ETV Bharat / state

অসম চিকিৎসা মহাবিদ্যালয়ত ছিণ্ডিকেটৰ অভিযোগ বিজেপি নেতাৰ - Allegation against AMCH

author img

By ETV Bharat Assamese Team

Published : May 8, 2024, 9:59 PM IST

Updated : May 9, 2024, 3:03 PM IST

Assam Medical College and Hospital: চৰকাৰী সুবিধা থাকিলেও সেই সুবিধা গ্ৰহণ কৰিবলৈ নিদিয়ে ৷ একাংশ চিকিৎসক আৰু কৰ্মচাৰীৰ বিৰুদ্ধে এই অভিযোগ বিজেপিৰ জিলা সভাপতিৰ ৷

Assam Medical College and Hospital
অসম চিকিৎসা মহাবিদ্যালয়ত চিণ্ডিকেটৰ অভিযোগ (Etv Bharat Assam)

ডিব্ৰুগড়, 8 মে’: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্যখণ্ডৰ উন্নয়ন কৰাৰ লগতে ৰোগীৰ বাবে সকলো চিকিৎসাৰ পৰীক্ষা-নিৰীক্ষা চৰকাৰী চিকিৎসালয়ত বিনামূলীয়া কৰাৰ উপৰিও কম মূল্যৰ কৰাৰ সুবিধা কৰা হৈছে বুলি কৈ আহিছে ৷ এই সম্পৰ্কত ৰাজ্যৰ স্বাস্থ্য বিভাগে দিছে ৰঙীণ বিজ্ঞাপন ।

তেনে সময়ত উত্তৰ-পূৰ্বাঞ্চলৰ চিকিৎসাৰ প্ৰাণকেন্দ্ৰ অসম চিকিৎসা মহাবিদ্যালয়ত এতিয়া মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য বিভাগে কৈ থকা বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে । অসম চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰচ’ৰাত এতিয়া কমিছনৰাজ চলাৰ অভিযোগ উত্থাপিত হৈছে । সাধাৰণ ৰোগীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ।

অভিযোগ অনুসৰি একাংশ চিকিৎসক আৰু কৰ্মচাৰীয়ে কমিছনৰ অংকত AMCH ৰ চৌহদৰ বাহিৰৰ একাংশ লেৱৰেটৰীত পৰীক্ষা আৰম্ভ কৰিছে । যিসমূহ পৰীক্ষা অসম চিকিৎসা মহাবিদ্যালয়তে উপলব্ধ হৈ আছে ৷

চৰকাৰে প্ৰদান কৰা HIVৰ পৰীক্ষাৰ পৰা আৰম্ভ কৰি বহু বিনামূলীয়া চিকিৎসা সেৱাৰ পৰীক্ষাৰ ক্ষেত্ৰতো অসম চিকিৎসা মহাবিদ্যালয়ৰ একাংশ চিকিৎসক আৰু কৰ্মচাৰীয়ে কমিচনৰাজৰ বাবেই দালালৰ জৰিয়তে ব্যক্তিগত পৰীক্ষাগাৰত কৰোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ যাৰ জৰিয়তে সাধাৰণ ৰোগীসকলৰ পৰা লক্ষ লক্ষ টকা আহৰণ কৰাৰ অভিযোগো উত্থাপিত হৈছে ।

আনহাতে দীৰ্ঘদিনৰ পৰা পৰীক্ষাগাৰসমূহত এনে লুন্ঠনৰাজ আৰু অনিয়ম সংঘটিত অহাৰ লগতে এই ক্ষেত্ৰত জিলা প্ৰশাসন আৰু অসম চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ নিমাত হৈ থকাৰ অভিযোগ উত্থাপিত হৈছে । এনে অনিয়মৰ বিৰুদ্ধে এতিয়া সৰৱ হৈ পৰিছে ডিব্ৰুগড় বিজেপিৰ জিলা সভাপতি উজ্বল কাশ্যপ ।

খোদ জিলা বিজেপিৰ সভাপতিগৰাকীয়ে অসম চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত চলি থকা কেতবোৰ ভয়ংকৰ অনিয়ম পোহৰলৈ আনিছে । ব্যক্তিগৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰীক এনে দুষ্টচক্ৰৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে । তদুপৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ AMCH ৰ একাংশৰ চিকিৎসকৰ কমিচনৰাজৰ নথি-পত্ৰ প্ৰেৰণ কৰা বুলিও জিলা সভাপতিগৰাকীয়ে জানিবলৈ দিছে ।

ৰাজ্য চৰকাৰে যাতে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় চৌহদৰ ওচৰত গঢ়ি উঠা পৰীক্ষাগাৰসমূহ বন্ধ কৰাৰ ব্যৱস্থা কৰে তাৰো দাবী জনাইছে জিলা বিজেপিৰ সভাপতিগৰাকীয়ে । তদুপৰি অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা লগতে চি চি টিভিৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে, যাতে কোনোধৰণে ৰোগীৰ পৰীক্ষা নথি-পত্ৰ ব্যক্তিগত পৰীক্ষাগাৰলৈ দালাল চক্ৰই আনিব নোৱাৰে ।

উল্লেখ্য যে অসম চিকিৎসা মহাবিদ্যালয়ত সম্প্ৰতি সকলো ৰোগৰ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিছে চৰকাৰে । খোদ বিজেপিৰ জিলা সভাপতিৰ এই অভিযোগৰ পিচত এতিয়াও অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষ আৰু ৰাজ্য চৰকাৰে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষ্যণীয় হ'ব ।

আনহাতে অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙ্গীয়াই ই টিভি ভাৰতৰ ডিব্ৰুগড়ৰ সংবাদদাতাক জানিবলৈ দিয়ে যে সমগ্ৰ ঘটনা ইতিমধ্যে জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক আৰু স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াক অনুষ্ঠানিকভাৱে অৱগত কৰোৱা হৈছে ।

পূৰ্বে এনে অভিযোগ উত্থাপন হোৱা পিচতেই কেবাজনো দালালক আটক কৰা হৈছিল যদিও দুই এদিনতে পুনৰ মুকলি আকাশৰ তললৈ ওলাই আহি একেই কামৰ পুনৰাবৃত্তি কৰে । সেয়ে আৰক্ষীক এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা বুলি জানিবলৈ দিছে অসম চিকিৎসা মহাবিদ্যালয় অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙ্গীয়াই ।

লগতে পঢ়ক: আৰ্থিক দুৰৱস্থাৰ বাবে চিকিৎসাৰ পৰা বঞ্চিত কিশোৰ: বিচাৰিছে মুখ্যমন্ত্ৰীৰ সহায়

Last Updated : May 9, 2024, 3:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.