ETV Bharat / entertainment

কাঁ চলচ্চিত্ৰ মহোৎসৱ ২০২৪ত প্ৰদৰ্শিত হ’ব অসমত নিৰ্মিত হিন্দী বোলছবি 'কুকি’ - Kooki in Cannes Film Festival 2024

Kooki in Cannes Film Festival 2024: কাঁ চলচ্চিত্ৰ মহোৎসৱ ২০২৪ত এইবাৰ প্ৰদৰ্শিত হ’ব অসমত নিৰ্মিত হিন্দী বোলছবি 'কুকি ৷ ২৮ জুনত দেশজুৰি আনুষ্ঠানিকভাৱে মুক্তি পোৱাৰ পূৰ্বে ২০২৪ চনৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’ব অসমত নিৰ্মিত হিন্দী বৈশিষ্ট্যপূৰ্ণ ছবি ‘কুকি’ ।

assams-hindi-feature-film-kooki-to-be-screened-at-cannes-ahead-of-official-release
কাঁন চলচ্চিত্ৰ মহোৎসৱ ২০২৪ত প্ৰদৰ্শিত হ’ব অসমত নিৰ্মিত হিন্দী বোলছবি 'কুকি’ (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : May 11, 2024 at 5:17 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী, ১১ মে : মুক্তিলাভৰ পূৰ্বেই প্ৰতিষ্ঠিত কাঁ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ লাভ কৰিছে অসমত নিৰ্মিত হিন্দী ভাষাৰ ছবি 'কুকি’য়ে ৷ আগন্তুক ২৮ জুনত সমগ্ৰ দেশৰ ছবিগৃহত আনুষ্ঠানিকভাৱে মুক্তি লাভৰ পূৰ্বে ছবিখনে কাঁ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ লাভ কৰাত উৎফুল্লিত হৈ পৰিছে ছবিখনৰ সৈতে জড়িত কলা-কুশলীসকল ৷ উল্লেখ্য যে, ২১ মে’ৰ পুৱা ১১.৩০ বজাত (স্থানীয় সময় অনুসৰি) পেলেছ এইচত (Palais H)ত প্ৰদৰ্শিত হ’ব অসমত নিৰ্মিত হিন্দী ভাষাৰ বোলছবিখন ৷

এই গৌৰৱৰ মুহূৰ্তৰ বিষয়ে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি 'কুকি’ৰ প্ৰযোজক ড৹ জোনমণি দেৱী খাউণ্ডে কয়, "প্ৰতিষ্ঠিত কাঁ চলচ্চিত্ৰ মহোৎসৱ, ২০২৪ত মোৰ প্ৰথমখন ছবি 'কুকি’ প্ৰদৰ্শন কৰাৰ সুযোগ লাভ কৰি মই অত্যন্ত কৃতজ্ঞ আৰু সন্মানিতবোধ কৰিছোঁ ৷ এই মঞ্চখনে চলচ্চিত্ৰ কলা উদযাপন কৰাই নহয়, বৰং গুৰুত্বপূৰ্ণ বিশ্বজনীন বিষয়বস্তুৰ ওপৰত কথা ক’বলৈও আমাৰ কণ্ঠক প্ৰসাৰিত কৰে ৷

লগতে তেওঁ কয় যে, "কুকিত এনে এটা বিষয় উপস্থাপন কৰা হৈছে, যিটো বিষয়ৰ ওপৰত গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় মনোযোগ আৰু আলোচনাৰ প্ৰয়োজন আছে আৰু সেইবাবে কাঁ চলচ্চিত্ৰ মহোৎসৱত এই ছবিখনৰ উপস্থাপন বিশেষভাৱে গুৰুত্বপূৰ্ণ ৷ মোৰ দৃঢ় বিশ্বাস যে, সজাগতা আৰু অৰ্থপূৰ্ণ আইনী সংস্কাৰৰ দাবী কৰা আমাৰ ছবিখনৰ বিষয়বস্তুটো সমগ্ৰ বিশ্বৰ দৰ্শকক প্ৰদৰ্শিত কৰাৰ যোগ্য ৷ কাঁৰ দৰে চলচ্চিত্ৰ মহোৎসৱত এখন ছবি প্ৰদৰ্শন কৰাৰ সুযোগ লাভ কৰাটো এগৰাকী চলচ্চিত্ৰ নিৰ্মাতাৰ বাবে সদায় এক সপোন বাস্তৱায়িত হোৱাৰ দৰে ৷ এনে এখন বিখ্যাত মঞ্চত আমাৰ কাহিনী তুলি ধৰিবলৈ সুযোগ লাভ কৰাৰ বাবে মই অতিশয় কৃতজ্ঞ ৷"

উল্লেখ্য যে, অসমত নিৰ্মিত এই হিন্দী ভাষাৰ ছবিখনত বলিউডৰ কেবাগৰাকীও প্ৰতিষ্ঠিত অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰাৰ লগতে হিন্দী ছবি উদ্যোগত খ্যাতি অৰ্জন কৰা অনেক কেইগৰাকী অসমীয়া শিল্পীয়ে কাম কৰিছে ৷ ছবিখনত অভিনয় কৰা শিল্পীসকলৰ উল্লেখযোগ্য নামসমূহৰ ভিতৰত আছে ৰিতিশা খাউণ্ড, ৰাজেশ টাইলাং, দীপান্বিতা শৰ্মা, ঋতু শিৱপুৰী, দেৱলীনা ভট্টাচাৰ্য, বোধিসত্ত্ব শৰ্মা, কমল লোচন, বিভূতি ভূষণ হাজৰিকা, প্ৰীতি কংকনা আৰু ৰঞ্জীৱ লাল বৰা আদি ৷

ইয়াৰোপৰি বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী সুনিধি চৌহান, দিব্য কুমাৰ, মহম্মদ ফৈজ আৰু অসমৰ কৃতিকা শৰ্মাই 'কুকি’ৰ তিনিটা সুমধুৰ গীতত কণ্ঠ নিগৰাইছে ৷ পৰিচালক প্ৰণৱ জে ডেকা আৰু দলটোৱেও সন্মানীয় কাঁ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’বলগীয়া তেওঁলোকৰ ছবিখনক নিৰ্বাচন কৰাক লৈ সুখ প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক: ‘কুকি’ৰে আৰম্ভ অষ্টম বাৰ্ষিক ব্ৰহ্মপুত্ৰভেলী চলচ্চিত্ৰ মহোৎসৱ

লগতে পঢ়ক: ৰবি শৰ্মাৰ নতুন অৱতাৰ - New Assamese Film Rudra