ETV Bharat / politics

অসমৰ পৰা কোন কোন যাব দিল্লীৰ মচনদলৈ ? - LOK SABHA ELECTION RESULTS 2024

author img

By ETV Bharat Assamese Team

Published : May 23, 2024, 10:00 PM IST

Updated : May 24, 2024, 9:47 AM IST

LS ELECTION 2024 RESULTS: লোকসভা নিৰ্বাচন ২০২৪ ৰ ফলাফললৈ কিছুদিন বাকী আছে যদিও আসনক লৈ শাসক-বিৰোধীৰ মাজত অব্যাহত আছে হিচাপ-নিকাচ । কোন ক'ত জয়ী হ'ব তাক লৈ চলিছে সমীকৰণ । অসমত প্ৰথম তিনিটা পৰ্যায়ত অনুষ্ঠিত হৈ গ'ল লোকসভাৰ নির্বাচন । ৰাজ্যখনত ভোটদানৰ হাৰো যথেষ্ট ভাল। তিনিটা পৰ্যায়ত ৰাজ্যত ৮১.৫৬ শতাংশ ভোটদান হয় । ৰাজ্যৰ ১৪ টা লোকসভা সমষ্টিৰ পৰা কোন কোন দিল্লীলৈ যাব ? ভোটদানৰ পাছত এতিয়া ইয়াৰে চৰ্চা চলিছে । ইটিভি ভাৰতৰ সাংবাদিক মানিক কুমাৰ ৰায়ৰ এক বিশেষ প্ৰতিবেদন...

LS POLLS 2024
LOK SABHA ELECTION 2024 (ETV Bharat)

গুৱাহাটী, ২৩ মে': অহা ৪ জুনত নিৰ্বাচনৰ ফলাফল ওলাব যদিও বৰ্তমান চৰ্চাৰ অন্ত নাই । লক্ষণীয় বিষয় যে এইবাৰৰ নির্বাচনী ছবিখন স্পষ্ট হৈ নুঠিল । ১৪ টা সমষ্টিৰ ভিতৰত কোন দলে কেইখন আসন লাভ কৰিব তাক লৈ আলোচনা হৈছে যদিও এইবাৰ অসমৰ পৰিস্থিতি পূৰ্বৰ দৰে নহয় । কিয়নো এইবাৰৰ নিৰ্বাচনত প্ৰায় কেইটা সমষ্টিতে তীব্র প্রতিদ্বন্দ্বিতা হৈছে । যাৰ ফলত নিৰ্বাচনী ছবিখন আগৰ দৰে স্পষ্ট হোৱা নাই ।

আনকি শাসকীয় দলৰ মাজতে অংকৰ খেলিমেলি দেখা গৈছে । নিৰ্বাচনৰ আগৰ আৰু পাছত দৃশ্যপট সলনি হৈছে । যাৰ বাবে শাসকীয় দল বিজেপিয়েও এটা স্থিতিত অটল হৈ থাকিব পৰা নাই । ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এঘাৰটা সমষ্টিত জয় নিশ্চিত বুলি কোৱাৰ বিপৰীতে কংগ্ৰেছৰ একাংশ নেতাই ছয়টা সমষ্টিত বিৰোধীৰ জয় নিশ্চিত বুলি সদৰী কৰিছে ।

আঁচনিৰ চমকেৰে প্ৰথম অৱস্থাত বিজেপিয়ে সহজতে নির্বাচনী বৈতৰণী পাৰ হ'ব পাৰিব বুলি ধাৰণা কৰিছিল । কিন্তু নিৰ্বাচনৰ পাছত শাসকীয় দলৰ ধাৰণা সলনি হৈছে । বিশেষকৈ এইবাৰ বিজেপিৰ লক্ষ্য আছিল মহিলা ভোটাৰসকল । কিন্তু নিৰ্বাচনত মহিলাসকলে কি ভূমিকা গ্ৰহণ কৰিলে তাক লৈ বিজেপিকৰ মাজতেই সন্দেহ ৰৈ গ'ল ।

লোকসভা নিৰ্বাচনৰ বাতৰি চাবলৈ ক্লিক্ কৰক- https://www.etvbharat.com/as/!elections/election-2024

যোৰহাট লোকসভা সমষ্টি :

LS POLLS COUNTING
যোৰহাট সমষ্টিৰ মূল প্ৰাৰ্থীসকল (ETV Bharat)

যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈ আৰু ডিব্ৰুগড়ত জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ প্ৰতি ৰাইজে যি সমর্থন আগবঢ়ালে সেয়া বিজেপিৰ বাবে কল্পনাৰো অগোচৰ আছিল । প্ৰথম অৱস্থাত গেৰুৱা দলটোৱে এই দুয়োটা সমষ্টিতে সহজতে জয়ী হ'ম বুলি ভাবি আছিল যদিও শেষত পৰিস্থিতি-পৰিৱেশ যথেষ্ট সলনি হ'ল । যাৰ বাবে শাসকীয় দলটোৱে সমষ্টি দুটাত সর্বশক্তি প্রয়োগ কৰা দেখা গ'ল ।

মুখ্যমন্ত্ৰীয়ে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত সৰ্বাধিক সভা আৰু ৰেলী এই দুয়োটা সমষ্টিতে কৰিবলগীয়া হ'ল । বিশেষকৈ যোৰহাট সমষ্টিটোত মুখ্যমন্ত্ৰীৰ বাবে সন্মানৰ প্ৰশ্ন হৈ জড়িত হৈ আছে । যাৰ বাবে প্ৰচাৰৰ শেষ দিনটোতো মুখ্যমন্ত্রীয়ে সমষ্টিটোত ৰোড শ্ব' কৰিছিল । আনহাতে কেইবাজনো মন্ত্ৰীক সমষ্টিটোৰ দায়িত্ব দি যিকোনো উপায়েৰে হ'লেও সমষ্টিটো ৰক্ষাৰ দায়িত্ব দিয়া হৈছিল । যোৰহাট সমষ্টিত মূল যুঁজখন বিজেপিৰ তপন গগৈ আৰু কংগ্ৰেছৰ গৌৰৱ গগৈৰ মাজতে হৈছে যদিও কোনজন সাংসদৰ দিল্লী যোৱাৰ পথ বন্ধ হ'ব সেয়া কোৱাটো কঠিন হৈ পৰিছে । কাৰণ সমষ্টিটোত তুমুল প্ৰতিদ্বন্দ্বিতা হৈছে ।

লগতে পঢ়ক: অসমত অভিলেখ সংখ্যক ৮১.৭১% ভোটদান : ১৪ খন আসনৰ ফলাফল কি হ’ব ? - LOK SABHA ELECTION 2024

ডিব্ৰুগড় লোকসভা সমষ্টি :

LS POLLS COUNTING
ডিব্ৰুগড় সমষ্টিৰ মূল প্ৰাৰ্থীসকল (ETV Bharat)

ডিব্ৰুগড়ত বিৰোধী ঐক্য মঞ্চৰ সমৰ্থিত প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে লাভ কৰা বিপুল সঁহাৰিয়ে বিজেপিক ভবাই তুলিছে । চাহ জনগোষ্ঠীৰ ভোট বিভাজন ৰোধ কৰিবলৈ সক্ষম নোহোৱাৰ বাবে ডিব্ৰুগড়ক লৈ শংকামুক্ত হোৱা নাই শাসকীয় দলটো । যাৰ বাবে সমষ্টিটোৰ ফলাফলক লৈ কাৰো কোনো স্পষ্ট ধাৰণা হোৱা নাই ।

বিজেপিৰ হৈ অৱতীৰ্ণ হোৱা কেন্দ্ৰীয় মন্ত্রী তথা প্ৰাক্তন মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল ডিব্ৰুগড় সমষ্টিৰ পৰা অনায়াসে জয়ী হ'ব বুলি প্ৰথমে ধাৰণা কৰা হৈছিল । কিন্তু নিৰ্বাচনৰ সময়ত লুৰীণজ্যোতি গগৈৰ জনপ্ৰিয়তাই সকলোৰে ধাৰণা সলনি কৰিলে । ইফালে আম আদমী পার্টিৰ মনোজ ধানোৱাৰে চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰাত ভোটৰো বিভাজন হয়, যুঁজখন যথেষ্ট প্ৰত্যাহ্বানমূলক হৈছে । ডিব্ৰুগড়ত কোন জয়ী হ'ব সেয়া নিশ্চিতভাৱে কোৱা কঠিন ।

কৰিমগঞ্জ লোকসভা সমষ্টি :

LS POLLS COUNTING
কৰিমগঞ্জ সমষ্টিৰ মূল প্ৰাৰ্থীসকল (ETV Bharat)

সংখ্যালঘু ভোটাৰে নির্ণায়ক ভূমিকা গ্ৰহণ কৰা কৰিমগঞ্জত এইবাৰ ৰূপ সলালে । আনকি মিঞাৰ ভোট নালাগে বুলি কৈ থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ গতি-বিধি দেখি সুৰ নৰম কৰিবলৈ বাধ্য হ'ল । আনকি সংখ্যালঘু বসতি প্ৰধান অঞ্চললৈ গৈ আমাক ভোট দিয়ক বুলি প্ৰচাৰ চলাব লগীয়াও হ'ল মুখ্যমন্ত্রীয়ে । অৱশ্যে এইবাৰ হিতাধিকাৰী কিছু সংখ্যালঘু ভোটাৰে বিজেপিৰ পক্ষত ভোটদান কৰা বুলি ধাৰণা কৰা হৈছে । যাৰ বাবে সংখ্যালঘু ভোটাৰৰ ওপৰত নিৰ্ভৰশীল বিৰোধী কিছু পৰিমাণে শংকিত হৈ আছে ।

কৰিমগঞ্জ সমষ্টিতো এইবাৰ তুমুল প্রতিদ্বন্দ্বিতা হৈছে । লক্ষণীয় বিষয় যে এইবাৰ কৰিমগঞ্জ সমষ্টিৰ পৰা নিৰ্বাচন খেলিছে সৰ্বাধিক ২৪ গৰাকী প্ৰাৰ্থীয়ে । ইয়াৰ ভিতৰত ১৮ গৰাকী নিৰ্দলীয় প্ৰাৰ্থী আছে । সমষ্টিটোত বিজেপিৰ হৈ কৃপানাথ মাল্লা, কংগ্ৰেছৰ হৈ হাফিজ ৰচিদ আহমেদ চৌধুৰী আৰু এ আই ইউ ডি এফৰ হৈ চাহাবুল ইছলাম চৌধুৰীয়ে নিৰ্বাচন খেলিছে । বিগত নিৰ্বাচনত সংখ্যালঘু ভোট বিভাজন হোৱাৰ বাবে বিজেপিৰ কৃপানাথ মাল্লা জয়ী হৈছিল । তুমুল প্ৰতিদ্বন্দ্বিতা হোৱা কৰিমগঞ্জ সমষ্টিতো ছবিখন অস্পষ্ট হৈ আছে ।

লগতে পঢ়ক: নিৰ্বাচনী ফলাফলৰ অন্তত বদৰুদ্দিন আজমলক অসমৰ ৰাজনীতিত দেখা পোৱা নাযাব : অখিল গগৈ - Lok Sabha Election 2024

দৰং-ওদালগুৰি সমষ্টি :

LS POLLS COUNTING
দৰং-ওদালগুৰি সমষ্টিৰ মূল প্ৰাৰ্থীসকল (ETV Bharat)

দৰং-ওদালগুৰি সমষ্টিত কংগ্ৰেছ আৰু বিজেপিৰ মাজত মূল যুঁজখন হ'ব বুলি ভবা হৈছিল যদিও শেষ মুহূৰ্তত বি পি এফৰ প্রার্থীগৰাকীয়ে ভোটাৰৰ আস্থা বুটলিবলৈ সক্ষম হ'ল । যাৰ বাবে সমষ্টিটোত তিনিকোণীয়া প্রতিদ্বন্দ্বিতা হোৱাত বিজেপিৰ চিন্তা দুগুণে বৃদ্ধি পাইছে । সমষ্টিতোৰ পৰা ১১ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচন খেলিছে । সমষ্টিটোত বিজেপিৰ দিলীপ শইকীয়া, কংগ্ৰেছৰ মাধৱ ৰাজবংশীৰ আৰু বি পি এফৰ দুৰ্গা দাস বড়োৰ মাজত মূল যুঁজখন হৈছে । তেনেস্থলত নিশ্চিতভাৱে কোন দিল্লীলৈ যাব সেয়া স্পষ্ট হোৱা নাই ।

ধুবুৰী লোকসভা সমষ্টি :

LS POLLS COUNTING
ধুবুৰী সমষ্টিৰ মূল প্ৰাৰ্থীসকল (ETV Bharat)

লক্ষণীয়ভাৱে ধুবুৰী লোকসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় । ধুবুৰীত কংগ্ৰেছৰ ৰকিবুল হুছেইনে এ আই ইউ ডি এফৰ মুৰব্বী তথা বৰ্তমানৰ সাংসদ বদৰুদ্দিন আজমলৰ ভেটি কঁপাই তুলিবলৈ সক্ষম হয় । কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে সমষ্টিটোত দলীয় প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলায় । ইফালে ৰাইজৰ দলৰ নেতা বিধায়ক অখিল গগৈয়ে সমষ্টিটোত প্ৰচাৰ চলোৱাৰ পাছত জনসমাগম দেখি স্বাভাৱিকতে বদৰুদ্দিন আজমল শংকিত হৈ পৰে ।

অখিল গগৈৰ সভাত হাজাৰ হাজাৰ জনতাৰ অংশগ্রহণে প্ৰমাণ কৰে যে সমষ্টিটোত ভীষণ প্রতিদ্বন্দ্বিতা হোৱাৰ কথাটো । যাৰ বাবে সমষ্টি হেৰুওৱাৰ ভয়ত আজমলে সহানুভূতিৰ ভোট আদায় কৰিবলগীয়া পৰিবেশৰ সৃষ্টি হয় । সমষ্টিটোত নিৰ্বাচন খেলিছে মুঠ ১৩ গৰাকী প্ৰাৰ্থীয়ে । শাসকীয় দল বিজেপিয়ে সমষ্টিটো মিত্রদল অগপক এৰি দিছে যদিও পূৰ্বৰে পৰাই সমষ্টিটো জয়ৰ তালিকাত ৰখা নাই । অৱশ্যে অগপই আশা বাদ দিয়া নাই । অগপৰ হৈ জাবেদ ইছলামে নিৰ্বাচন খেলিছে । সমষ্টিটোত মূল যুঁজখন কংগ্ৰেছৰ ৰকিবুল হুছেইন আৰু এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমলৰ মাজতে হৈছে ।

লগতে পঢ়ক: অসমত ভোটো বাঢ়িব, আসনৰ সংখ্যাও বাঢ়িব কংগ্ৰেছৰ : ভূপেন বৰা - Lok Sabha Election 2024

গুৱাহাটী লোকসভা সমষ্টি :

LS POLLS COUNTING
গুৱাহাটী সমষ্টিৰ মূল প্ৰাৰ্থীসকল (ETV Bharat)

গুৱাহাটী লোকসভা সমষ্টিত অভিলেখ সৃষ্টি কৰি বিজেপি জয়ী হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিলেও সমষ্টিটোক লৈ শংকামুক্ত নহয় দলৰ শীৰ্ষ নেতাসকল । সাধাৰণতে গুৱাহাটী মহানগৰীৰ ভোটদানৰ হাৰ তুলনামূলকভাৱে কম হয় । ইয়াৰ বিপৰীতে সমষ্টিটোৰ গ্ৰামাঞ্চলত ভোটদানৰ হাৰ যথেষ্ট ভাল । এইবাৰ বিৰোধীৰ উমৈহতীয়া প্রার্থী হিচাপে গুৱাহাটীৰ পৰা অৱতীৰ্ণ হৈছে কংগ্ৰেছ মীৰা বৰঠাকুৰ গোস্বামী ।

মীৰা বৰঠাকুৰ গোস্বামীয়ে গ্ৰামাঞ্চলৰ ভোটাৰসকলৰ মাজত চলোৱা প্ৰচাৰ বিজেপিৰ বাবে চিন্তাৰ কাৰক হৈ পৰিল । যাৰ বাবে দলটোৱে প্রধানমন্ত্রী, কেন্দ্রীয় গৃহমন্ত্ৰীৰ দ্বাৰা গুৱাহাটীত ৰোড শ্ব' কৰাই নহয় চাৰিজনকৈ মন্ত্ৰীক গুৱাহাটীত ভোট সংগ্ৰহৰ দায়িত্ব দিছিল । ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে যে গুৱাহাটীত এইবাৰ তীব্র প্রতিদ্বন্দ্বিতা হৈছে । সমষ্টিটোৰ পৰা ৮ গৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে যদিও মূল যুঁজখন বিজেপিৰ বিজুলী কলিতা মেধি আৰু কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামীৰ মাজতে হৈছে ।

কোকৰাঝাৰ লোকসভা সমষ্টি :

LS POLLS COUNTING
কোকৰাঝাৰ সমষ্টিৰ মূল প্ৰাৰ্থীসকল (ETV Bharat)

কোকৰাঝাৰত বৰ্তমানৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ মনোনয়ন নাকচ হোৱাৰ পাছত যুঁজখন বি পি এফআৰু ইউ পি পি এলৰ মাজতে সীমাবদ্ধ হৈ থাকিল । দুয়োটা দলৰে শক্তিলৈ চাই কোনে হাঁহি মাৰিব সেয়া কোৱাটো সহজ হৈ থকা নাই । সমষ্টিটোৰ পৰা মুঠ ১২ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচন খেলিছে । বি পি এফৰ খাম্ফা বৰগয়াৰী আৰু ইউ পি পি এলৰ জয়ন্ত বসুমতাৰীৰ মাজত মূল যুঁজখন হৈছে যদিও কংগ্ৰেছৰ গৰ্জন মুছাহাৰীও এগৰাকী শক্তিশালী প্ৰাৰ্থী । অবড়োৰ ভোটৰ ওপৰতো প্ৰাৰ্থী সকলৰ ভৱিষ্যত যথেষ্ট পৰিমাণে নিৰ্ভৰ কৰি ব। কাৰণ পূৰ্বতে অবড়োৰ ভোটৰ যোগেদি নৱ কুমাৰ শৰণীয়া জয়ী হৈছিল ।

লগতে পঢ়ক: ১৪ খন আখনৰ ১৩ খনেই বিজেপি মিত্ৰজোঁটৰ দখলত থাকিব: ভৱেশ কলিতা - Lok Sabha Election 2024

বৰপেটা লোকসভা সমষ্টি :

LS POLLS COUNTING
বৰপেটা সমষ্টিৰ মূল প্ৰাৰ্থীসকল (ETV Bharat)

বৰপেটা লোকসভা সমষ্টিৰ এইবাৰৰ যুঁজখন যথেষ্ট আকৰ্ষণীয় হৈছে । সংখ্যালঘুৰ অধিপত্য থকা সমষ্টিটো সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত সংখ্যাগুৰুৰ অধীনলৈ আহে । যাৰ ফলত সমষ্টিটোৰ ৰূপৰেখা সলনি হৈ পৰে । কংগ্ৰেছে বৰ্তমানৰ সাংসদ আব্দুল খালেকক টিকট নিদি দীপ বায়নক টিকট দিয়ে । বিজেপিয়ে সমষ্টিটো মিত্রদল অগপক এৰি দিয়ে আৰু অগপই বিধায়ক ফণীভূষণ চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰে ।

ইফালে বিৰোধী ঐক্য মঞ্চত থকাৰ পিছতো সমষ্টিটোৰ পৰা নিৰ্বাচন খেলিছে চি পি আই এমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে । মুঠ ১৪ গৰাকী প্ৰাৰ্থীয়ে সমষ্টিটোত নিৰ্বাচন খেলিছে । সমষ্টিটোত চৰ্চিত আন এগৰাকী প্ৰাৰ্থী হৈছে দুলু আহমেদ । অসম জাতীয় পৰিষদৰ পৰা টিকট নাপাই তেওঁ নিৰ্দলীয়ভাৱে অৱতীৰ্ণ হয় । বৰপেটা সমষ্টিটো তুমুল প্ৰতিদ্বন্দ্বিতা হৈছে ।

কাজিৰঙা লোকসভা সমষ্টি :

LS POLLS COUNTING
কাজিৰঙা সমষ্টিৰ মূল প্ৰাৰ্থীসকল (ETV Bharat)

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত নতুনকৈ হোৱা কাজিৰঙা সমষ্টিৰ পৰা নিৰ্বাচন খেলিছে ১১ গৰাকী প্ৰাৰ্থীয়ে । চাহ জনগোষ্ঠীৰ ভোটাৰৰ বিশেষ প্ৰাধান্য থকা সমষ্টিটোত মূল যুঁজখন জনগোষ্ঠীটোক প্ৰতিনিধিত্ব কৰা দুই প্ৰাৰ্থীৰ মাজতে হৈছে । কাজিৰঙা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হৈছে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্রসাদ তাছা আৰু কংগ্ৰেছৰ প্ৰাৰ্থী হৈছে প্ৰাক্তন বিধায়িকা ৰ'জলীনা তির্কী । সমষ্টিটোত বিজেপিৰ স্থিতি ভাল যদিও কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে প্ৰত্যাহ্বানৰ সৃষ্টি নকৰাকৈ থকা নাই ।

শোণিতপুৰ লোকসভা সমষ্টি :

LS POLLS COUNTING
শোণিতপুৰ সমষ্টিৰ মূল প্ৰাৰ্থীসকল (ETV Bharat)

আঠগৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হোৱা শোণিতপুৰ সমষ্টিত মূল যুঁজখন বিজেপি আৰু কংগ্ৰেছৰ মাজতে হোৱা বুলি ধাৰণা কৰা হৈছে যদিও আম আদমী পাৰ্টিৰ ঋষিৰাজ কৌণ্ডিন্যয়ো যথেষ্ট জন সমৰ্থন আদায় কৰিবলৈ সক্ষম হৈছে । চাহ জনগোষ্ঠীৰ বিশেষ প্ৰাধান্য থকা সমষ্টিটোত জনগোষ্ঠীটোক প্ৰতিনিধিত্ব কৰা প্ৰাৰ্থীগৰাকী হৈছে কংগ্ৰেছৰ প্ৰেমলাল গঞ্জু । সমষ্টিটোত বিজেপিৰ স্থিতি যথেষ্ট ভাল আৰু বিজেপিৰ প্ৰাৰ্থী বিধায়ক ৰঞ্জিত দত্তৰ অনায়াসে ওলাই যাব বুলি ধাৰণা কৰা হৈছে । কিন্তু চাহ জনগোষ্ঠীৰ ভোটখিনিকলৈ শংকা নথকা নহয় । ইপালে আম আদমী পাৰ্টীৰ ঋষিৰাজ কৌণ্ডিন্যয়ো কিছু ভোট লাভ কৰাৰ সম্ভাৱনা আছে । তেনেস্থলত সমষ্টিটোত শাসকীয় দলৰ বাবে প্ৰত্যাহ্বান নথকা নহয় ।

লগতে পঢ়ক: ৪ তাৰিখৰ ভোট গণনাত বিজেপি নেতা-কৰ্মীয়ে খেলিমেলি কৰাৰ শংকা কংগ্ৰেছৰ - Lok Sabha Election 2024

লখিমপুৰ লোকসভা সমষ্টি :

LS POLLS COUNTING
লখিমপুৰ সমষ্টিৰ মূল প্ৰাৰ্থীসকল (ETV Bharat)

লখিমপুৰ সমষ্টিতো মূল যুঁজখন বিজেপি আৰু কংগ্ৰেছৰ মাজতে সীমাবদ্ধ আছে । সমষ্টিটোত নিৰ্বাচন খেলিছে ৯ গৰাকী প্ৰাৰ্থীয়ে । লখিমপুৰত বৰ্তমানৰ সাংসদ প্ৰদান বৰুৱাৰ বিপৰীতে আছে বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰা উদয় শংকৰ হাজৰিকা । কংগ্ৰেছত যোগদান কৰিয়েই টিকট লাভ কৰা উদয় শংকৰ হাজৰিকাৰ সমষ্টিটোত যথেষ্ট ভাল স্থিতি আছে । যাৰ পৰিপ্ৰেক্ষিতত বিজেপিৰ বাবে কিছু প্ৰত্যাহ্বান হ'ব বুলি ধাৰণা কৰা হৈছে । উল্লেখ্য যে লখিমপুৰ সমষ্টিটো ২০১৪ চনৰ পৰা বিজেপিৰ দখলত আছে আৰু এইবাৰো বিজেপিয়ে সমষ্টিটো নিজৰ দখলৰ ৰাখিব বুলি ধাৰণা কৰা হৈছে ।

ডিফু লোকসভা সমষ্টি :

LS POLLS COUNTING
ডিফু সমষ্টিৰ মূল প্ৰাৰ্থীসকল (ETV Bharat)

পাহাৰীয়া সমষ্টিটোত এইবাৰ নিৰ্বাচন খেলিছে পাঁচগৰাকী প্ৰাৰ্থীয়ে । সমষ্টিটোত আছে কংগ্ৰেছৰ জয়ৰাম ইংলেং, বিজেপিৰ অমৰছিং তিছ', এ এছ ডি চিৰ জৎছন বে', গণ সুৰক্ষা পার্টীৰ জন বাৰ্নাড চাংমাই আৰু নিৰ্দলীয় প্ৰাৰ্থী জন ইংতি কাথাৰ । ডিফুত বিজেপি আৰু কংগ্ৰেছৰ মাজত যুঁজ হৈছে যদিও এ এছ ডি চি আৰু নিৰ্দলীয় হিচাপে অৱতীৰ্ণ হোৱা জন ইংতি কাথাৰৰ বিশেষ জনসমৰ্থন আছে । তেনেস্থলত কিছু ভোট বিভাজন হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি ।

শিলচৰ লোকসভা সমষ্টি :

LS POLLS COUNTING
শিলচৰ সমষ্টিৰ মূল প্ৰাৰ্থীসকল (ETV Bharat)

আঠগৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হোৱা শিলচৰ লোকসভা সমষ্টিত বিজেপিৰ জয়ৰ সম্ভাৱনা আছে যদিও প্ৰত্যাহ্বান নথকা নহয় । বিজেপিৰ বৰ্তমানৰ মন্ত্রী পৰিমল শুক্লবৈদ্যৰ বিপৰীতে আছে কংগ্ৰেছৰ সূৰ্যকান্ত সৰকাৰ আৰু তৃণমূল কংগ্ৰেছৰ ৰাধেশ্যাম বিশ্বাস । তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীও যথেষ্ট শক্তিশালী । ২০১৪ চনত তেওঁ এ আই ইউ ডি এফৰ হৈ কৰিমগঞ্জ লোকসভা সমষ্টিৰ পৰা জয়ী হৈছিল । অৱশ্যে বিগত নিৰ্বাচনত তেওঁ পৰাভূত হৈছিল । ভোট বিভাজন হ'লেও কৰিমগঞ্জত বিজেপিৰ ফলাফল ভাল হোৱাৰ সম্ভাৱনা বেছি ।

লগতে পঢ়ক: ৪০০ৰো অধিক আসনত জয়ী হ’ব বিজেপি; আত্মবিশ্বাসেৰে ক’লে জেপি নাড্ডাই - Lok Sabha Election 2024

নগাঁও লোকসভা সমষ্টি :

নগাঁও সমষ্টিৰ পৰা এইবাৰ নিৰ্বাচন খেলিছে ১৩ গৰাকী প্ৰাৰ্থীয়ে । লক্ষণীয় বিষয় যে চৰ্চাত থকা এটা সমষ্টিৰ ভিতৰত হৈছে নগাঁও লোকসভা সমষ্টি । য’ত প্ৰচাৰ চলাবলৈ তিনিটাকৈ ৰাজনৈতিক দলে উৰুৱাইছিল হেলিকপ্টাৰ । শাসকীয় দল বিজেপি আৰু বিৰোধী কংগ্ৰেছৰ সমানে সমষ্টিটোত ব্যাপক প্ৰচাৰ চলাইছিল এ আই ইউ ডি এফ দলে ।

সমষ্টিটোত কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ, বিজেপিৰ সুৰেশ বৰা আৰু এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামৰ মাজত যুঁজখন হোৱা বুলি ধাৰণা কৰা হৈছে । লক্ষণীয় বিষয় যে নগাঁৱত সংখ্যালঘু ভোটাৰৰ বিশেষ প্ৰাধান্য আছে । তেনেস্থলত সমষ্টিটোত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱাটো স্বাভাৱিক । কংগ্ৰেছৰ বাবে জয়ী হোৱাটো তেনেই সহজ হৈ থকা নাই ।

যুৱ ভোটাৰৰ বিশেষ ভূমিকা : মন কৰিবলগীয়া কথা যে এইবাৰ নিৰ্বাচনত যুৱপ্ৰজন্মৰ ভোটাৰে এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে । যুৱ ভোটাৰসকলে বিবেকক অগ্ৰাধিকাৰ দি কোনো ৰাজনৈতিক দলতকৈ যোগ্য প্রার্থীক প্রাধান্য দি ভোটদান কৰা পৰিলক্ষিত হৈছে । যাৰ বাবে নিৰ্বাচনৰ সম্ভাৱনা আৰু ফলাফল ভবা ধৰণে নোহোৱাটোৱে স্বাভাবিক । নিৰ্বাচনী সমীকৰণ শাসক-বিৰোধী কাৰো বাবে সহজ হৈ থকা নাই । ভোটাৰৰ মনৰ কথা ধাৰণা কৰাটো সহজ নহয় । কঠিন হৈ পৰিছে । ইফালে মধ্য আৰু নিম্ন মধ্য শ্ৰেণী বহু ভোটাৰে শাসক পক্ষই ভবা ধৰণেৰে ভোটদান কৰা নাই । কেতবোৰ সমষ্টিত ভোটাৰে দলতকৈ প্ৰাৰ্থীক অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হয় ।

লগতে পঢ়ক: ৪০০ৰো অধিক আসন পালে কাশী, মথুৰা আৰু জ্ঞানবাপীত মন্দিৰ স্থাপন কৰিব এন ডি এ চৰকাৰে: ড৹ শৰ্মা - Lok Sabha Election 2024

Last Updated : May 24, 2024, 9:47 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.