সৎ-নিষ্ঠাবান-সৰল ব্যক্তি আছিল থানেশ্বৰ বড়ো: সোণোৱাল - Sarbananda Sonowal in rangia

By ETV Bharat Assamese Team

Published : May 22, 2024, 6:04 PM IST

thumbnail
ৰঙিয়াত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Etv bharat assam)

ৰঙিয়া, 22 মে’: প্ৰয়াত প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ গৃহত আজি উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ ৰঙিয়াৰ গৰকাস্থিত গৃহত উপস্থিত হয় সৰ্বানন্দ সোণোৱাল । উপস্থিত হৈয়ে প্ৰয়াত থানেশ্বৰ বড়োৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সোণোৱালে । 

শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, "থানেশ্বৰ বড়ো সকলোৰে আদৰ্শ । তেখেতে জীৱনকালত যিখিনি কাম কৰি থৈ গ'ল সেয়া আমি কোনোৱে পাহৰিব নোৱাৰো । তেখেতক ব্যক্তিগতভাৱে বহুবাৰ লগ পাইছিলো । ইমান সৎ, নিষ্ঠাবান আৰু সৰল ব্যক্তি আছিল থানেশ্বৰ বড়ো ! বিভিন্ন বিষয়ত তেখেতৰ দখল আছিল । এই কথা তেখেতৰ ব্যক্তিত্বত প্ৰকাশ পায় ‌। তেখেতে শিক্ষা আৰু ৰাজহ মন্ত্ৰী হৈ যিখিনি সততাৰে কাম কৰি গ'ল, সেয়া আজিৰ চামৰ ৰাজনীতি কৰাবোৰে শিকিবলগীয়া কথা । জ্যেষ্ঠসকলে যি আদৰ্শ দেখুৱাই থৈ গৈছে, আমি সকলোৱে সেই সকলো নিষ্ঠা আৰু সততাৰে গ্ৰহণ কৰিব লাগিব । তেখেতৰ কৰ্মৰাজী মানুহৰ মনত সদায়ে সজীৱ হৈ থাকিব ৷"

লগতে পঢ়ক: ৰাজ্যিক মৰ্যাদাৰে শেষ বিদায় প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োক - Thaneswar Boro Passes Away

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.