ETV Bharat / state

অসম কংগ্ৰেছৰ X একাউণ্টৰ নতুন নাম টেচলা ইভেণ্ট; হৈছে কিয়? - APCC twitter account

author img

By ETV Bharat Assamese Team

Published : May 8, 2024, 5:46 PM IST

Updated : May 8, 2024, 7:00 PM IST

APCC x account: হেক হ’ল অসম কংগ্ৰেছৰ X একাউণ্টটো ৷ বিজেপি জড়িত থকাৰ সন্দেহ প্ৰদেশ কংগ্ৰেছৰ ৷

Why the Assam Congress Twitter handle changed its name to the Tesla event; BJP is suspected to be involved
অসম কংগ্ৰেছৰ টুইটাৰ হেণ্ডেলৰ নাম সলনি হৈ হ’ল টেচলা ইভেণ্ট; কিন্তু কিয়? (Etv bharat assam)
প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল (Etv bharat assam)

গুৱাহাটী, 8 মে': হেক হ’ল 'অসম কংগ্ৰেছ'ৰ নামত থকা টুইটাৰ একাউণ্টটো ৷ বুধবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেলযোগে এই কথা অৱগত কৰে প্ৰদেশ কংগ্ৰেছে ৷ এই কাণ্ডৰ সৈতে বিজেপি জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছে ।

সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ আই টি চেলৰ অধ্যক্ষ ৰাতুল কলিতাই কয়, "আজি পুৱা 'অসম কংগ্ৰেছ'ৰ টুইটাৰ হেণ্ডেলটো হেক হৈছে । হেক কৰাৰ পাছত অসম কংগ্ৰেছৰ টুইটাৰ হেণ্ডলৰ নাম টেচলা ইভেণ্ট কৰা হৈছে । এই কাৰ্যৰ সৈতে বিজেপি জড়িত আছে বুলি সন্দেহ কৰিছো ৷ ইয়াৰ আঁৰত গভীৰ ষড়যন্ত্র ।"

ঘটনা সন্দৰ্ভত ভঙাগড় থ‍ানাত গোচৰ দিয়াৰ কথা সদৰী কৰি কলিতাই কয়, "আজিৰ ভিতৰত যদি অসম কংগ্ৰেছৰ টুইটাৰ হেণ্ডেলটো উদ্ধাৰ নহয় তেন্তে এই কাৰ্য মুখ্যমন্ত্রীৰ নিৰ্দেশত হোৱা বুলি ভাবিম । জনসমৰ্থন হেৰুৱাই বিজেপিয়ে নানান কূট-কৌশল ৰচনা কৰিছে । বিভিন্ন ঠাইত কংগ্ৰেছ কৰ্মীৰ ওপৰত আক্ৰমণৰ দৰে ঘটনাও বিজেপিয়ে সংঘটিত কৰিছে ।"

হেক হোৱা অসম কংগ্ৰেছৰ টুইটাৰ হেণ্ডেলত বৰ্তমান সময়ত প্ৰকাশ পোৱা পোষ্টবোৰৰ সৈতে কংগ্ৰেছ দল জড়িত নহয় বুলি কলিতাই সংবাদ মাধ্যমযোগে স্পষ্ট কৰি দিয়ে ।

সংবাদমেলখনত প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা উপস্থিত থাকি নিৰ্বাচন প্ৰসংগত কয়, "অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনৰ মঙলবাৰে সামৰণি পৰে । তৃতীয় পৰ্যায়ত 81 % ভোটদান হৈছে ৷ সমূহ ভোটাৰ ৰাইজলৈ কৃতজ্ঞতা জনাইছো । সংবিধান তথা গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত ৰাইজ ওলাই অহাটো ভাল লক্ষণ ।

সমান্তৰালভাবে, বৰাই সংবাদমেলখনত কংগ্ৰেছৰ বাবে ভাল খবৰ আহি আছে আৰু এই ভাল খবৰ ৰাইজক প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অৱগত কৰিব বুলি উল্লেখ কৰে । সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ কেইবাগৰাকী নেতাও উপস্থিত আছিল ।

লগতে পঢ়ক: নিৰ্বাচনী বিধি উলংঘা কৰিছে মীৰা বৰঠাকুৰে; ভৱেশ কলিতাৰ অভিযোগ - Lok Sabha Election 2024

Last Updated : May 8, 2024, 7:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.