ETV Bharat / politics

নিৰ্বাচনী ফলাফলৰ অন্তত বদৰুদ্দিন আজমলক অসমৰ ৰাজনীতিত দেখা পোৱা নাযাব : অখিল গগৈ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 8, 2024, 7:43 PM IST

ASSAM POLITICS : দাদাগিৰি-গুণ্ডামি কৰা আদি জমিদাৰৰ চৰিত্ৰটো আজমলৰ এতিয়ালৈকে একেবাৰে নাইকিয়া হৈ যোৱা নাই ৷ সেই অহংকাৰটো আছে বাবেই আজমলে আবোল-তাবোল বকি আছে বুলি মন্তব্য অখিল গগৈৰ ৷ ধুবুৰীত বদৰুদ্দিন আজমল জিকিব নোৱাৰাটো খাটাং বুলি দাবী কৰে বিধায়কজনে ৷

LOK SABHA ELECTION 2024
বদৰুদ্দিন আজমলক সমালোচনা অখিল গগৈৰ (ETV BHARAT ASSAM)
আজমলে আবোল-তাবোল বকি আছে বুলি মন্তব্য অখিল গগৈৰ (ETV BHARAT ASSAM)

গুৱাহাটী, 8 মে' : "ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ জমিদাৰী শেষ ৷ নিৰ্বাচনী ফলাফলৰ অন্তত বদৰুদ্দিন আজমলক অসমৰ ৰাজনীতিত দেখা পোৱা নাযাব ৷"- এই মন্তব্য শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ ৷ অসমত তিনিটা পৰ্যায়ত সমাপ্ত হোৱা লোকসভা নিৰ্বাচনৰ প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি সংবাদ মাধ্যমৰ আগত এইদৰে কয় বিধায়কগৰাকীয়ে ৷

ধুবুৰীত বদৰুদ্দিন আজমল জিকিব নোৱাৰাটো খাটাং বুলি সদৰী কৰি তেওঁ কয় যে ডাঙৰ ডাঙৰ কথা কোৱা, দাদাগিৰি-গুণ্ডামি কৰা আদি জমিদাৰৰ চৰিত্ৰটো আজমলৰ এতিয়ালৈকে একেবাৰে নাইকিয়া হৈ যোৱা নাই ৷ সেই অহংকাৰটো আছে বাবেই আজমলে আবোল-তাবোল বকি আছে ৷ নিৰ্বাচনী ফলাফল ঘোষণাৰ পাচতে আজমলক অসমৰ ৰাজনীতিত কোনো দিন পোৱা নাযাব বুলি প্ৰকাশ কৰি তেওঁ কয় যে আজমলৰ ৰাজনীতি শেষ হৈ যাব ৷ এই নিৰ্বাচনত আজমলৰ সংসদীয় ৰাজনীতি শেষ হৈ যাব ৷ 2026 চনত অসমৰ ৰাজনীতিৰ পৰা এ আই ইউ ডি এফ দলটোৰ বিদায় হ'ব বুলি তেওঁ কয় ৷

বিদায় সমাগত বাবেই আজমলে অসংলগ্ন কথা কোৱাটো স্বাভাৱিক বুলি বিধায়ক অখিল গগৈয়ে লগতে কয় ৷ ধুবুৰীত বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী জয়ী হোৱাটো নিশ্চিত বুলি সদৰী কৰি তেওঁ কয় যে কোকৰাঝাৰত বিজেপিৰ মিত্ৰদল ইউ পি পি এল জয়ী হ'ব নোৱাৰে ৷ আনহাতে বৰপেটাৰ প্ৰসংগত তেওঁ কয়- "আমাৰ তিনিজন প্ৰাৰ্থী থকা বাবে অলপ টেনচনত আছো যদিও আমাৰে ভাল হ'ব ৷"

বিধায়কজনে লগতে কয় যে এইবাৰ মোদী ঢৌ সম্পূৰ্ণ ৰূপে নাই আৰু মানুহে পৰিৱৰ্তন এটা বিচাৰিছে ৷ এইবাৰ দেশত মোদীৰ বিদায় হ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে বিজেপিয়ে দুশৰ বেছি আসন লাভ নকৰে ৷ লগতে ৰাইজৰ দলৰ সভাপতিজনে কয় যে এইবাৰ বিজেপিৰ বিদায় হ'ব আৰু নতুন চৰকাৰ আহিব ৷ নতুন চৰকাৰ আহিলে ভাৰতীয় সংবিধান সুৰক্ষিত হ'ব ৷ ধুবুৰীত কোনো প্ৰতিদ্বন্দ্বিতা নহয় বুলি দাবী কৰি তেওঁ কয় যে ৰকিবুল হুছেইন তিনিৰ পৰা পাঁচ লাখ ভোটৰ ব্যৱধানত জয়ী হ'ব ৷

লগতে পঢ়ক : অসম কংগ্ৰেছৰ X একাউণ্টৰ নতুন নাম টেচলা ইভেণ্ট; কিন্তু কিয়? - APCC Twitter Account

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.