ETV Bharat / politics

পাকিস্তানলৈ গৈ মুছলমানৰ সংৰক্ষণ ব্যৱস্থা কৰক: লালু প্ৰসাদ যাদৱক উদ্দেশ্যি হিমন্ত বিশ্ব শৰ্মা - Himanta Biswa Sarma in Bihar

author img

By ETV Bharat Assamese Team

Published : May 18, 2024, 10:13 PM IST

Himanta Biswa Sarma attacks Lalu Yadav :লালু প্ৰসাদ যাদৱক প্ৰথমে পাকিস্তানলৈ যাবলৈ কৈছে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ তাত মুছলমানৰ বাবে সংৰক্ষণ ব্যৱস্থা কৰিবলৈ কৈ টিকটোও মুখ্যমন্ত্ৰীগৰাকীয়েই কৰিব দিব বুলি কয় ৷ বিহাৰত নিৰ্বাচনী প্ৰচাৰ চলাই অসমত 700 খন মাদ্ৰাছা বন্ধ কৰাৰ কথাও ক’লে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

Himanta Biswa Sarma attacks Lalu Yadav
লালু প্ৰসাদ যাদৱক আক্ৰমণ হিমন্ত বিশ্ব শৰ্মাৰ (ETV Bharat)

নিউজ ডেস্ক, ১৮ মে’ : শনিবাৰে বিহাৰত নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ নিৰ্বাচনী প্ৰচাৰ সভাত আৰ জে ডিৰ মুৰব্বী লালু প্ৰসাদ যাদৱৰ বিৰুদ্ধে সৰৱ হোৱা দেখা গ’ল মুখ্যমন্ত্ৰীগৰাকীক ৷

মুছলমানক সংৰক্ষণ প্ৰদানৰ বিৰোধিতা কৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে লালু যাদৱ প্ৰথমে পাকিস্তানলৈ যাওক আৰু তাৰ পিচত তাত মুছলমানৰ সংৰক্ষণৰ ব্যৱস্থা কৰক ৷ বিহাৰৰ ৰঘুনাথপুৰৰ ৰাজহুৱা সভাত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ধৰ্মৰ ভিত্তিত কোনোধৰণৰ সংৰক্ষণ কৰা নহ’ব ।

তেওঁ কয়, ‘‘কিছুদিন পূৰ্বে মই লালু যাদৱৰ বক্তব্য শুনিছিলোঁ৷ য'ত তেওঁ কৈছিল যে মুছলমানে সংৰক্ষণ পাব লাগে । হিন্দুসকলে সংৰক্ষণ পোৱাৰ যোগ্য নহয় নেকি ? আম্বেদকাৰে আমাক সংবিধান দিছিল ৷ সংবিধানত উল্লেখ আছে যে অনুসূচিত জাতি, ST আৰু OBCৰহে সংৰক্ষণ হ’ব ৷ ধৰ্মৰ ভিত্তিত কোনো সংৰক্ষণ নাথাকিব ৷’’

মুছলমান ধৰ্মাৱলম্বী লোকসকলৰ বাবে সংৰক্ষণৰ পোষকতা কৰা লালু প্ৰসাদ যাদৱক উদ্দেশ্যি ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘লালু যাদৱ, যদি আপুনি মুছলমানক সংৰক্ষণ দিব বিচাৰে তেন্তে মই আপোনাক পাকিস্তানৰ টিকট কৰি দিম ৷ পাকিস্তানলৈ যাওক আৰু তাৰ পিচত তাত সংৰক্ষণ কৰক ।’’

কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশৰ উদাহৰণ দি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অভিযোগ কৰে যে এনে সংৰক্ষণৰ ব্যৱস্থাই আন পিচপৰা শ্ৰেণীৰ ক্ষতি কৰি আহিছে । তেওঁ কয় যে কৰ্ণাটকত পিচপৰা শ্ৰেণীৰ সংৰক্ষণ উঠাই লোৱাৰ পিচতহে মুছলমানৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছিল ৷

আনহাতে মুখ্যমন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয় যে সমগ্ৰ জম্মু-কাশ্মীৰক ভাৰতলৈ আনিবলৈ ভাৰতীয় জনতা পাৰ্টিক চলিত লোকসভা নিৰ্বাচনত ৪০০ খন আসনৰ প্ৰয়োজন ৷ তেওঁ কয়, ‘‘কাশ্মীৰৰ এটা অংশ পাকিস্তানত আছে । নৰেন্দ্ৰ মোদীক ৪০০ খন আসন দিয়ক, আমি পাকিস্তানৰ পৰা কাশ্মীৰ পাম । আমি অসমৰ ৭০০ খন মাদ্ৰাছা বন্ধ কৰি দিলোঁ আৰু কোনেও ইয়াৰ বিৰুদ্ধে মাত মাতিব পৰা নাছিল । কাৰণ এয়া নতুন ভাৰত । মোল্লা বনোৱাৰ দোকান খুলিবলৈ আমি নিদিও ৷ চিকিৎসক, অভিযন্তা বনাবলৈহে দিম ৷’’

তদুপৰি ড৹ শৰ্মাই কয়, ‘‘আমাক ৪০০ খন আসনৰ প্ৰয়োজন যাতে আমি ইউনিফৰ্ম চিভিল কোড আনিব পাৰো ৷ যাতে কৃষ্ণৰ জনমভূমিত মন্দিৰ নিৰ্মাণ কৰিব পাৰো ৷ জ্ঞানবাপী মন্দিৰ নিৰ্মাণ কৰিব পাৰো আৰু মুছলমানক সংৰক্ষণ বন্ধ কৰিব পাৰো ৷’’

উল্লেখ্য যে ৭ মে’ত বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আৰ জে ডিৰ মুৰব্বী লালু প্ৰসাদ যাদৱে মুছলমানৰ বাবে সংৰক্ষণৰ সমৰ্থনত মন্তব্য আগবঢ়াইছিল ৷ সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে মুছলমানসকলে সংৰক্ষণ লাভ কৰিব লাগে ৷

লগতে পঢ়ক: স্বাতী মালিৱাল আক্ৰমণ গোচৰক লৈ কেজৰিৱালক কটাক্ষ অসমৰ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.