আন দুটা চোৰক স্থানীয় ৰাইজৰ সহযোগত আটক কৰে আৰক্ষীয়ে । বৰ্তমানো বাহনখনৰ চালকজন পলাতক অৱস্থাত আছে । 

লগতে পঢ়ক: বিলাসী বাহনত চুৰি গৰুসহ দুটা গৰু চোৰ আটক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.