ETV Bharat / politics

কিয় নৰেন্দ্ৰ মোদীক পুনৰ প্ৰধানমন্ত্ৰী হিচাপে বিচাৰে জনতাই ? - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Jun 1, 2024, 7:04 PM IST

Lok Sabha Election 2024: কাৰ দখলত দিল্লীৰ মচনদ ? কোনে ল'ব শাসনৰ বাঘজৰী ? EVM ত বন্দী প্ৰাৰ্থীৰ ভাগ্য । কোনে কাক বিচাৰে প্ৰধানমন্ত্ৰী হিচাপে ? গুৱাহাটীৰ জনতাৰ মতে কোনে শুৱনি কৰিব প্ৰধানমন্ত্ৰীৰ আসন ? ৰাইজৰ মনৰ কথাৰে এই বিশেষ প্ৰতিবেদন ।

Who will win for PM in 2024 Lok Sabha elections opinion of local people
কিয় নৰেন্দ্ৰ মোদীক পুনৰ প্ৰধানমন্ত্ৰী হিচাপে বিচাৰে জনতাই ? (Google)

গুৱাহাটী,১ জুন: ৪ জুনত ঘোষণা হ'ব বহু আকাংক্ষিত লোকসভা নিৰ্বাচনৰ ফলাফল । উৎকণ্ঠাৰে সেই দিনটোলৈ বাট চাই আছে সমগ্ৰ দেশবাসীয়ে । কোন‌‌ হ'ব দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী ? আকৌ নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী হ'বনে ? কংগ্ৰেছৰ ৰাহুল গান্ধীয়ে ল'ব নেকি শাসনৰ বাঘজৰী ? নে আন কোনোবা এক প্ৰভাৱশালী ৰাজনৈতিক নেতাই দখল কৰিব দিল্লীৰ মচনদ ?

কিয় নৰেন্দ্ৰ মোদীক পুনৰ প্ৰধানমন্ত্ৰী হিচাপে বিচাৰে জনতাই ? (ETV Bharat Assam)

এই সকলোবোৰৰে হিচাপ নিকাচ তথা সম্ভাৱনাৰ অন্ত পৰিব ৪ জুনত । এই‌ সন্দৰ্ভত গুৱাহাটীৰ ৰাইজ তথা সাধাৰণ ভোটাৰৰ‌ মনৰ কথা জানিবলৈ তেওঁলোকৰ কাষ চপা হৈছিল । একাংশই দেশৰ ৰাজনৈতিক পৰিৱৰ্তন বিচাৰিছে, আন একাংশই আকৌ দেশৰ ৰাজনৈতিক স্থিতাৱস্থা বাহাল থকাটো কামনা কৰিছে । একাংশই আকৌ ৰাইজৰ হিতে কাম কৰা এখন জনকল্যাণমুখী চৰকাৰ বিচাৰিছে ।

কাৰোবাৰ নৰেন্দ্ৰ মোদী প্ৰিয়, ‌কাৰোবাৰ আকৌ‌ প্ৰিয় ৰাহুল গান্ধী । ইপিনে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিন চমু চাপি অহাৰ লগে লগে, বিশেষকৈ ৰাজ্যৰ কংগ্ৰেছ আৰু বিজেপি নেতৃত্ব উদ্বিগ্ন হৈ পৰিছে । বিজেপি আৰু কংগ্ৰেছে ২০১৯ চনৰ লোকসভা নির্বাচনত জয়লাভ কৰা সমষ্টিত যদি ২০২৪ চনৰ নির্বাচনত জয়লাভ কৰিব নোৱাৰে, তেতিয়াহ'লে দুয়োটা দলৰ নেতৃত্ব শ'লঠেকত পৰাৰ ইংগিত পোৱা গৈছে ।

উল্লেখ্য যে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত অসমত কংগ্রেছে তিনিটা লোকসভা সমষ্টিত জয় নিশ্চিত কৰিছিল । এইবাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত দলটোৱে তিনিখনৰ অধিক আসন দখল কৰিবলৈ চেষ্টা কৰিছে । কংগ্ৰেছে ধুবুৰী, নগাঁও, যোৰহাট, কৰিমগঞ্জ আৰু গুৱাহাটী লোকসভা সমষ্টি দখল কৰিব পাৰিব বুলি সাংগঠনিক তথ্যত ধাৰণা কৰা হৈছে ।

২০১৯ চনৰ নিৰ্বাচনত বিজেপিয়ে অকলে ৯ টা সমষ্টি লাভ কৰিছিল । সেই হিচাপে ২০২৪ চনত বিজেপিয়ে যদি অকলে ১১ টা সমষ্টিত জয়লাভ কৰে, তেতিয়াহ'লে অসমৰ ৰাজনৈতিক ইতিহাসত বিজেপিৰ বাবে সৰ্বকালৰ অভিলেখ সৃষ্টিৰ ঘটনা সংঘটিত হ'ব । পিছে এই সকলো জল্পনা-কল্পনাৰ অন্ত পৰিব ৪ জুনতহে ।

লগতে পঢ়ক: লখিমপুৰৰ পৰা দিল্লীৰ মচনদলৈ কোন; জনতাই কি কয় ? - Lok Sabha Election 2024

যোৰহাট লোকসভা সমষ্টিৰ নিৰ্বাচনক লৈ ভয়ংকৰ প্ৰতিবেদন অগপৰ - AGP Election Report

ডিব্ৰুগড়ত বিজয় নিশ্চিত : হাস্যবদনেৰে সোণোৱালে ক’লে- 400 পাৰ হ’বই - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.