ETV Bharat / state

আৰ্থিক দুৰৱস্থাৰ বাবে চিকিৎসাৰ পৰা বঞ্চিত কিশোৰ: বিচাৰিছে মুখ্যমন্ত্ৰীৰ সহায় - Deprived From Treatment

author img

By ETV Bharat Assamese Team

Published : May 8, 2024, 5:22 PM IST

Youth seeks help from CM: অসহায় মাতৃয়ে পুত্ৰক বিচনাতেই শুৱাই থৈছে । কাৰণ ব্ৰেইন টিউমাৰত আক্ৰান্ত পুত্ৰক চিকিৎসা কৰিবলৈ তেওঁৰ হাতত নাই ধন । পুত্ৰৰ উন্নত চিকিৎসাৰ বাবে চৰকাৰৰ লগতে ৰাইজৰ সহায়ৰ হাত বিচাৰি কৰিছে হাহাকাৰ ।

Etv BharatYouth seeks help from CM
ব্ৰেইন টিউমাৰত আক্ৰান্ত কিশোৰ (ETV BHARAT ASSAM)

মৰাণ, ৮ মে': দৰিদ্ৰ ৰাইজৰ চিকিৎসাৰ বাবে ৰাজ্য চৰকাৰে এখনৰ পাছত আন এখন অভিলাষী আঁচনি ঘোষণা কৰি ৰঙীণ বিজ্ঞাপন প্ৰকাশ কৰিছে । কিন্তু ৰাজ্য চৰকাৰৰ এই আঁচনি সমূহ কিমান কাৰ্যকৰী হৈছে তাক লৈ প্ৰশ্নৰ অৱতাৰণা হৈছে । কিয়নো এই আঁচনিৰ পৰা আজিও বহুতেই লাভ কৰা নাই সুবিধা । তেওঁলোকক এই আঁচনিয়ে আজিও ঢুকি পোৱা নাই । এগৰাকী অসহায় মাতৃয়ে পুত্ৰৰ উন্নত চিকিৎসাৰ বাবে জনোৱা আহ্বানেই এই ছবিখন প্ৰতিফলিত কৰিছে ।

ডিব্ৰুগড়ৰ এগৰাকী অসহায় মাতৃয়ে পুত্ৰৰ উন্নত চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাৰ লগতে স্থানীয় বিধায়ক তথা মন্ত্ৰী বিমল বড়া আৰু সুহৃদয়বান লোকৰ পৰা বিচাৰিছে সহায় । জিলাখনৰ হালমাৰী চাহ বাগিচাৰ পথাৰ লাইনৰ নিবাসী প্ৰয়াত কমল তাঁতীৰ ১৬ বছৰীয়া পুত্ৰ আশিস তাঁতীয়ে ‘ব্ৰেইন টিউমাৰ’ত আক্ৰান্ত হোৱাৰ পিচতেই হাহাকাৰ লাগিছে দুখীয়া পৰিয়ালটোত । হালমাৰী চাহ বাগিচাৰ শ্ৰমিক তথা আশিস তাঁতীৰ মাতৃ নিহা তাঁতীয়ে পুত্ৰৰ উন্নত চিকিৎসাৰ বাবে চৰকাৰৰ লগতে ৰাইজৰ সহায়ৰ হাত বিচাৰি হাহাকাৰ কৰিবলগীয়া পৰিস্থিতি সৃষ্টি হৈছে ।

নিহা তাঁতীয়ে এই প্ৰসংগত উল্লেখ কৰি কয় যে পুত্ৰক ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা গ্ৰহণৰ বাবে নিয়াৰ পিছত বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ অন্তত চিকিৎসকে কিশোৰজনৰ ‘ব্ৰেইন টিউমাৰ’ হোৱাৰ বিষয়ে নিশ্চিত হয় । অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকে লগতে উন্নত চিকিৎসাৰ বাবে ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ নিবলৈ পৰামৰ্শ আগবঢ়ায় ।

ইয়াৰপিচতেই দৰিদ্ৰ পৰিয়ালটোৱে চিকিৎসাৰ পৰিৱৰ্তে ধনৰ অভাৱত বিনা চিকিৎসাই পুত্ৰক কেইবাদিনো ধৰি ঘৰৰ বিচনাতে শুৱাই ৰাখিবলগীয়া হৈছে । এনে পৰিস্থিতিত স্বামীহাৰা মহিলা তথা আশিস তাঁতীৰ মাতৃ নিহা তাঁতীয়ে পুত্ৰৰ উন্নত চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰীৰ লগতে স্থানীয় বিধায়ক আৰু সুহৃদয়বান লোকৰ সহায় বিচাৰিছে । যদি কোনো হৃদয়বান লোকে এই কিশোৰজনক সহায়ৰ হাত আগবঢ়াব খোজে তেন্তে ।NIHA TANTI, A/C NO 2044010063063, IFSC PUNB0204420, PUNJAB NATIONAL BANK, BAMUNBARI BRANCH নম্বৰত ধন জমা দিব পাৰিব ।

লগতে পঢ়ক:Deprived Fro Treatment In Rangia: আৰ্থিক দুৰৱস্থাৰ বাবে চিকিৎসাৰ পৰা বঞ্চিত

A Tragic Life Story: দুৰ্ঘটনাত আহত যুৱকে বিচনাতে কটাইছে দুৰ্বিসহ জীৱন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.