ৰাজ্যিক মৰ্যাদাৰে শেষ বিদায় প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োক - Thaneswar Boro Passes Away
THANESWAR BORO DEATH: পঞ্চভূতত বিলীন হ'ল প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়ো । ৰঙিয়াৰ ৰাজহুৱা শ্মশাসনত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সমাপন কৰা হয় প্ৰাক্তন মন্ত্ৰীগৰাকীৰ শেষকৃত্য । অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰীগৰাকীক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে অসম বিধানসভাৰ অধ্যক্ষৰ লগতে বহু ৰাজনৈতিক নেতা তথা শিল্পী মানস ৰবীনে ।

Published : May 17, 2024 at 8:15 PM IST
ৰঙিয়া, ১৭ মে': পঞ্চভূতত বিলীন হ'ল থানেশ্বৰ বড়োৰ নশ্বৰ দেহ । গুৱাহাটীৰ পৰা ৰঙিয়া অভিমুখে অহাৰ সময়ত বিভিন্ন প্ৰান্তত প্ৰাক্তন মন্ত্ৰীগৰাকীক শেষ শ্ৰদ্ধা নিবেদন কৰে ৰাইজে । ৰঙিয়াত প্ৰথমে গুৰমৌ আৰু দ্বিপ্তেশ্বৰীৰ নিজা বাসগৃহত শ্ৰদ্ধা নিবেদন কৰাৰ পিছত ৰঙিয়াৰ অগপ কাৰ্যালয়ত, ৰঙিয়া হিন্দী হাইস্কুলৰ খেলপথাৰত অগণন ৰাইজে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰয়াত প্ৰাক্তন মন্ত্ৰীগৰাকীলৈ । শেষত ৰঙিয়াৰ ৰাজহুৱা শ্মশাসনত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে প্ৰাক্তন মন্ত্ৰীগৰাকীৰ শেষকৃত্য সমাপন কৰা হয় ।
শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, অগপৰ সভাপতি তথা কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰা, অগপৰ কাৰ্যকৰী সভাপতি তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, শিক্ষামন্ত্ৰী ৰণোজ পেগু, ইউজি ব্ৰহ্ম, বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, বঙাইগাঁৱৰ বিধায়ক ফণী ভূষণ চৌধুৰী, জনপ্ৰিয় সংগীত শিল্পী মানস ৰবীনৰ লগতে কেইবাগৰাকীও প্ৰাক্তন বিধায়ককে ধৰি শ শ গুণমুগ্ধই ।
শুকুৰবাৰে পুৱা ৭.০৮ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ৷ অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰীগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৮৫ বছৰ ৷ দীৰ্ঘদিন ধৰি হৃদৰোগৰ লগতে মধুমেহ, যকৃত আৰু বৃক্কৰ দৰে জটিল ৰোগত আক্ৰান্ত হৈ আছিল প্ৰাক্তন মন্ত্ৰীগৰাকী ৷
বিগত ১৩ মে' ত অসম চৰকাৰৰ দুই মন্ত্ৰী তথা অগপ দলৰ সভাপতি আৰু কাৰ্যকৰী সভাপতি ক্ৰমে অতুল বৰা আৰু কেশৱ মহন্তৰ তৎপৰতাত ৰঙিয়াৰ স্বস্তি হাস্পতালৰ পৰা উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ স্থানান্তৰ কৰা হৈছিল বড়োক ৷ অৱশেষত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে প্ৰাক্তন মন্ত্ৰীগৰাকীৰ ৷

