ETV Bharat / politics

লখিমপুৰৰ পৰা দিল্লীৰ মচনদলৈ কোন; জনতাই কি কয় ? - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 25, 2024, 2:15 PM IST

LS Polls 2024 : লোকসভা নিৰ্বাচনৰ ভোট গণনালৈ মাজত মাথোঁ কেইদিনমান বাকী । কোন জিকিব, কোন হাৰিব - এই লৈ এতিয়া ব্যাপক চৰ্চা । কাৰ দিল্লী যাত্রাৰ পথ প্ৰশস্ত হ'ব লখিমপুৰ লোকসভা সমষ্টিৰ পৰা ? ব্যাপক জল্পনা কল্পনা । লখিমপুৰ লোকসভা সমষ্টিৰ ভোটাৰে কি কয় এই সন্দৰ্ভত । এক প্ৰতিবেদন ।

Who will win the Lok Sabha election from Lakhimpur, Opinion of local people
লখিমপুৰৰ পৰা দিল্লীৰ মচনদলৈ কোন ? (ETV Bharat Assam)

লখিমপুৰ, ২৫ মে' : মাজত মাথোঁ ৯ টা দিন বাকী । তাৰ পিছতেই খোল খাব ষ্ট্ৰং ৰুমৰ দুৱাৰ । ষ্ট্ৰং ৰুমৰ দুৱাৰ খোলাৰ লগে লগে অসমৰ চৈধ্য জনকৈ সৌভাগ্যবান প্ৰাৰ্থীৰ দিল্লী যাত্রাৰ পথ প্ৰশস্ত হ'ব । পিছে কোন হ'ব সেই কেইগৰাকী সৌভাগ্যবান প্ৰাৰ্থী ? এই লৈ এতিয়া চলিছে ব্যাপক জল্পনা কল্পনা । ভোট গণনাৰ দিন চমু চাপি অহাৰ লগে লগে এই লৈ উৎকন্ঠা বাঢিছে । ৰাজ্যৰ চৈধ্য টা সমষ্টিৰ অন্যতম ১২ নং লখিমপুৰ লোকসভা সমষ্টিটো এতিয়া ক্ৰমাৎ উৎকন্ঠা বৃদ্ধি পাইছে ৷

লখিমপুৰৰ পৰা দিল্লীৰ মচনদলৈ কোন ? (ETV Bharat Assam)

এইবাৰ সমষ্টিটোত বিজেপি, কংগ্রেছ, তৃণমূল কংগ্রেছ, ভিপিআই, চিপিআই, এছইউচিআই আদি দলৰ প্ৰাৰ্থীৰ লগতে তিনিজন নিৰ্দলীয় প্ৰাৰ্থীসহ মুঠ ৯ জনকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল । সদ্যসমাপ্ত নিৰ্বাচনটোৰ ৰেহৰূপ প্ৰত্যক্ষ কৰি এই বাৰ সমষ্টিটোত মূল যুঁজখন কংগ্রেছ আৰু বিজেপিৰ মাজতে আৱদ্ধ থকা বুলি ৰাজনৈতিক বিশ্লেষক সকলে ধাৰণা কৰিছে ।

বিধান সভা সমষ্টি অনুসৰি ভোটদানৰ সংখ্যা :

লখিমপুৰ লোকসভা সমষ্টিৰ অন্তর্ভুক্ত হৈছে ৯ টাকৈ বিধানসভা সমষ্টি । সমষ্টিটোত মুঠ ভোটাৰৰ সংখ্যা হ'ল ১৫ লাখ ৬৯ হেজাৰ ৫৩১ জন । এই ৯ টা সমষ্টিত এইবাৰ ভোটগ্রহণৰ সংখ্যা হ'ল ৭৪ নং ৰঙা নদী সমষ্টিৰ ১ লাখ ৬৯ হেজাৰ ৮৫৫ জন ভোটাৰৰ ১ লাখ ৪৩ হেজাৰ ৪২১ জন, ৭৫ নং নাওবৈচা সমষ্টিৰ ১ লাখ ৬৮ হেজাৰ ৫১১ জন ভোটাৰৰ ১ লাখ ৩৭ হেজাৰ ৮৭৫ জন, ৭৬ নং লখিমপুৰ সমষ্টি ৰ ১ লাখ ৬৬ হেজাৰ ৫০৯ জন ভোটাৰৰ ১ লাখ ২৯ হেজাৰ ৯৭৩ জন ।

ইফালে ৭৭ নং ঢকুৱাখনা সমষ্টি ৰ ১ লাখ ৬০ হেজাৰ ৮৯৬ জন ভোটাৰৰ ১ লাখ ২৩ হেজাৰ ৫৪৫ জন, ৭৮ নং ধেমাজি সমষ্টি ৰ ১ লাখ ৭১ হেজাৰ ৬০২ জন ভোটাৰৰ ১ লাখ ২৮ হেজাৰ ৪০ জন, ৭৯ নং চিচিবৰগাও সমষ্টি ৰ ১ লাখ ৭৫ হেজাৰ ২০২ জন ভোটাৰৰ ১ লাখ ২৮ হেজাৰ ৪৯৫ জন, ৮০ নং জোনাই সমষ্টিৰ ২ লাখ ১৪ হেজাৰ ৯৫জন ভোটাৰৰ ১ লাখ ৬৩ হেজাৰ ৩৯১ জন, ৮১ নং শদিয়া সমষ্টিৰ ১ লাখ ৯৯ হেজাৰ ৬৬৫ জন ভোটাৰৰ ১ লাখ ৪১ হেজাৰ ৬৩ জন আৰু ৮২ নং ডুমডুমা সমষ্টি ৰ ১ লাখ ৪৩ হেজাৰ ১৯৬ জন ভোটাৰৰ ১ লাখ ৯ হেজাৰ ৫২৮ জন ভোটাৰে ভোটদান কৰে । সমষ্টিটোৰ মুঠ ১৫ লাখ ৭৭ হেজাৰ ২৩৪ জন ভোটাৰৰ ১২ লাখ ৫ হেজাৰ ৩৩১ জন ভোটাৰে ভোটদান কৰে ।

কোনে মাৰিব শেষ হাহি; কি কয় সাধাৰণ ৰাইজে :

স্বাধীনতাৰ পাচত সৰহভাগ সময় কংগ্রেছৰ দখলত আছিল লখিমপুৰ লোকসভা সমষ্টি । পৰৱৰ্তী সময়ত অগপয়ো দখল কৰিছিল সমষ্টিটো । শেহতীয়াকৈ এটা উপ-নিৰ্বাচনসহ তিনিটা নিৰ্বাচনত সমষ্টিটো বিজেপিয়ে দখল কৰিবলৈ সক্ষম হৈছে । এইবাৰ মূল যুঁজখন বিজেপি আৰু কংগ্রেছৰ মাজতে সীমাবদ্ধ থাকিল । সাধাৰণ ৰাইজৰ মত অনুসৰি বিজেপি দলৰ সপক্ষে জোৰদাৰ বতাহ বলি থকাৰ উপৰিও লোকসভা সমষ্টিটোত বিজেপি বিধায়কৰ সংখ্যা বেছি ।

তেনেস্থলত বিজেপিৰ সপক্ষে জনমত যোৱাৰ যদিও সম্ভাৱনা আছে ৷ বিপৰীতে কিন্তু প্ৰতিষ্ঠান বিৰোধী কাৰকেও এইবাৰ ক্ৰিয়া কৰিছে । শাসকীয় দলৰ প্ৰাৰ্থী জনৰ প্ৰতি নিমাতি কন্যাৰ অভিধা দি বিৰোধী দলে নিৰ্বাচনী যুঁজত জঁপিয়াই পৰিছিল । বিৰোধী দলৰ আভ্যন্তৰীণ কন্দলে দলীয় প্ৰাৰ্থীগৰাকীক বিপাঙত পেলোৱাৰ উপৰি শাসকীয় দলৰ প্ৰবল আক্রমণত তেওঁ জৰ্জৰিত হ'বলগীয়া হৈছিল ।

শাসকীয় দলৰ প্ৰাৰ্থীৰ হৈ দিল্লী দিছপুৰ উবুৰি খাই পৰাৰ বিপৰীতে বিৰোধী দলৰ প্ৰাৰ্থীজনে একপ্রকাৰ অকলেই নিৰ্বাচনী যুঁজত নামিছিল । আপাত দৃষ্টিত সমষ্টিটোত শাসকীয় দলৰ সপক্ষে জনমত ঢাল খাব যেন লাগিলেও প্ৰতিষ্ঠান বিৰোধী ঢৌ, বিকল্প সন্ধানকাৰী ভোটাৰৰ মানসিকতা, ঘাইকৈ নিৰ্দলীয় প্ৰাৰ্থী সকলে শাসকীয় দলৰ ভোট বিভাজন কৰাৰ সম্ভাৱনা আৰু বিৰোধী দলৰ প্ৰাৰ্থীজনৰ সবল সামাজিক স্থিতিয়ে নিৰ্বাচনী প্ৰেক্ষাপটত বিৰোধী দলৰ ভেটি মজবুত কৰাৰ সম্ভাৱনা আছে ।

সেয়ে হ'লে সমষ্টিটোত শাসক বিৰোধী দলৰ যুঁজখন শক্তিশালী হোৱা বুলি ধাৰণা কৰিব পাৰি । এই দুয়ো দলৰ প্ৰাৰ্থী দুজনৰ কোনে বিজয় মাল্য ধাৰণ কৰিব এই লৈ এতিয়া চৰ্চা চলিছে । অহা চাৰি জুনত ষ্ট্ৰং ৰুমৰ দুৱাৰ খোলাৰ পাচত সমষ্টিটো বিজেপিৰ নে কংগ্রেছৰ সেইয়া স্পষ্ট হৈ পৰিব ।

লগতে পঢ়ক: 8 জুনলৈ দৃষ্টিনিৱদ্ধ দেশবাসীৰ, অসমৰ পৰা কোন কোন যাব দিল্লীৰ মচনদলৈ? - Lok Sabha Election 2024

৪০০ৰো অধিক আসন পালে কাশী, মথুৰা আৰু জ্ঞানবাপীত মন্দিৰ স্থাপন কৰিব এন ডি এ চৰকাৰে: ড৹ শৰ্মা - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.