ETV Bharat / politics

পদুমৰ চিনত ভোট দিব নোৱাৰিলে হিমন্ত বিশ্ব শৰ্মাই - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 7, 2024, 5:18 PM IST

Himanta Biswa Sarma: পদুমৰ চিনত ভোট দিবলৈ নাপালে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ ওড়িশা, পশ্চিমবংগ আৰু অন্ধ্ৰ প্ৰদেশত নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ কংগ্ৰেছ আৰু ইণ্ডি এয়ালেন্সে মুছলমানসকলক পিছ দুৱাৰেদি সংৰক্ষণ দিয়াৰ বাবে প্ৰচেষ্টা চলাই আছে বুলি ক’লে মুখ্যমন্ত্ৰীয়ে ৷

Himanta Biswa Sarma
আমিনগাঁৱত ভোটাধিকাৰ সাব্যস্ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (ETV Bharat Assam)

গুৱাহাটী, ৭ মে’: শান্তিপূৰ্ণভাৱে অসমত তিনিওৱা পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ যোৱা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ বেয়া বাকযুদ্ধও নোহোৱাকৈ নিৰ্বাচন পাৰ হৈ যোৱা বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে ৷ ইয়াৰ বাবে অসমৰ ৰাইজৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ আসনৰ সন্দৰ্ভত এতিয়া কোনো মন্তব্য নকৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ই ভি এমত ৰাইজে যি কৰিব লাগে কৰিলে ৷

শান্তিপূৰ্ণভাৱে অসমত নিৰ্বাচন সম্পন্ন হোৱাৰ পিচত মুখ্যমন্ত্ৰীগৰাকীয়ে আন তিনিখন ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যাব বুলি সদৰী কৰে ৷ 9 মে’ত ওড়িশা, 10 মে’ত পশ্চিম বংগ আৰু 11 মে’ত অন্ধ্ৰ প্ৰদেশত মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ চলাব বুলি জানিবলৈ দিয়ে ৷

মঙলবাৰে ৰাজ্যৰ অন্তিম পৰ্যায়ৰ নিৰ্বাচনত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই আমিনগাঁও হাইস্কুলৰ ভোটগ্ৰহণ কেন্দ্ৰৰ ২২৪ নং খণ্ডত ভোটাধিকাৰ সাব্যস্ত কৰে ৷ বিয়লি ৩ বজাত মুখ্যমন্ত্ৰীগৰাকীৰ লগতে তেওঁৰ পৰিয়ালৰ সদস্যসকলেও একেলগে কেন্দ্ৰটোতে ভোটাধিকাৰ সাব্যস্ত কৰে ৷ সাধাৰণ‌ ভোটাৰৰ লগত শাৰীপাতি ভোটাদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ তেওঁ কয়, ‘‘ পূৰ্বতে পদুমত ভোট দিছিলোঁ, এইবাৰ মোৰ সমষ্টিত পদুমৰ চিন নাই । যাৰ বাবে পদুমক ভোট দিব পৰা নাই ।’’

উল্লেখযোগ্য যে আমিনগাঁও হাইস্কুলৰ ভোটগ্ৰহণ কেন্দ্ৰটো ভোটগ্ৰহণ কেন্দ্ৰটো পূৰ্বতে গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত আছিল । সমষ্টি পুনৰ্নিদ্ধাৰণৰ পিচত ভোটগ্ৰহণ কেন্দ্ৰটো বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত হয় । এই ভোটগ্ৰহণ কেন্দ্ৰটো ১৩০৬ ভোটাৰ আছে ।

ভোটদান কৰিয়েই সংবাদ মাধ্যমনৰ সন্মুখত ড৹ শৰ্মাই কয় যে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বেহে তেওঁ ফলাফলৰ সন্দৰ্ভত নিজৰ ক’বলগীয়াখিনি ক’ব ৷ ইফালে প্ৰথম দুটা পৰ্যায়ৰ নিৰ্বাচনত অসমত প্ৰায় 80 শতাংশ ভোটদান হোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনতো কমেও 80 শতাংশ ভোটদান হ’ব বুলি আশা প্ৰকাশ কৰে ৷ অসমৰ ৰাইজে এক ভাৰতক সমৰ্থন কৰিব বুলি আশা প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সেই ভাৰত বৰ্ষ বিশ্বগুৰুৰ লগতে অমৃত কালৰ লক্ষ্যত উপনীত হ’ব ৷

অসমৰ মানুহে যে গণতান্ত্ৰিক ব্যৱস্থাত পৰিপক্ক তাৰ‌ পৰিচয় দাঙি ধৰিছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ ভোটদান প্ৰক্ৰিয়াত বৃহৎসংখ্যক অসমৰ নতুন ভোটাৰ আৰু বয়োজ্যষ্ঠ ভোটাৰে অংশগ্ৰহণ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ মানুহে উন্নয়নৰ বাবে ভোট দিছে । যোৱা এট দশক ধৰি উন্নয়ন হৈছে ।

আনহাতে চতুৰ্থ পৰ্যায়ত গুৰুত্বপূৰ্ণ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া বিহাৰ, উত্তৰ প্ৰদেশ, অন্ধ্ৰ প্ৰদেশতো বিজেপি লক্ষ্যত উপনীত হ’ব বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ আনহাতে লালু প্ৰসাদ যাদবে মঙলবাৰে মুছমানসকলৰ সংৰক্ষণ সম্পৰ্কত কৰা মন্তব্যৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয, ‘‘ কংগ্ৰেছ আৰু ইণ্ডি এয়ালেন্সে মুছলমানসকলক পিছ দুৱাৰেদি সংৰক্ষণ দিয়াৰ বাবে প্ৰচেষ্টা চলাই আছে ৷ সেয়া আমি আগৰে পৰা অভিযোগ কৰি আছিলো । আজি লালু প্ৰসাদ যাদৱৰ মন্তব্যৰ পৰা সেয়া সঁচা বুলি‌ প্ৰমাণিত হ'ল ।’’

লগতে পঢ়ক: লক্ষ্য লোকসভা : EVM ত বুটাম টিপি গণতন্ত্ৰৰ সৰ্ববৃহৎ উৎসৱত অংশগ্ৰহণ কেবাগৰাকী প্ৰাৰ্থীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.