ETV Bharat / politics

ভোটদানৰ শীৰ্ষত অসম, সৰ্বনিম্ন স্থানত মহাৰাষ্ট্ৰ - Lok Sabha Election 2024

Lok Sabha Election Voter Turnout : 75.01 শতাংশ ভোটদানেৰে শীৰ্ষত আছে অসম ৷ সৰ্বনিম্ন স্থানত মহাৰাষ্ট্ৰ ৷ 94 টা সমষ্টিত ভোটগ্ৰহণ হোৱাৰ কথা আছিল যদিও 93 টা সমষ্টিতহে অনুষ্ঠিত হ’ল ৷

Lok Sabha Election voter turnout
ভোটদানৰ শীৰ্ষত অসম, সৰ্বনিম্ন স্থানত মহাৰাষ্ট্ৰ (ETV Bharat)
author img

By ANI

Published : May 7, 2024, 9:01 PM IST

নিউজ ডেস্ক, 7 মে’: মঙলবাৰে দেশৰ 11 খন ৰাজ্যত অনুষ্ঠিত হ’ল তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন ৷ উক্ত নিৰ্বাচনত সৰ্বাধিক ভোটদান সাব্যস্ত হয় অসমত ৷ অসমত ভোটদানৰ হাৰ 75.01 শতাংশৰ বিপৰীতে 53.95 শতাংশ ভোটদানেৰে সৰ্বনিম্ন স্থানত থাকে মহাৰাষ্ট্ৰ ৷

শেহতীয়া তথ্য অনুসৰি তৃতীয় পৰ্যায়ত লোকসভা নিৰ্বাচন অনুষ্ঠিত আন ৰাজ্যসমূহৰ ভোটদানৰ শতাংশ হৈছে- বিহাৰত 56.55 শতাংশ, ছত্তীশগড়ত 66.94 শতাংশ, গোৱাত 74.00 শতাংশ, গুজৰাটত 56.21 শতাংশ, কৰ্ণাটকত 66.80 শতাংশ, মধ্য প্ৰদেশত 62.79 শতাংশ, উত্তৰ প্ৰদেশত 57.04 শতাংশ আৰু পশ্চিমবংগত 73.93 শতাংশ ।

  • " class="align-text-top noRightClick twitterSection" data="">

আনহাতে শেহতীয়া তথ্য অনুসৰি কেন্দ্ৰীয় শাসিত অঞ্চল দাদৰা আৰু নগৰ হাভেলি, দমন আৰু দিউত ৬৫.২৩ শতাংশ ভোটদান হৈছে ।

উল্লেখ্য যে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত প্ৰায় 120 গৰাকী মহিলাসহ 1300 ৰো অধিক প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হয় । মুঠ ১৭.২৪ কোটি ভোটাৰে ১.৮৫ লাখ ভোটকেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে যোগ্য আছিল ।

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত দেশৰ কেবাগৰাকীও হেভীৱেইট প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়৷ তেওঁলোকৰ ভিতৰত আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু দিগ্বিজয় সিং, অসামৰিক বিমান পৰিবহন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডৱিয়া, সমাজবাদী পাৰ্টিৰ নেতা ডিম্পল যাদৱ আৰু এনচিপি (এছপি)ৰ নেতা সুপ্ৰিয়া চুলে ।

মন কৰিবলগীয়া যে আজি নিৰ্বাচন অনুষ্ঠিত হোৱা ৯৩ খন আসনৰ ভিতৰত ৭২ খন আসনেই ২০১৯ ৰ সাধাৰণ নিৰ্বাচনত বিজেপিয়ে লাভ কৰিছিল ।

তৃতীয় পৰ্যায়ত 94 খন লোকসভা আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও 93 খনতহে অনুষ্ঠিত কৰা হয় । জম্মু-কাশ্মীৰৰ অনন্তনাগ-ৰাজৌৰী লোকসভা আসনৰ বাবে ভোটগ্ৰহণ ২৫ মে’তহে অনুষ্ঠিত হ'ব ৷ উল্লেখ্য যে ১৯ এপ্ৰিলৰ পৰা ১ জুনলৈকে দেশত সাতটা পৰ্যায়ত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’ব । ভোটগগণা কৰা হ’ব ৪ জুনত ।

লগতে পঢ়ক: পদুমৰ চিনত ভোট দিব নোৱাৰিলে হিমন্ত বিশ্ব শৰ্মাই

লগতে পঢ়ক: কিয় ভোটৰ দিনাই অশোক শৰ্মাৰ ওপৰত খড়্গহস্ত হ’ল দিলীপ শইকীয়া

লগতে পঢ়ক: এফালে মাতৃক হেৰুওৱাৰ বেদনা, আনফালে দেশ মাতৃৰ প্ৰতি দায়ৱদ্ধতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.