ETV Bharat / politics

৪০০ৰো অধিক আসন পালে কাশী, মথুৰা আৰু জ্ঞানবাপীত মন্দিৰ স্থাপন কৰিব এন ডি এ চৰকাৰে: ড৹ শৰ্মা - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 22, 2024, 10:58 PM IST

CM Himanta in Jharkhand: অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বুধবাৰে উপস্থিত হয় বোকাৰোৰ চন্দনকিয়ৰী । তেওঁ ধনবাদ লোকসভাৰ আসনৰ প্ৰাৰ্থী ধুল্লু মাহাতোৰ সপক্ষে প্ৰচাৰ চলাইছিল । ইয়াৰ মাজতে তেওঁ কয় যে যদি এন ডি এই ৪০০ৰো অধিক আসন পায়, তেন্তে কাশী আৰু মথুৰাৰ বাহিৰেও জ্ঞানবাপীতো এটা মন্দিৰ নিৰ্মাণ কৰা হ’ব ।

Lok Sabha Election 2024
CM Himanta in Jharkhand (Himanta Biswa Sarma X page)

নিউজ ডেস্ক, ২২ মে’: অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে ধনবাদ লোকসভা সমষ্টিৰ চন্দনকিয়ৰীত উপস্থিত হৈ নিৰ্বাচনী সভাত ভাষণ দিয়ে । ইয়াৰ মাজতে তেওঁ আকৌ এবাৰ কয় যে যদি এন ডি এই ৪০০ৰো অধিক আসন পায় তেন্তে তেওঁলোকে কাশী, মথুৰা আৰু জ্ঞানবাপীত মন্দিৰ নিৰ্মাণ কৰিব ।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধনবাদ লোকসভাৰ বিজেপি প্ৰাৰ্থী ধুল্লু মাহাতোৰ সমৰ্থনত ৰাজহুৱা সভাত ভাষণ দি ৰাইজক তেওঁৰ পক্ষত ভোট দিবলৈ আহ্বান জনায় । তেওঁ কয় যে ২০১৯ চনত আপোনালোকে এন ডি এক ৩০৩খন আসন দিছিল, সংখ্যা গৰিষ্ঠতাৰ ক্ষমতাতহে অযোধ্যাত ৰামলালাৰ এটা মন্দিৰ নিৰ্মাণ কৰিব পৰা গ’ল । কাশ্মীৰৰ পৰা আঁতৰাব পৰা গ’ল অনুচ্ছেদ ৩৭০ । সংখ্যাগৰিষ্ঠতাৰ ক্ষমতাৰ দ্বাৰাহে আন দেশত নিৰ্যাতিত হিন্দুসকলক নিজৰ দেশৰ নাগৰিকত্ব দিয়া হৈছে ।

লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ সুস্বাস্থ্য কামনা কংগ্ৰেছ নেতা পৱন খেড়াৰ; কিন্তু কিয় ? - Congress On Himanta Sarma

কংগ্ৰেছ আৰু ঝাৰখণ্ড মুক্তি মৰ্চাক লক্ষ্য কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে মানুহে তুষ্টিকৰণৰ ৰাজনীতি কৰে । ঝাৰখণ্ড বিধানসভাত নামাজ পঢ়িবলৈ ঠাইৰ ব্যৱস্থা কৰা হৈছে । তেওঁ প্ৰশ্ন উত্থাপন কৰে যে কিয় হিন্দুসকলক প্ৰাৰ্থনা বা হনুমান চলিছা পাঠ কৰিবলৈ ঠাই দিয়া হোৱা নাছিল । কংগ্ৰেছ হওক বা জেএমএম, সকলোৱে একেখন কাঁহীত খাদ্য খায় । তেওঁ দেশৰ স্বাৰ্থত এন ডি এৰ প্ৰাৰ্থীক জয়ী কৰিবলৈ আহ্বান জনায় ।

বিশেষ কথাটো হ’ল বুধবাৰে নিৰ্বাচন আয়োগে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু বিজেপিৰ সভাপতি জে পি নড্ডালৈ জাননী জাৰি কৰি তেওঁলোকৰ তাৰকা প্ৰচাৰকসকলক ধৰ্মীয় আৰু সাম্প্ৰদায়িক ভাষণ দিয়াত বাধা দিবলৈ অনুৰোধ জনাইছে । ইয়াৰ উপৰিও ভাষণত অগ্নিবীৰ আঁচনিৰ কথা উল্লেখ নকৰিবলৈও কোৱা হৈছে ।

লগতে পঢ়ক: পাকিস্তানলৈ গৈ মুছলমানৰ সংৰক্ষণ ব্যৱস্থা কৰক: লালু প্ৰসাদ যাদৱক উদ্দেশ্যি হিমন্ত বিশ্ব শৰ্মা - Himanta Biswa Sarma in Bihar

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.