মুখ্যমন্ত্ৰীৰ সুস্বাস্থ্য কামনা কংগ্ৰেছ নেতা পৱন খেড়াৰ; কিন্তু কিয় ? - Congress On Himanta Sarma
Pawan Khera to Himanta : "আপোনাৰ মন্তব্য শুনিলে আপোনাৰ স্বাস্থ্যৰ বিষয়ে চিন্তা হয় । কি কৰো, মোৰ দলৰ মূল্যবোধ এনেকুৱা যে আপুনি এতিয়া আমাৰ সৈতে নাথাকিলেও মই ঈশ্বৰক আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱন কামনা কৰো । ভাৰতৰ সংবিধান সম্পৰ্কে আপোনাৰ আশ্চৰ্যজনক মন্তব্য শুনি কেৱল বিচলিত হোৱাই নহয়, চিন্তিতও ।" কংগ্ৰেছ মিডিয়া কোষৰ ভাৰপ্ৰাপ্ত বিষয়া পৱন খেড়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি লিখিছে ।

Published : May 20, 2024 at 10:57 PM IST
নিউজ ডেস্ক, ২০ মে' : ৰাহুল গান্ধী আৰু চীনা সংবিধান সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ দাবীক লৈ এতিয়া দেশৰ ৰাজনীতিত তীব্ৰ চৰ্চা চলি আছে । আনহাতে, চীনৰ সংবিধানৰ প্ৰতিলিপি সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ ভাৰপ্ৰাপ্ত বিষয়া পৱন খেড়াই । মুখ্যমন্ত্ৰীলৈ লিখা এখন পত্ৰত তেওঁ ভাৰতৰ সংবিধান পঢ়িবলৈ আৰু সদায় তেওঁৰ ওচৰত ৰাখিবলৈও পৰামৰ্শ দিয়ে । পৱন খেড়াই সংবিধানৰ পকেট বুকো শ্বেয়াৰ কৰে ।
উল্লেখ্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছিল যে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে তেওঁৰ ৰেলীত ভাৰতৰ পৰিৱৰ্তে চীনৰ সংবিধানখন দেখুৱাই আছে । কংগ্ৰেছ নেতা পৱন খেড়াই সোমবাৰে সামাজিক মাধ্যমৰ জৰিয়তে তেওঁৰ এই বক্তব্যৰ প্ৰত্যুত্তৰ দিয়ে ।
পৱন খেড়াই সামাজিক মাধ্যম প্লেটফৰ্ম এক্সত লিখিছে, "ভাৰতৰ সংবিধান সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী শৰ্মাৰ অপমানজনক মন্তব্য শুনি মই আজি তেওঁলৈ ভাৰতৰ সংবিধানৰ এখন পকেট বুক সংস্কৰণ প্ৰেৰণ কৰিছো । তেওঁলৈ আহ্বান, তেওঁ যেন এইখন পঢ়ে আৰু সদায় তেওঁৰ হাত মোনাত ৰাখে ।"
কংগ্ৰেছ নেতা পৱন খেড়াই মুখ্যমন্ত্ৰীলৈ লিখা এখন পত্ৰও শ্বেয়াৰ কৰি লিখিছে, "আশাকৰো আপুনি সুস্বাস্থ্যৰে আছে আৰু নিৰ্বাচনৰ ফলাফলক লৈ বিজেপিৰ শীৰ্ষ নেতৃত্বই সন্মুখীন হোৱা উদ্বেগবোৰে আপোনাৰ স্বাস্থ্যৰ ওপৰত কোনো প্ৰভাৱ পেলাব নোৱাৰে । আপোনাৰ মন্তব্য শুনিলে আপোনাৰ স্বাস্থ্যৰ বিষয়ে চিন্তা হয় । কি কৰো, মোৰ দলৰ মূল্যবোধ এনেকুৱা যে আপুনি এতিয়া আমাৰ সৈতে নাথাকিলেও মই ঈশ্বৰক আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱন কামনা কৰো । ভাৰতৰ সংবিধান সম্পৰ্কে আপোনাৰ আশ্চৰ্যজনক মন্তব্য শুনি কেৱল বিচলিত হোৱাই নহয়, চিন্তিতও । যেতিয়া সংবিধানৰ শপত গ্ৰহণ কৰা মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী আদিয়ে বাবা চাহেব আম্বেদকাৰৰ সংবিধানক তাচ্ছিল্য কৰে, তেতিয়া দেশৰ ওপৰত বিৰাজমান বিপদৰ ক'লীয়া ডাৱৰ স্পষ্টভাৱে দেখা যায় ।"

তেওঁ লগতে লিখিছে, "আজি আপোনাক এইটো কোৱা প্ৰয়োজন যে সংবিধান আচলতে কি ? সংবিধান হৈছে সমাজৰ প্ৰতিজন ব্যক্তিৰ বাবে তেওঁলোকৰ চৰকাৰৰ স্বৈৰাচাৰী মনোভাব আৰু সমাজত ইজনে সিজনৰ অধিকাৰ বিঘ্নিত কৰাৰ প্ৰৱণতাৰ বিৰুদ্ধে এক ঢাল । ভাৰতৰ সংবিধান কঠোৰ পৰিশ্ৰমেৰে সংবিধান সভাই সমাজৰ প্ৰতিটো শ্ৰেণীক প্ৰতিনিধিত্ব কৰি লিখিছিল । ই কেৱল ১,৪৬,০০০ শব্দ বা ৪৮১ পৃষ্ঠাৰ সংকলন নহয়, এই সংবিধানত ভাৰতৰ আত্মাই বাস কৰে । ই হৈছে ভাৰতৰ প্ৰতিজন নাগৰিকৰ আকাংক্ষা আৰু আশাৰ সংকলন । আমাৰ পূৰ্বপুৰুষসকলে এই সংবিধানত ভাৰতৰ সাংস্কৃতিক ঐতিহ্য আৰু আমাৰ সভ্যতাৰ গৌৰৱময় যাত্ৰাৰ সাৰাংশ ইয়াত অন্তৰ্ভুক্ত কৰিছে ।"
আনহাতে, কংগ্ৰেছ নেতা পৱন খেড়াই গালৱান উপত্যকাত চীনা আৰু ভাৰতীয় সেনাৰ সৈতে হোৱা হিংসাত্মক সংঘৰ্ষৰ কথা উল্লেখ কৰি লিখিছে, "আপোনাৰ দল আৰু আপোনাৰ দলৰ নেতৃত্বৰ চীনৰ সৈতে সম্পৰ্ক কাৰো পৰা লুকাই থকা নাই । ২০২০ চনৰ জুন মাহত গালৱান উপত্যকাত সংঘৰ্ষৰ পিচত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমাৰ বীৰ সৈনিকসকলৰ বলিদানক অপমান কৰি চীনক যিদৰে ক্লীন চিট দিছিল, তাত আজিলৈকে সমগ্ৰ বিশ্ব আচৰিত হৈ আছে । ইতিহাসত 19 জুন, 2020 তাৰিখটো সদায় এক ক'লা দিন হিচাপে পৰিগণিত হৈ থাকিব আৰু ই সদায় প্ৰতিজন ভাৰতীয় আৰু আগন্তুক প্ৰজন্মক আঘাত কৰিব । ভাৰতৰ সংবিধানক চীনৰ সৈতে সংযুক্ত কৰি আপুনি ভাৰত, বাবা চাহেব আম্বেদকাৰ, ভাৰতৰ সংবিধান সভা আৰু প্ৰতিজন ভাৰতীয়ক কৰা অপমান ক্ষমাৰ অযোগ্য ।"
শেষত তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পত্ৰখনৰ জৰিয়তে আহ্বান জনাই কয়, "মই আপোনালৈ ভাৰতৰ সংবিধানৰ পকেট বুক সংস্কৰণ প্ৰেৰণ কৰিছোঁ । মই এটা অনুৰোধো কৰিব বিচাৰো । অনুগ্ৰহ কৰি এই সংস্কৰণটো সকলো সময়তে আপোনাৰ হেণ্ডবেগত ৰাখক । ই আপোনাক পথ দেখুৱাব । এই সংবিধানৰ পৰা আপুনি শিকিব যে চৰকাৰসমূহ সংখ্যাগৰিষ্ঠতাবাদ, সংখ্যালঘুবাদ বা ব্যক্তিবাদৰ দ্বাৰা পৰিচালিত নহয়, কিন্তু সংবিধানবাদৰ দ্বাৰা পৰিচালিত হয় ।" তেওঁ কয় ।

