ETV Bharat / politics

অসমত অভিলেখ সংখ্যক ৮১.৭১% ভোটদান : ১৪ খন আসনৰ ফলাফল কি হ’ব ? - LOK SABHA ELECTION 2024

author img

By ETV Bharat Assamese Team

Published : May 8, 2024, 9:57 AM IST

Updated : May 8, 2024, 11:21 AM IST

POLL PERCENTAGE IN ASSAM : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মতে অসমত কি হ’ব ফলাফল ? বিৰোধীক কেইখন আসন দিছে মুখ্যমন্ত্ৰীয়ে ? অসমত তৃতীয় পৰ্যায়ত ৪ খন আসনৰ কেইখনত জয়ী হ’ব বিজেপি ? চাওক এই প্ৰতিবেদনত

Assam witnessed 81.72% vote
অসমত অভিলেখ সংখ্যক ৮১.৭১% ভোটদান (ETV Bharat Assam)

গুৱাহাটী, 8 মে’ : অসমত 14 খন লোকসভা আসনৰ কিমানখন পাব শাসকীয় দল বিজেপিয়ে ? কিমানখন আসন যাব বিৰোধীৰ হাতলৈ ? কি কয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ? অসমত শেষ পৰ্যায়ত হোৱা চাৰিখন আসনৰ নিৰ্বাচনৰ লগে লগে ৰাজ্যৰ 14 খন আসনতে শেষ হ’ল লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ পৰ্ব ।

এতিয়া চৰ্চাৰ বিষয় হ’ল অসমৰ 14 খন আসনৰ কোন দলে কিমানখন আসন লাভ কৰিব ?

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত অসমত মঙলবাৰে হৈ যোৱা ভোটগ্ৰহণৰ পিচত 4 খন আসনৰ 3 খনতে বিজয় সাব্যস্ত কৰিব বিজেপিয়ে ৷ এখন আসনত দেখা-দেখি কাৰণত প্ৰতিদ্বন্দ্বিতা হ’ব - ভোটগ্ৰহণ শেষ হোৱাৰ পিচত নিশালৈ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দাবী কৰে এই কথা ।

মঙলবাৰে অসমৰ চাৰিটা সমষ্টি গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰত সম্পন্ন হয় তৃতীয় পৰ্যায় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ ৷ তাৰপিচতে এক অভিলেখ সংখ্যক হাৰত দেশৰ ভিতৰতে সৰ্বাধিক হাৰত ভোটদান হয় অসমত । তৃতীয় পৰ্যায়ত অসমত 81.71% ভোটদান হয় । এই হাৰ দেশৰ ভিতৰতে সৰ্বাধিক হিচাপে পৰিগণিত হৈছে । সমগ্ৰ দেশত তৃতীয় পৰ্যায়ত ভোটদানৰ হাৰ হৈছে 64.58 শতাংশ ।

চাৰিটা সমষ্টিৰ ভিতৰত বৰপেটাত 81.07%, ধুবুৰীত 86.80%, গুৱাহাটীত 75.67% আৰু কোকৰাঝাৰত 80.44% ভোটদান হয় । চাৰিওটা সমষ্টিৰ ভিতৰত ধুবুৰী সমষ্টিত সৰ্বাধিক ৮৬.৮০ শতাংশ ভোটদান হয় ৷

ভোটদানৰ পাচত নিশা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই 4 টা সমষ্টিক লৈ সামাজিক মাধ্যমযোগে মতামত প্ৰকাশ কৰিছে ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে দাবী কৰিছে, "আজিৰ ভোটদানৰ পৰা জনা গৈছে যে, এতিয়ালৈকে আটাইকেইটা পৰ্যায়ৰ নিৰ্বাচনত এন ডি এয়ে সৰ্বোত্তম গতি ধৰি ৰাখিবলৈ সক্ষম হৈছে । অসমত হৈ যোৱা চাৰিটা সমষ্টিৰ ভোটগ্ৰহণত এন ডি এয়ে 3 খন আসনত জয় লাভ কৰিব । চতুৰ্থখন আসনত প্ৰতিদ্বন্দ্বিতা হ’ব আৰু এয়া নিশ্চিত" ৷

মন কৰিবলগীয়া যে, 19 এপ্ৰিলত অসমত হৈ যোৱা প্ৰথম পৰ্যায়ৰ 5 খন আসনৰ 5 খনতেই বিজেপিয়ে জয় লাভ কৰিব বুলি ভোটগ্ৰহণৰ পিছতেই মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিল ৷

আনহাতে, যোৱা 26 এপ্ৰিলত হৈ যোৱা শিলচৰ, কৰিমগঞ্জ, নগাঁও, ডিফু আৰু দৰং-ওদালগুৰি- এই 5 টা সমষ্টিৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ পিচতে মুখ্যমন্ত্ৰীয়ে সদৰী কৰিছিল যে, দ্বিতীয় পৰ্যায়ৰ 5 টা সমষ্টিৰ 4 টাতে বিজেপিয়ে বিপুল ভোটত আগবাঢ়ি আছে আৰু এখনত বিশেষ কাৰণত তুমুল প্ৰতিদ্বন্দ্বিতা হৈছে ৷ অৰ্থাৎ প্ৰথম পৰ্যায়ত 5 খন, দ্বিতীয় পৰ্যায়ত 4 খন আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণত 3 খনত আসন এন ডি এ-ৰ পক্ষত থাকিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰিছিল ৷

সেই অনুসৰি, মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ তিনিওটা পৰ্যায়ৰ ভোটগ্ৰহণৰ পিচত কৰা তিনিওটা মন্তব্য পৰ্যালোচনা কৰিলে ক’ব পৰা যায় যে, ৰাজ্যখনত বিজেপি মিত্ৰজোঁটৰ পক্ষত 12 খন আসন থাকিব ৷ এই কথা খোদ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই আশা কৰিছে ৷ অসমৰ 14 খন আসনৰ ভিতৰত মাত্ৰ 2 খন আসনহে নিজৰ সমীকৰণত বিৰোধীলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এৰিছে বুলি দাবী কৰে ৷

লগতে পঢ়ক: ভোটদানৰ শীৰ্ষত অসম, সৰ্বনিম্ন স্থানত মহাৰাষ্ট্ৰ - Lok Sabha Election 2024

Last Updated : May 8, 2024, 11:21 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.