ETV Bharat / politics

১৪ খন আখনৰ ১৩ খনেই বিজেপি মিত্ৰজোঁটৰ দখলত থাকিব: ভৱেশ কলিতা - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 9, 2024, 9:47 PM IST

LOK SABHA SEATS IN ASSAM : প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত 10 টা সমষ্টিয়েই বিজেপি মিত্ৰজোঁটে দখল কৰিব বুলি দাবী কৰে ভৱেশ কলিতাই ৷ কোকৰাঝাৰত প্ৰতিদ্বন্দ্বিতা হৈছে যদিও বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীজনেই জয়লাভ কৰিব বুলি উল্লেখ কৰি তেওঁ ধুবুৰীৰ আসনখন এতিয়াও ধূসৰ হৈ আছে বুলি মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতিয়ে ৷

LOK SABHA SEATS IN ASSAM
ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ প্ৰতিক্ৰিয়া (ETV BHARAT ASSAM)

লোকসভা নিৰ্বাচনক লৈ ভৱেশ কলিতাৰ প্ৰতিক্ৰিয়া (ETV BHARAT ASSAM)

গুৱাহাটী, 9 মে’ : লোকসভা নিৰ্বাচনত প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হোৱা ডিব্ৰুগড় সমষ্টিত কোনো প্ৰতিদ্বন্দ্বিতা হোৱা নাছিল, কোনো প্ৰতিদ্বন্দ্বী নাছিল ৷ ডিব্ৰুগড় লোকসভা সমষ্টিত সৰ্বানন্দ সোণোৱাল বিশাল ব্যৱধানত নিৰ্বাচিত হ’ব ৷ এই দাবী ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ ৷ লোকসভা নিৰ্বাচনক লৈ বৃহস্পতিবাৰে বাজপেয়ী ভৱনত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভৱেশ কলিতাই এই মন্তব্য কৰে ৷

ৰাজ্যিক বিজেপিৰ সভাপতিজনে কয় যে, যোৰহাট সমষ্টিতো তপন কুমাৰ গগৈ বৃহৎ ব্যৱধানত নিৰ্বাচিত হ’ব ৷ তেওঁ লগতে কয় যে, কাজিৰঙা লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা নাছিলেই ৷ তাত কামাখ্যা প্ৰসাদ তাছা বিপুল ভোটত জয়ী হ’ব ৷ লখিমপুৰত বিৰোধীৰ নিমাও-মাও পৰিৱেশ ৷ শোণিতপুৰত বিৰোধী নাছিলেই বুলি উল্লেখ কৰি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে পাঁচ খন আসনেই দখল কৰিব বুলি দাবী কৰে ভৱেশ কলিতাই ৷

ইফালে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনতো শিলচৰ, ডিফু আৰু দৰং-ওদালগুৰিত কোনো প্ৰতিদ্বন্দ্বী নাছিল বুলি মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৷ লগতে কৰিমগঞ্জ আৰু নগাঁৱত প্ৰতিদ্বন্দ্বীতা হ’ব বুলি উল্লেখ কৰি এই দুয়োটা সমষ্টিত কম ব্যৱধানত বিজেপি প্ৰাৰ্থী কেইজন জয়ী হ’ব বুলি কয় তেওঁ ৷ আনহাতে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত 10 টা সমষ্টিয়েই বিজেপি মিত্ৰজোঁটে দখল কৰিব বুলি দাবী কৰে ভৱেশ কলিতাই ৷ লগতে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনতো জনতাই ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীক বিপুল ভোটত নিৰ্বাচিত কৰিছে বুলি দাবী কৰে তেওঁ ৷ কোকৰাঝাৰত প্ৰতিদ্বন্দ্বিতা হৈছে যদিও বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীজনেই জয়লাভ কৰিব বুলি উল্লেখ কৰি তেওঁ ধুবুৰীৰ আসনখন এতিয়াও ধূসৰ হৈ আছে বুলি মন্তব্য কৰে ভৱেশ কলিতাই ৷

লগতে পঢ়ক : অসম চিকিৎসা মহাবিদ্যালয়ত ছিণ্ডিকেটৰ অভিযোগ বিজেপি নেতাৰ - Allegation Against AMCH

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.