ETV Bharat / entertainment

কাঁ চলচিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ'ল "কুকি" - Assamese film Kooki

author img

By ETV Bharat Assamese Team

Published : May 22, 2024, 6:34 PM IST

Assamese film Kooki: কাঁ চলচিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ'ল অসমত নিৰ্মিত হিন্দী চলচ্চিত্ৰ "কুকি" ৷ মঙলবাৰে কাঁ চলচ্চিত্ৰ মহোৎসৱ (ডু ফিল্ম দে কাঁ)ত প্ৰদৰ্শিত হয় ছবিখন ৷

Assamese film Kooki
কাঁ চলচিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ'ল "কুকি" (ETV BHARAT ASSAM)

গুৱাহাটী, 22 মে’: বিশ্বব্যাপী দৰ্শকৰ পৰা প্ৰশংসা লাভ কৰিলে এগৰাকী অসমীয়া প্ৰযোজকৰ দ্বাৰা হিন্দী ভাষাত নিৰ্মিত ছবি "কুকি"এ ৷ মঙলবাৰে কাঁ চলচ্চিত্ৰ মহোৎসৱ (ডু ফিল্ম দে কাঁ)ত প্ৰদৰ্শিত হয় ছবিখন ৷ বিভিন্ন দেশৰ চলচ্চিত্ৰ অনুৰাগীৰ সন্মুখত পেলেই এইচ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই প্ৰদৰ্শনী ৷ লগতে ছবিখনৰ প্ৰযোজক ড৹ জোনমণি দেৱী খাউণ্ড আৰু ছবিখনৰ অভিনেত্ৰী ঋতিশা খাউণ্ডে এই মহোৎসৱত অংশগ্ৰহণ কৰি দৰ্শকৰ সতে মত বিনিময় কৰে ৷

Assamese film Kooki
কাঁ চলচিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ'ল "কুকি" (ETV BHARAT ASSAM)

আনহাতে ঋতিষা খাউণ্ডৰ ব্যতিক্ৰমী অভিনয়ক প্ৰদৰ্শনীত উপস্থিত থকা বহুকেইগৰাকী পৰিচালক আৰু চলচ্চিত্ৰ নিৰ্মাতাই প্ৰশংসা কৰে ৷ এই সন্দৰ্ভত অভিনেত্ৰীগৰাকীয়ে এক প্ৰেছ বাৰ্তা যোগে জনায় “ মই নেদেখাজনক ধন্যবাদ জনাইছো যে কুকিয়ে মোৰ ৰাজ্য আৰু দেশত ইমান মৰম লাভ কৰাৰ লগতে বিশ্বব্যাপী দৰ্শকৰ পৰাও সমানে শলাগ লাভ কৰিবলৈ সক্ষম হৈছে ৷ মই আমাৰ পৰিচালক প্ৰণৱ জে ডেকা, সমূহ অভিনেতা আৰু সমগ্ৰ দলটোক ধন্যবাদ জনাইছো যিয়ে মোক এই যাত্ৰাত পথ প্ৰদৰ্শন কৰিছিল আৰু মোৰ বাবে কামবোৰ সহজ কৰি তুলিছিল ৷”

ইফালে, ২৮ জুনত সমগ্ৰ ভাৰতৰ ১০০টা ছবিগৃহত মুক্তি পাব নতুন ছবি "কুকি" এ ৷ ছবিখনে ধৰ্ষণৰ বলি হোৱা এগৰাকী ভুক্তভোগীৰ কঠিন যাত্ৰা আৰু তেওঁ পাৰ কৰিবলগা হোৱা বিভিন্ন মানসিক সংঘাতৰ কাহিনী বৰ্ণনা কৰি এক স্পৰ্শকাতৰ বিষয়বস্তু সকলোৰে আগত তুলি ধৰিছে ৷ ছবিখনে মুক্তিৰ বাবে প্ৰস্তুতি চলোৱাৰ সমান্তৰালভাৱে দৰ্শক আৰু অনুৰাগীৰ মাজত প্ৰত্যাশা আৰু উত্তেজনা দেখা গৈছে ৷ আশা কৰা হৈছে যে এই প্ৰচেষ্টাই কেৱল মনোৰঞ্জন দিয়াই নহয়, বৰঞ্চ উঠি অহা অসমীয়া চলচ্চিত্ৰ উদ্যোগটোক আঞ্চলিক আৰু ৰাষ্ট্ৰীয় উভয় ক্ষেত্ৰতেই সফলতা আৰু স্বীকৃতিৰ বৃহত্তৰ উচ্চতাৰ দিশে আগুৱাই নিয়াত এক অনুঘটক হিচাপেও কাম কৰিব ৷

উল্লেখযোগ্য যে, কাঁ চলচিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱাৰ পাছত ফ্ৰান্স, মৰক্কো আৰু আন কেইবাখনো দেশে নিজ নিজ ৰাষ্ট্ৰত "কুকি" মুকলি কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক: কাঁ চলচ্চিত্ৰ মহোৎসৱ ২০২৪ত প্ৰদৰ্শিত হ’ব অসমত নিৰ্মিত হিন্দী বোলছবি 'কুকি’ - Kooki in Cannes Film Festival 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.